• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ কলৰৱেৰে মুখৰিত গ্ৰন্থমেলাৰ বাকৰি : একাদশ দিনালৈ গ্ৰন্থ বিক্ৰী হ’ল ৪ কোটিৰো অধিক টকাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 8, 2022 8:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিনাৰ সন্ধিয়া গ্ৰন্থমেলা প্ৰাংগণত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসম গ্ৰন্থমেলাৰ কাৰ্যালয়ত তেওঁ মুকলি কৰে অসম প্রকাশন পৰিষদে প্রস্তুত কৰি উলিওৱা দৃশ্য-শ্ৰাব্য সাধুৰ
ইউ টিউব চেনেল ‘পাব্লিকেশ্যন ব’ৰ্ড আছাম’।

Apply Now

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টিকাৰী সাধু এই চাইটত উপলব্ধ হ’ব। এই ইউ টিউব চেনেলৰ প্রযোজনা আৰু পৰিকল্পনা অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু পৰিচালনা পৰাণ বৰকটকীৰ । ইয়াত প্রথম অংশ ৰূপে আগবঢ়োৱা হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যুগমীয়া সাধু।

ইয়াৰ জৰিয়তে অসমীয়া সাহিত্যৰ অমূল্য সম্পদ এনে সাধুসমূহৰ সংৰক্ষণ আৰু প্রসাৰৰ ব্যৱস্থা কৰিছে অসম প্রকাশন পৰিষদে । উল্লেখ্য যে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে অজন্তা বুঢ়াগোহাঞিয়ে ৰচনা কৰা আৰু অসম বুক হাইভে প্রকাশ কৰা গ্ৰন্থ ‘হেঙুল- হাইতাল দেশৰ সপ্তম পুত্ৰ লা-চিত’।

মুখ্যমন্ত্ৰী শৰ্মাক অসম প্রকাশন পৰিষদৰ প্রমোদ কলিতাই ফুলাম গামোচা আৰু সদ্য প্ৰকাশিত ‘আসাম বিলাসিনী’ৰ একত্ৰ সংকলনটি হাতত অৰ্পণ কৰি আদৰণি জনায়। সেইদৰে সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদ তথা বিষয়ববীয়াসকলে চেলেং চাদৰ আৰু ফুলাম গামোচাৰে মুখ্যমন্ত্ৰী শৰ্মাক আদৰণি জনায়।

মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য-সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে।

উল্লেখ্য যে আজি অসম গ্ৰন্থমেলাত বিশাল জনস্ৰোতে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। বিশেষকৈ সন্ধিয়াৰ ভাগত

গ্ৰন্থমেলাত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।

গ্ৰন্থপ্রেমীসকলক ক’ভিড বিধি মানি মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় অসম গ্ৰন্থমেলা কৰ্তৃপক্ষই ৷

আজিৰ দিনটোলৈকে গ্ৰন্থৰ বিক্ৰী হয় প্ৰায় ৪ কোটিৰো অধিক টকাৰ ।

ইপিনে আজি অসম গ্ৰন্থমেলা শিশুৰ দিন ৰূপে উদ্যাপন কৰা হয়। আজি দিনৰ ১১ বজাত শিশুৰ দিন উদ্বোধন কৰে জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী আইমী বৰুৱাই।

শিশুসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকণ, কুইজ আৰু আকস্মিক বক্তৃতা প্রতিযোগিতাত সহস্ৰাধিক শিশু-কিশোৰে অংশগ্ৰহণ কৰে। শিশুৰ কলৰৱত পুৱাৰে পৰা মুখৰিত হয় চানমাৰীৰ বাকৰি। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি চিত্ৰাংকণ প্রতিযোগিতাৰ ক শাখাত এনী কাশ্যপ (প্ৰথম), ৰক্তদ্বীপ কাশ্যপ (দ্বিতীয়) আৰু হিয়াংশু কাশ্যপ (তৃতীয়) পুৰস্কাৰ লাভ কৰে। খ শাখাত শুভাংগী স্নেহা কাশ্যপ (প্রথম), বিশাল শইকীয়া (দ্বিতীয়) দীক্ষিতা কাশ্যপে (তৃতীয়) পুৰস্কাৰ লাভ কৰে। কুইজৰ ক শাখাত ময়ং পাঠক (প্রথম), মাধুৰ্য্য ডেকা ( দ্বিতীয়) আৰু আকাংক্ষা এ বৰ্মনে ( তৃতীয়) স্থান লাভ কৰে। কুইজৰ খ শাখাত গীতাৰ্থ কলিতা-সিদ্ধাৰ্থ কাকতিৰ দল (প্রথম), ৰক্তিম অভিনন্দন বৰ্মন-কুলদ্বীপ ভট্টাচাৰ্য্যৰ দল (দ্বিতীয়) আৰু নীলাভ গোস্বামী-জোনাকজ্যোতি দত্তৰ দল (তৃতীয়) হয়। আকস্মিক বত্তৃতাৰ ক শাখাত জ্যোতিৰ্ময় দাস (প্রথম), জিজ্ঞাস
বিবেক শৰ্মা, মেধাজ্যোতি নাথ (দ্বিতীয়), জ্যোতিস্মিতা ডেকা, অলংকৃতা কাশ্যপ, অশ্ৰুতালক্ষ্মী গোস্বামী (তৃতীয়) হয়। খ
শাখাত ৰিপুঞ্জয় কলিতা (প্রথম), খাযভ ৰঞ্জন ভাগৱতী, গাগী কাশ্যপ (দ্বিতীয়), জিৰাস্মিতা নাথ, অংকিতা শৰ্মা বৰদলৈ
(তৃতীয়) হয়।

কাইলৈ সামৰণি পৰিব অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাই প্রথমবাৰৰ বাবে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd