• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে চিজেপিৰ অন্যতম মূল মুখ অভিজিৎ দীপকে আৰু দলটোৰ আন দুজন গুৰুত্বপূৰ্ণ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 11, 2026 10:21 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে যন্তৰ মন্তৰত দ্বিতীয় দিনৰ প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ পূৰ্বে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে দিল্লী আৰক্ষী প্ৰশাসনে। সূত্ৰৰ পৰা জানিব পৰা মতে, যন্তৰ মন্তৰত সমাৱেশৰ আহ্বান জনোৱাৰ অভিযোগত তিনিজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে সতৰ্কতামূলক (Preventive Arrest) গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে চিজেপিৰ অন্যতম মূল মুখ অভিজিৎ দীপকে আৰু দলটোৰ আন দুজন গুৰুত্বপূৰ্ণ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা। কোৱা হৈছে যে ৰাজধানীত যাতে কোনো নতুন উত্তেজনা বৃদ্ধি নহয় তাৰ বাবে এই গ্ৰেপ্তাৰ কৰা হৈছে।

শনিবাৰে দিল্লী বিমানবন্দৰত বিমানৰ ভিতৰৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰে। তিনিওজনকে আজি অৰ্থাৎ দেওবাৰে দিল্লী কেন্টনমেন্টৰ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হ’ব। অধিবক্তা বৃন্দা গ্ৰ’ভাৰৰ নেতৃত্বত গঠিত এটা দলে চিজেপি তিনিজন নেতাৰ হৈ আইনী যুঁজ যুঁজিব।

Apply Now

আনহাতে, নেতাসকল জিম্মাত থাকিলেও চিজেপিয়ে প্ৰতিবাদ বন্ধ কৰিবলৈ অনিচ্ছুক। আন এগৰাকী দলীয় নেতা অজিংকা শিণ্ডেয়ে কয় যে দেওবাৰেও প্ৰতিবাদকাৰীসকল যন্তৰ মন্তৰৰ দিশে আগবাঢ়িব।

নিৰ্বাচন আয়োগৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্ৰক্ৰিয়াত বিসংগতি আৰু ভোটাৰ তালিকাৰ পৰা প্ৰায় ১৩ কোটি নাগৰিকৰ নাম বাদ পৰাৰ লগতে জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে চিজেপিয়ে। এই অনিয়মৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে আন্দোলন বন্ধ নহ’ব বুলি চিজেপিয়ে সকীয়াই দিছে।

আন্দোলনৰ প্ৰথম দিনাই ৰাজধানীখন কাৰ্যতঃ অৱৰোধ কৰি ৰখা হৈছিল। প্ৰতিবাদ ৰোধৰ বাবে দিল্লীত কটকটীয়া নিৰাপত্তাৰক্ষীৰ বেৰিকেড স্থাপন কৰা হয়। ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত বৃহৎ সমাৱেশৰ পৰিৱৰ্তে সৰু সৰু গোটৰ প্ৰতিবাদ আৰম্ভ হয়।

শনিবাৰে আৰক্ষীয়ে ৰাজনৈতিক ব্যক্তিকে ধৰি হাজাৰৰো অধিক প্ৰতিবাদকাৰীক আটক কৰে। ইয়াৰ ভিতৰত আছিল চাৰিজন প্ৰাক্তন মুখ্যমন্ত্ৰী – আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, তৃণমূল নেত্ৰী মমতা বেনাৰ্জী আৰু বাওঁপন্থী নেতা পিনাৰায়ী বিজয়ন আৰু মাণিক সৰকাৰ।

অৱশ্যে বন্দী প্ৰতিবাদকাৰীৰ অধিকাংশকে নিশা মুকলি কৰি দিয়া হয়। আনকি আন্দোলন আৰু এন ডি এ চৰকাৰৰ তীব্ৰ সমালোচক ইউটিউবাৰ ধ্ৰুৱ ৰাথীকো শনিবাৰে নিশা নিজৰ বাসগৃহৰ পৰা আটক কৰি ৰখাৰ পিছত মুকলি কৰি দিয়া হয়।

ইফালে, প্ৰতিবাদ ৰোধ কৰিবলৈ শনিবাৰে একেলগে ৰে’ল বাতিল আৰু মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়াটোৱে জটিলতাৰ সৃষ্টি কৰিছে। শুকুৰবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে মেট্ৰ’ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল। আদালতৰ নিৰ্দেশ উলংঘা কৰি ৰাজহুৱা পৰিবহণ বন্ধ কৰাৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰৰ পৰিপ্ৰেক্ষিতত আজি উচ্চতম ন্যায়ালয়ত বিশেষ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

দেওবাৰে পুৱাৰ পৰা মেট্ৰ’ সেৱা স্বাভাৱিক হৈ পৰিছে যদিও প্ৰতিটো ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান পইণ্টত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। নতুনকৈ সমাৱেশৰ বাবে চিজেপিৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজধানীত প্ৰশাসনে কঠোৰ সতৰ্কতা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd