• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনিমেষ হত্যা: মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰোজক বাঁহনিৰ মাজৰ পৰা গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2021 8:56 am
2.6k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰোজ অৱশেষত আৰক্ষীৰ জালত পৰিল।

অভিযোগ অনুসৰি এই ক’লা ল’ৰাৰ নেতৃত্ব আৰু উচটনিতে কালি যোৰহাটত একাংশ লোক গণ হিষ্টৰিয়াৰ চিকাৰ হৈছিল আৰু আছু নেতা অনিমেষৰ লগতে তেওঁৰ ওপৰত বৰ্বৰ ভাবে জঁপিয়াই পৰিছিল।

ড্ৰাগছৰ সৈতে জৰিত বুলি সন্দেহ কৰা ক’লা ল’ৰা দাসৰ পিতৃ মোহন দাসেই কালি ক’লা ল’ৰাক মাতি আনি ঘটনাক অন্য ৰূপ দিছিল।

ক’লা ল’ৰাই কালি অনিমেষক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ পিছতে পলাতক অৱস্থাত আছিল।

অৱশেষত আজি আৰক্ষীয়ে বৰিগাঁৱৰ বাঁহনিৰ মাজত লুকাই থকা অৱস্থাত ক’লা ল’ৰাক গ্ৰেপ্তাৰ কৰে।

ইয়াকেলৈ এতিয়ালৈকে যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ১৩ জন হলগৈ। ক’লা ল’ৰাৰ লগতে আন দোষীসকলৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে সচেতন মহলে।

উল্লেখ্য কালি যোৰহাটৰ মাজমজিয়াত বিয়লিৰ ভাগত গণপ্ৰহাৰত নিহত হৈছে এগৰাকী স্থানীয় আছু নেতা ।
নিহত ছাত্ৰ নেতা গৰাকীৰ নাম অনিমেষ ভূঞা।

বিয়লিৰ ভাগত মোহন দাস নামৰ এজন লোকে মদ খাই দুৰ্ঘটনাত পতিত হোৱাত লোক জনক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে অনিমেষ আৰু তেওঁৰ লগত থকা আন তিনি জন বন্ধুক একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

অনিমেষ আৰু আন তিনি জন যুৱকৰ বাবেই লোক জন দুৰ্ঘটনাত পতিত হোৱা বুলি অভিযোগ কৰিয়েই একাংশ লোকে তেওঁলোকক গণপ্ৰহাৰ কৰে।

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা নিৰ্মল চাৰিআলি পৰ্যন্ত প্ৰায় ২০-২৫ মিনিট ধৰি যুৱক কেইজনক গণপ্ৰহাৰ কৰা হয়।

ফলত লগে লগে মৃত্যু ঘটে আছু নেতা অনিমেষ ভূঞাৰ।

নিহত ছাত্ৰ অনিমেষ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল।

ঘটনাটোত অনিমেষৰ লগত থকা এটা বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাও আহত হয়।
যুৱককেইজনৰ ঘৰ গোলাঘাটত।গোলাঘাটৰ পৰা বিশেষ কামত তেওঁলোক যোৰহাটলৈ গৈছিল।

আৰক্ষীয়ে ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি কালিলৈকে ছজন লোকক আটক কৰিবলৈ সক্ষম হৈছিল। আজি গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ১৩ জন হয়গৈ।

ছাত্ৰ নেতা জনৰ লগতে আন তিনিজন যুৱকক প্ৰায় ৫০ জন লোকে গণপ্ৰহাৰ কৰিছিল।

তাৰ ভিডিঅ’ ফুটেজো এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইমানৰ পিছতো আৰক্ষীয়ে মাত্ৰ কেইজনমান লোককহে আটক কৰিবলৈ সক্ষম হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ।

যোৰহাট আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন ক্ৰমে বিতুপন দাস, সুভাষ বৰা, বিক্ৰম দাস, অবিনাশ বৰা, দেৱ দাস আৰু মোহন দাস।
বৰ্তমান যোৰহাট আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

সোমবাৰে বিয়লি যোৰহাটত সংঘটিত হোৱা নিৰ্মম গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অসম জোকাৰিছে।
সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটৰ এই কাণ্ডৰ উচিত তদন্ত বিচাৰিছে। আছুৱে লগতে ঘটনাৰ মূল অভিযুক্তক সোনকালে কৰায়ত্ব কৰাৰ দাবী তুলিছে।

ইপিনে অবিনাশ ভূঞাৰ মৃতদেহ তেওঁৰ দেৰগাঁৱৰ ঘৰলৈ অনা হৈছে।

মৃতদেহ আহি পোৱাৰ লগে লগে দেৰগাঁৱতো এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মৃত অনিমেষৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

তেওঁ অনিমেষৰ পৰিয়ালৰ কোনো লোকক চৰকাৰে সংস্থাপন দিব বুলিও কথা দিয়ে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd