• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দুখন বিশ্বযুদ্ধৰ সৈনিকৰ জীৱন গাথাৰে ‘ৰ’ড’ডেণ্ড্ৰনৰ তেজে ধোৱা সাধু’

প্ৰশিষ্যা প্ৰিয়দৰ্শনী by প্ৰশিষ্যা প্ৰিয়দৰ্শনী
December 26, 2021 6:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠাইখন গোলাঘাট জিলাৰ চুঙাজান। চুঙাজানক কেৱল সীমান্তৱৰ্তী ঠাইয়ে নহয়, অত্যন্ত প্ৰত্যন্ত অঞ্চল বুলিও অভিহিত কৰিব পাৰিব। এই ঠাইখনৰে আছে এক বিশেষ বিশেষত্ব। যি বিশেষত্ব সম্পৰ্কে উক্ত ঠাইখনৰ আৱাসীসকলৰ বাহিৰে অন্য লোক বৰ বিশেষভাৱে অৱহিত নহয়। প্ৰত্যন্ত তথা সীমান্তৱৰ্তী অঞ্চল হিচাপে চুঙাজান অনুন্নত বা পিছপৰা অঞ্চল হিচাপেও বিশেষত্ব থকা অঞ্চলটোৰ আছে এক অতি সোণোলী ইতিহাস। কিন্তু সোণালী ইতিহাসৰ ধ্বজাবাহী উক্ত অঞ্চলৰ লোকসকলে কেৱল নিজৰ মাজতে কঢ়িয়াই আনিছে নিজৰ ঐহিত্যৰ বৈভৱ। এই বৈভৱ কেৱল নিজৰ মাজতে কঢ়িয়াই আনি উক্ত অঞ্চলৰ লোকসকলে এক ঐতিহাসিক দায়িত্বও পালন কৰি আহিছে। সেই বৈভৱকে এক বুৰঞ্জীমূলক উপন্যাসৰ ৰূপ দিছে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়ে।

ইতিমধ্য অৰ্পিতা অনন্য অধ্যায়, দৈয়াংপৰীয়া এজাক স্বপ্নাতুৰ মানুহ, মুগ্ধ পূবেৰুণ, জলছবি, অচ্যুতকন্যা, বৃহন্নলা: এটি সপোনৰ বাটচ’ৰা আদি গ্ৰন্থৰেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা দীপামণি কোচ ভৰালীয়ে উক্ত চুঙাজানৰ এটা বিশেষ সম্প্ৰদায় লোকসকলৰ ইতিহাসক অসমৰ মানুহৈ আগবঢ়াই দিছে। তেওঁলোকৰ ইতিহাস, আৰু দুয়োখন বিশ্ব যুদ্ধত উক্ত সম্প্ৰদায়ৰ লোকসকলে আগবঢ়োৱা বিশেষ অৱদান, বৰ্তমানৰ জীৱন সংগ্ৰাম আদিকে ধৰি সকলো দিশকে সাঙুৰি জীৱন্ত ৰূপ দিছে এখন উপন্যাসত। আৰু এই বিশেষ উপন্যাসখনৰ নাম হৈছে ‘ৰ’ড’ড্ৰেণ্ডনৰ তেজে ধোৱা সাধু’।

Apply Now

উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ভাগ লোৱা একাংশ গোৰ্খা সৈনিকক বৃটিছ চৰকাৰে ভাৰতৰ বিভিন্ন ঠাইত সংস্থাপিত কৰিছিল৷ প্ৰব্ৰজনৰ বিশেষ ৰাপ থকা তাৰে কিছুমান লোক পুনৰ স্থানান্তৰ কৰা দেখা গৈছিল। বৃটিছৰ সেই ধাৰা অব্যাহত ৰাখি ইয়াৰ পিছত ভাৰতৰ স্বাধীন চৰকাৰেও প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধত অংশগ্ৰহণ কৰা গোৰ্খা সম্প্ৰদায়ৰ সৈনিকসকলক সংস্থাপিত কৰাৰ দিহা কৰিছিল। এই ধাৰাৰ অংশ হিচাপে তাৰে কিছু সৈনিকক অসম-নগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ চুঙাজান অঞ্চলত ভাৰত চৰকাৰে ১৯৬৩ চনতে সংস্থাপিত কৰিছিল৷ ভাৰত চৰকাৰে সংস্থাপন কৰিয়েই উক্ত সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ পিনে পিঠি দিয়ে। ইয়াৰ পিছৰে পৰা অত্যন্ত প্ৰত্যন্ত অঞ্চলৰ লোকসকলে কঠিন জীৱন সংগ্ৰামৰ প্ৰবৃত্ত হয়। ইয়াৰ পৰাই আৰম্ভ হয় দুয়োখন বিশ্ব যুদ্ধত অংশগ্ৰহণ কৰা উক্ত গোৰ্খা সম্প্ৰদায়ৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱন সংগ্ৰাম। ইতিহাস আৰু তেওঁলোকৰ এই জীৱন সংগ্ৰামৰ কাহিনীকেই মূল উপজীৱ্য হিচাপে লৈয়ে দীপামণি কোচ ভৰালীয়ে ‘ৰ’ড’ড্ৰেণ্ডনৰ তেজে ধোৱা সাধু’ নামৰ উপন্যাসখন লিখি উলিয়াইছে।

সেই উপেক্ষিত লোকসকলৰ সংস্থাপনৰ ইতিহাসৰ লগতে তেওঁলোকৰ জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, ৰাজনৈতিক শোষণ ইত্যাদি বিলাকৰ এখন ছবি উপন্যাসখনত আঁকিবলৈ চেষ্টা কৰিছে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়ে। অৱশ্যে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়ে ১৮১৪ চনত নেপালৰ ৰাজনৈতিক উত্থান-পতনৰ কিছু দৃশ্য অংকণৰ জৰিয়তে ‘ৰ’ড’ড্ৰেণ্ডনৰ তেজে ধোৱা সাধু’ত তেওঁলোকৰ জীৱনৰ দুৰ্দশাৰ আভাস দিবলৈ উপন্যাসখনৰ পটভূমি তৈয়াৰ কৰি লৈছে৷ উল্লেখ্য যে গোৰ্খাসকলৰ জীৱনক লৈ লিখা এইখনেই প্ৰথম অসমীয়া উপন্যাস হিচাপে চিহ্নিত হৈছে৷ সেইফালৰ অসমীয়া বুৰঞ্জীমূলক উপন্যাস সাহিত্যত ই এক নতুন সংযোজন বুলি ক’ব পাৰি৷ লেখিকাইও বুৰঞ্জীমূলক উপন্যাস হিচাপে ইয়াৰ ঐতিহাসিক ক্ৰমসমূহ ৰক্ষাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ঔপন্যাসিকাইও ‘ৰ’ড’ড্ৰেণ্ডনৰ তেজে ধোৱা সাধু’ লিখি উলিয়াবলৈ যথেষ্ট কষ্ট, ক্ষেত্ৰ অধ্যয়ন আৰু গৱেষণা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ স্পষ্ট চিহ্ন উপন্যাসৰ পাতে পাতে সিঁচৰিত হৈ আছে। আনকি লেখিকাই দীপামণি কোচ ভৰালীয়ে নিজেও এই কথা সদৰী কৰিছে। লেখিকাই এই সংক্ৰান্ত কয়, “….তথাপিও প্ৰয়াস চলালো। তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰাৰ ঠিক আগে আগে বিশ্বযুদ্ধ যুঁজাৰুসকলৰ শেষৰ দুজন প্ৰতিনিধিয়ে অগা-পিছাকৈ ইহলীলা সম্বৰণ কৰাৰ খবৰটোৱে মোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলে বুলি ভাবো। কাৰণ, তেওঁলোকৰ পৰা পোনে পোনে তথ্য সংগ্ৰহৰ কৰা হ’লে মই আৰু অধিক উপকৃত হ’লোহেঁতেন।…..পিছৰ প্ৰজন্ম কেইবাজকো বহু কথা কৈ গৈছিল। কিন্তু সেইবোৰ সেইবোৰ লিখিত ৰীপত সংৰক্ষিত নোহোৱাৰ ফলত শুনাসকলেও কিছু কিছু কথা তথা চন, তাৰিখ পাহৰি গ’ল।…”

উপন্যাসখনে অসমৰ পঢ়ুৱৈ সমাজক এক নতুন স্বাদৰ লগতে নতুন তথ্যৰ সম্ভেদ দিব বুলি আশা কৰিব পাৰি। অসমীয়া উপন্যাস সাহিত্যলৈ নেপালী সম্প্ৰদায়ৰ জীৱন-গাঁথা বিশেষকৈ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিকসকলৰ অতীত বৰ্তমানক তুলি ধৰি দীপামণি কোচ ভৰালীয়ে এক অতি প্ৰশংসনীয় কাম কৰিছে। পাণবজাৰৰ ডঁৰিয়লি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ২০০ টকা মূল্যৰ উপন্যাসখন অসমীয়া পাঠকে আদৰি ল’ব বুলি আশা কৰিব পাৰি।

প্ৰশিষ্যা প্ৰিয়দৰ্শনী

প্ৰশিষ্যা প্ৰিয়দৰ্শনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd