• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে নিগেটিভ ওলালেও ৭ দিনৰ কুৱাৰেণ্টাইন বাধ্যতামূলক

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 5, 2021 9:37 pm
Assam new COVID SOP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকা, বটছুৱানা, ঘানা, হংকঙ, ইংলেণ্ড, ইটালী, ইজৰাইল, জাৰ্মানী, কানাডা, পৰ্টুগাল আদিকে ধৰি বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্ৰমন ধৰা পৰা ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ ভাৰততো উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক’ভিড সম্পৰ্কীয় এক নতুন SOP আজি জাৰি কৰে ৰাজ্য চৰকাৰে।

ভাৰত চৰকাৰৰ অ’মিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত অসমত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং SOP প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নিশা এই কথা ঘোষণা কৰে।

Apply Now

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অ’মিক্ৰন সম্পৰ্কীয় এই SOP অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কুৱাৰেণ্টাইনত থাকিব লাগিব।

আনহাতে, ক’ভিড প’জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব।

বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক’ভিডৰ আৰটি পিচিআৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে। বিমানবন্দৰত এই ক’ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ’ব। অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব।

বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী প্ৰধানকৈ বিমানবন্দৰেৰে অহাৰেই অধিক সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ থকা ৰাজ্যখনৰ প্ৰতিখন জিলা প্ৰশাসনক এনে যাত্ৰীক বিমানবন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও SOP ৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই সদৰি কৰে।

ৰাজ্যত অ’মিক্ৰনৰ সংক্ৰমন প্ৰতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন SOP খনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হৈছে:

১/ অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰ সুবিধা’ প’ৰ্টেলত স্ব-ঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড ইৰটিপিচিআৰ পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব। তদুপৰি, ইৰটিপিচিআৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব।

২/ বিমানত উঠাৰ পূৰ্বেই এয়াৰ সুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কুৱাৰেণ্টাইনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্ব-ঘোষণা দাখিল কৰিব লাগিব।

৩/ ইতিমধ্যে অ’মিক্ৰনৰ সংক্ৰমন ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব।

৪/ বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব।

৫/ বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd