• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোঁমৰফাঁক: ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস

অভিযানৰ বাবে আৱণ্টিত ৮০ শতাংশ ধন খৰচ কৰা হৈছে কেৱল বিজ্ঞাপনত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 10, 2021 8:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সঘনে উচ্চাৰিত হৈ অহা এষাৰি বাক্যই হৈছে ‘বেটী বাচাও, বেটী পঢ়াও’।

ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰি চৰকাৰে মহিলাসৱলীকৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছিল যদিও অভিযানটোৱে যে বাস্তৱ অৰ্থৎ বিশেষ কোনো মহিলাৰেই সৱলীকৰণত সহায় কৰা নাই সেয়া এতিয়া স্পষ্ট হৈ পৰিছে।

Apply Now

কাৰণ ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বাবে আৱণ্টিত বিশাল ধনৰাশিৰ ৮০ শতাংশ ধনেই খৰচ কৰা হৈছে কেৱল বিজ্ঞাপনৰ নামত।

অৰ্থাৎ মোদীৰ চৰকাৰকে বিজ্ঞাপনৰ চমকেৰেই দেশৰ মহিলাসকলৰ উন্নয়ন সাধিব বিচাৰিছে। এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়। এই বিষয়টো পোহৰলৈ আহিছে খোদ সংসদীয় সমিতিৰ প্ৰতিবেদনৰ জৰিয়তেই।

শেহতীয়াকৈ মহিলা সৱলীকৰণ সম্পৰ্কীয় সংসদীয় সমিতিয়ে লোকসভাত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে যে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত আৱণ্টিত ধনৰ ৭৮.৯১ শতাংশ ধন খৰচ কৰা হৈছে কেৱল বিজ্ঞাপন প্ৰকাশৰ নামত।

এনে চমক সৃষ্টিকাৰী বিজ্ঞাপন প্ৰকাশ তথা সম্প্ৰচাৰ কৰা হৈছে দেশৰ টেলিভিছন চেনেল, বাতৰিকাকত আদিত। ইয়াৰ লগতে বেনাৰ, পোষ্টাৰ, হ’ৰ্ডিং, লিফলেট আদিৰ নামতো পানীৰ দৰে খৰচ কৰা হৈছে ধন।

সংসদীয় সমিতিয়ে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত অহা ধনৰ ৮০ শতাংশই বিজ্ঞাপনৰ নামত খৰচ কৰাৰ বিষয়টোত সেয়ে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে এই বিষয়ত চৰকাৰক সতৰ্ক কৰি দিয়াও পৰিলক্ষিত হৈছে

সংসদীয় সমিতি খনৰ অধ্যক্ষা হীনা বিজয় কুমাৰ গাভিটে প্ৰতিবেদন খনত চৰকাৰক সতৰ্ক কৰি দি কৈছে যে এতিয়ালৈকে যি হ’ল হ’ল, ভৱিষ্যতে যাতে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ ধন কেৱল বিজ্ঞাপনত খৰচ নকৰি মহিলাৰ শিক্ষা-স্বাস্থ্য আদিৰ উন্নয়নতহে অধিক পৰিমাণে খৰচ কৰা হয়।

প্ৰণিধানযোগ্য কথাটো হ’ল ভাৰতত লিংগ বৈষম্য দূৰ কৰিবলৈ ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল ‘বেটী বাচাও, বেটী পঢ়াও’ শীৰ্ষক অভিযান। কেন্দ্ৰীয় চৰকাৰে এই অভিযানৰ নামত বিশাল পৰিমাণৰ ধনো মঞ্জুৰ কৰিছিল। কিন্তু সেই ধনেৰে মহিলাৰ প্ৰকৃত উন্নয়ন সাধন কৰাৰ সলনি বিজ্ঞাপনৰ লেপনেৰে জনতাক প্ৰকৃত ছবি খন প্ৰত্যক্ষ কৰাৰ পৰা বিৰত কৰোৱা হ’ল।

উল্লেখ্য ২০১৬-১৯ বিত্তীয় বৰ্ষত এই অভিযানৰ বাবে কেন্দ্ৰই আৱণ্টন দিছিল ৪৪৬.৭২ কোটি টকা। কিন্তু ধনৰ ৭৮.৯১ শতাংশই প্ৰকৃত উন্নয়নৰ সলনি খৰচ কৰা হ’ল কেৱল বিজ্ঞাপনৰ নামত। এক কথাত কবলৈ গ’লে মদীৰ চৰকাৰে বিজ্ঞাপনৰ জৰিয়তেই মহিলাৰ সৱলীকৰণ সম্ভৱ কৰি তুলিলে!

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নিৰ্বাচিত একোখন জিলাত বছৰি ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বিজ্ঞাপনৰ বাবদ ৫০ লাখ টকাহে খৰচ কৰিব পাৰি। কিন্তু চমক সৃষ্টিৰ প্ৰৱণতা ইমানেই বাঢ়ি গ’লে যে সেই ৫০ লাখ টকাৰ সীমা চেৰাই কোটি কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰা হ’ল।

মোদীৰ চৰকাৰ ২০১৪-২০১৫ ৰ পৰা ২০১৯-২০ বষলৈ ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বাবে চৰকাৰে আৱণ্টন দিছিল ৮৪৮ কোটি টকা। কিন্তু সেই ধনৰো সদ্ব্যৱহাৰ হৈ নুঠিল।

আৱণ্টিত ধনৰ মাত্ৰ ১৫৬.৪৬ কোটি টকা (২৫.১৩ শতাংশ) হে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত অঞ্চল সমূহে ব্যৱহাৰ কৰিব পাৰিছে। এই কথাৰ পৰাই প্ৰমাণ হয় যে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানক চৰকাৰে কিমান সহৃদয়তাৰে গ্ৰহণ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd