আজি পুৱা এটা বৃহৎ সফলতাত ৰাগনা সীমান্ত চকীস্থিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ ১৬৬ বেটেলিয়নে চোৰাং কাৰবাৰীৰ হাতৰ পৰা দুটাকৈ ম’হ উদ্ধাৰ কৰে। ম’হ দুটা সীমান্তৰ সিপাৰলৈ প্ৰেৰণ কৰিবলৈ অনা হৈছিল বুলি ধাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে ত্ৰিপুৰাৰ পৰা সীমান্তইদি বাংলাদেশলৈ গৰু, ভাং, কানিকে ধৰি বৃহৎ সংখ্যক চোৰাং বস্তু সৰবৰাহ কৰা বৃহৎ চক্ৰৰ কথা সৰ্বজনবিদিত। বিশেষকৈ য়াকুব নগৰ, ৰাগনা, বিষ্ণপুৰ গাওঁকেইখন এই চোৰাং কাৰবাৰীসকলে ব্যৱহাৰ কৰা নিয়মীয়া পথ হৈ পৰিছে।
বি এছ এফৰ সূত্ৰই জনোৱা মতে, সীমান্তত থকা বেটেলিয়নটোৰ জোৱানসকলে আজি পুৱাৰ ভাগত ৪-৫ জন লোকক দুটা ম’হৰ সৈতে অঞ্চলটোত দেখা পায়। জোৱানসকলে মানুহকেইজনক ৰ’বলৈ কয় যদিও তেওঁলোকে উপেক্ষা কৰি সীমান্তৰ দিশত গৈ থাকে। তেতিয়া বি এছ এফৰ জোৱানকেইজনে শূন্যলৈ গুলী চালনা কৰে। শূন্যলৈ গুলী চালনা কৰাৰ লগে লগে মানুহকেইজন পলাই যায়। কিন্তু ম’হকেইটা এৰি যায়।
জোৱানকেইজনে ম’হ দুটা নিজৰ অধীনলৈ নিয়ে যদিও চোৰাং কাৰবাৰীকেইজনক ধৰিব নোৱাৰিলে।
ঘটনাৰ খবৰ পাই বাহিনীটোৰ কমাণ্ডেণ্ট সীতাৰাম বৈৰাই স্থানডোখৰ ভ্ৰমণ কৰে আৰু জোৱানসকলৰ ভূমিকাৰ শলাগ লয়।
মন কৰিব লগীয়া যে বিগত দুই-এবছৰৰ ভিতৰত ত্ৰিপুৰা গাঞ্জা সৰবৰাহকাৰীৰ নাভিকেন্দ্ৰ হৈ পৰিছে। অঞ্চলটোৰ সীমান্ত ব্যৱহাৰ কৰি এনেকুৱা চোৰাং কাৰবাৰীয়ে বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি গৰু আদি বাংলাদেশলৈ চালান দি আহিছে।