‘আপোনালোক জেন-জি নহয়!’ ককৰোচ জনতা পাৰ্টি (CJP)ৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ বয়সক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কৰা মন্তব্যৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ছবি সামাজিক মাধ্যমত পোষ্ট কৰি চৰ্চালৈ আহিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে। ছবিখনৰ সৈতে তেওঁ লিখিছে, “The only person who qualifies as GenZ” (জেন-জি হিচাপে যোগ্যতা থকা একমাত্ৰ ব্যক্তি)। তেওঁৰ এই ব্যংগাত্মক পোষ্টটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।
বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত CJPৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ এখন আবেদনৰ শুনানি চলি থকাৰ সময়তে এই ঘটনা ঘটে। বিশেষ কাৰ্যবাহী দণ্ডাধীশে দুয়োৰে ন্যায়িক জিম্মাৰ ম্যাদ ২১ অক্টোবৰলৈ বৃদ্ধি কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই নেতাদ্বয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
শুনানিৰ সময়ত ন্যায়াধীশ সুব্ৰমণিয়ম প্ৰসাদে আবেদনকাৰীসকলৰ অধিবক্তা অভিক চিমনিক দুয়োগৰাকী নেতাৰ বয়স সোধে। অধিবক্তাগৰাকীয়ে সৌৰভ দাসৰ বয়স ২৭ বছৰ আৰু আশুতোষ ৰাংকাৰ বয়স ৩২ বছৰ বুলি জনায়। ইয়াৰ পাছতে ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে, “তেন্তে আপোনালোক জেন-জি নহয়। জেন-জি মানে কি?”
সাধাৰণতে ১৯৯৭ চনৰ পাছত জন্মগ্ৰহণ কৰা লোকসকলক জেন-জি প্ৰজন্মৰ বুলি গণ্য কৰা হয় বুলি আদালতক জনোৱা হয়। ইয়াৰ পাছতো ন্যায়াধীশগৰাকীয়ে দুয়োগৰাকী নেতা জেন-জি নহয় বুলি মন্তব্য কৰে। এই মন্তব্যৰ পাছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি পোষ্ট কৰি ব্যংগাত্মকভাৱে তেওঁক জেন-জি হিচাপে যোগ্যতা থকা একমাত্ৰ ব্যক্তি বুলি উল্লেখ কৰে।
উল্লেখ্য যে যোৱা ১৩ অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ ক্ষেত্ৰত প্ৰযোজ্য নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগত সৌৰভ দাস, আশুতোষ ৰাংকা আৰু তেওঁলোকৰ কেইবাগৰাকীও সমৰ্থক আৰক্ষীৰ জিম্মালৈ আহিছিল। প্ৰতিবাদকাৰীসকলে বেৰিকেড পাৰ হৈ প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় পতাকা লৈ শ্লোগান দিয়া বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। পূৰ্বে শান্তি বজাই ৰখাৰ বাবে দিয়া বণ্ড উলংঘা কৰাৰ অভিযোগো তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছিল।
শুনানিৰ সময়ত আদালতে নেতাদ্বয়ৰ বয়সক লৈ মন্তব্য কৰাৰ লগতে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশৰ বিৰুদ্ধে পোনপটীয়াকৈ উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ আইনী পদ্ধতিক লৈও প্ৰশ্ন তোলে। বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ নিৰ্দেশৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদনৰ দৰে বিকল্প আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় বুলি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে। লগতে, যন্তৰ মন্তৰক নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা বাদ দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ কথাও আদালতে উল্লেখ কৰে।
পাছত আবেদনকাৰীসকলে নিজৰ আবেদন প্ৰত্যাহাৰ কৰে। অৱশ্যে, আবেদন প্ৰত্যাহাৰৰ অনুমতি দিয়াৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটোৰ মূল বিষয়বস্তুৰ ওপৰত কোনো মত প্ৰকাশ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে।





