গুৱাহাটীৰ সাংসদ কুইন ওজা কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে।
সাংসদ গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে।
ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি সাংসদ গৰাকীয়ে নিজেই কোভিড পজিটিভ হোৱাৰ কথা সদৰি কৰিছে।
তেওঁৰ শৰীৰত কোভিড-১৯ৰ মৃদু উপসৰ্গ দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত ৰিপ’ৰ্ট পজিটিভ আহে।
On experiencing mild symptoms of #COVID19, I got myself tested and my test result came positive.
Hence, I decided to get admitted to GMCH, Guwahati as advised by my doctors.
I request all those who came into contact with me during the last few days to get themselves tested.
— Queen Oja (Modi Ka Parivar) (@oja_queen) January 6, 2022
সাংসদগৰাকীয়ে যোৱা কেইদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।