• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
January 1, 2022 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়, কাছাৰীহাট শাখা সাহিত্য সভা আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি ধুবুৰী জিলা সাহিত্য সভাৰ অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন কৰা হয় ।

এই উপলক্ষে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কাছাৰীহাট শাখা সাহিত্য সভাৰ সভাপতি সুভাষ ৰায়ে। স্মৃতি তৰ্পণ কৰে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুসুধন ৰায়ে ।
ইয়াৰ লগে লগে শৰৎচন্দ্ৰ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পাছত অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন শীৰ্ষক সভাখনিত পৌৰোহিত্য কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায়ে ।

Apply Now

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে । কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনোৰঞ্জন ৰায় সমন্বিতে শিক্ষকবৃন্দ আৰু কাছাৰীহাট শাখা সাহিত্য সভাৰ সম্পাদক কাব্যেন্দু ৰায়ৰ নেতৃত্বত সভাৰ সন্মানীয় অতিথিসকলক ফুলাম গামোচা, ৰাজবংশী সম্প্ৰদায়ৰ গামোচা আৰু কিতাপৰ টোপোলাৰে সাদৰ সম্ভাষণ জ্ঞাপন কৰা হয় ।

শিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেনজিৎ শৰ্মা, ডঃ উপেন্দ্ৰজিৎ শৰ্মা, দীপক সৰকাৰ, আজাদ আলী আহমেদ আদিৰ নেতৃত্বত চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা তথা ধুবুৰী জিলা সাহিত্য সভাৰ আইন উপদেষ্টা নুৰুল ইছলাম চৌধুৰীয়ে ।

ভাষণ প্ৰসংগত চৌধুৰীয়ে অসমৰ জাতীয় জীৱনলৈ আহিবলৈ ধৰা সংঘাত আৰু অসমীয়া ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰে ।আদৰণী ভাষণ প্ৰদান কৰে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুসুধন ৰায়ে ।

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই অনুষ্ঠানটোত কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিভিন্ন গীত, নৃত্য, কবিতা আবৃত্তিৰ অনুষ্ঠানটো পৰিচালনা কৰে ।

এই অনুষ্ঠানটি পৰিচালনা কৰি দিয়া ভাষণ প্ৰসংগত ডঃ উপেন্দ্ৰজিৎ শৰ্মাই অৰুণোদয়ৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে অৰুণৰ উদয়ে যিদৰে আন্ধাৰ নাশ কৰি পোহৰে চৌদিশ উজলায় তেনেদৰে অৰুণোদয় কাকতখনৰ জন্মই অসমৰ ভাষা সাহিত্যক চানি ধৰা ঘোৰ অমানিশা আঁতৰাই ভৱিষ্যতলৈ আধুনিক অসমীয়া ভাষাৰ ভেটি স্থাপন কৰিছিল ।

এই অনুষ্ঠানত ভোলানাথ মহাবিদ্যালয়ৰ তেৰগৰাকী শিক্ষাৰ্থীয়ে কবিতা আবৃত্তি আৰু বক্তৃতা প্ৰদান কৰে । কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গোৱালিনী নৃত্য হুদুম নৃত্য, কাতি পূজাৰ নৃত্য, আধুনিক নৃত্য, কবিতা আবৃত্তি আদি পৰিৱেশন কৰে ।

 শিল্পী প্ৰসেনজিৎ শৰ্মা আৰু ময়ূৰী শৰ্মাই চৈয়দ আব্দুল মালিকৰ ৰচিত কালজয়ী গীত ‘জীৱনে মৰণে মই অসমীয়া’ আৰু পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত ‘লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া’ শীৰ্ষক গীত পৰিৱেশন কৰি অনুষ্ঠানটিক প্ৰাসংগিক কৰি তোলে । ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক বিমল চন্দ্ৰ ৰায়ে শৰৎচন্দ্ৰ সিংহ স্মৃতি বিজড়িত ভাষণ প্ৰদান কৰে ।

বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ধুবুৰী প্ৰেছ ক্লাবৰ উপ সভাপতি প্ৰণৱাশীয় ৰায়ে । ভাষণ প্ৰসংগত তেওঁ সাংবাদিকতা, সংবাদপত্ৰৰ গুৰুত্ব আৰু বৰ্তমান সময়ত সৃষ্টি হোৱা সংকটৰ বিষয়ে ভাষণ প্ৰদান কৰে । মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা গল্পকাৰ ডাঃ বিপিন চন্দ্ৰ কলিতাই ।

মুখ্য অতিথিগৰাকীয়ে অসমত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে অসমীয়াসকলে কৰি অহা অবিৰাম সংগ্ৰামৰ বিষয়ে ব্যাখ্যা আগ বঢ়ায় । ভাষণ প্ৰসংগত তেওঁ কয় যে অতমীয়া ভাষা সাহিত্য ৰক্ষাৰ সেই দীঘলীয়া সংগ্ৰামৰ এতিয়াও ওৰ পৰা নাই । ইয়াৰ বাবে নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীসকলে ভাষাটো ভালদৰে আয়ত্ত্ব কৰি প্ৰসাৰৰ ক্ষেত্ৰত সবল ভূমিকা ল’ব লাগিব ।
সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।

ভাষণ প্ৰসংগত তেওঁ এক জাতীয়তাবাদ চৰিত্ৰৰে অসমীয়া জাতিয়ে স্বাভিমান ৰক্ষা কৰিব লাগিব বুলি দোহাৰে । কাছাৰীহাট অঞ্চলৰ বয়োজ্যেষ্ঠ কবি কান্তেশ্বৰ দেৱৰায়ে এটি স্বৰচিত কবিতা আবৃত্তি কৰে । ইয়াৰ পাছত সভাৰ সভাপতিৰ বক্তব্য আৰু মন্তব্যত তৰণীকান্ত ৰায়ে অনুষ্ঠানটিয়ে শান্তি, সম্প্ৰীতি ৰক্ষাৰ লগতে ভাষা জননীৰ সেৱাত সকলোকে উদ্বুদ্ধ কৰিব বুলি দোহাৰে ।

অনুষ্ঠানত কাছাৰীহাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি নগেন্দ্ৰনাথ ৰায়, সভাপতি সুভাষচন্দ্ৰ ৰায়, ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰকান্ত দাস, আহ্বায়ক ডঃ উমেশ দাস, আকাশ উপ সমিতিৰ কাৰ্যকৰী সভাপতি হেমলতা কাকতী, অসম সাহিত্য সভাৰ ধুবুৰী জিলা প্ৰতিনিধি দীপক পাটোৱাৰী, ৰাজ্য ভাষা মাতৃভাষা উপ সমিতিৰ আহ্বায়ক দীপক সৰকাৰ, ধুবুৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক বিনয় কুমাৰ নাথ প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দই নিজৰ অনুভৱ ব্যক্ত কৰে ।

অনুষ্ঠানটিত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমন্বিতে এক সহস্ৰধিক লোকে ভাগ লয় । জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয় ।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd