• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সমুখত নিৰ্বাচন: সমাজবাদী পাৰ্টিৰ শিবিৰত বৃহৎ আঘাত, অখিলেশ যাদৱৰ ভাতৃপত্নীৰ বিজেপিত যোগদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2022 12:04 pm
UP election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বুলিছে দল সলনিৰ বতাহ। কিছুদিন পূৰ্বে বিজেপি চৰকাৰৰ তিনিজন মন্ত্ৰীকে ধৰি কেইবাজনো বিধায়ক সমাজবাদী পাৰ্টিলৈ গমন কৰাৰ পিছত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহমান বাকী থকা অৱস্থাত এইবাৰ সমাজবাদী পাৰ্টিৰ শিবিৰত লাগিছে বৃহৎ আঘাত।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃপত্নী অপৰ্ণা যাদৱে আজি বিজেপিত যোগদান কৰি হতচকিত কৰি তুলিছে ৰাজনৈতিক মহলক।

Apply Now

অপৰ্ণা যাদৱ হৈছে সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ পুত্ৰ তথা অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ পত্নী।

বিজেপিৰ দলীয় স্কার্ফ গাত মেৰিয়াই “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সদায়ে অনুপ্ৰাণিত হৈ আহিছো” বুলি মন্তব্য কৰে অৰ্পণা যাদৱে।

বিজেপিত যোগদান কৰিয়েই অৰ্পণা যাদৱে কয়, “মই এতিয়া দেশৰ বাবে অধিক ভাল কাম কৰিব বিচাৰো। মই সদায় বিজেপিৰ আঁচনিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈ আহিছো আৰু মই দলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিম।”

আনহাতে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই অৰ্পণা যাদৱক দললৈ আদৰণি জনাই সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক লক্ষ্য কৰি তীৰ্যক মন্তব্য আগবঢ়ায়।

অখিলেশ যাদৱ তেওঁৰ পৰিয়ালৰ লগতে ৰাজনীতিতেই অসফল বুলি উপহাস কৰে মৌৰ্যই।

মৌৰ্যই লগতে অপৰ্ণা যাদৱে বহু দিনৰ আলোচনাৰ পিছত বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল বুলি মন্তব্য কৰে।

তিনিজন ৰাজ্যিক মন্ত্ৰীকে ধৰি কেইবাজনো নেতাই শেহতীয়াকৈ সমাজবাদী পাৰ্টিলৈ যোৱাৰ পিছত বিজেপিৰ বাবে এইয়া এক বৃহৎ সফলতা বুলি গণ্য কৰা হৈছে।

উল্লেখ্য যে অপৰ্ণা যাদৱে সমাজবাদী প্ৰাৰ্থী হিচাপে লক্ষ্ণৌ কেণ্টৰ পৰা ২০১৭ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু ৰীতা বহুগুণা যোশীৰ বিপক্ষে পৰাজিত হৈছিল।

স্মৰ্তব্য যে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। ইতিমধ্যে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সন্মুখত এইবাৰ শক্তিশালী প্ৰতিদ্বন্দী হিচাপে অৱতীৰ্ণ হৈছে সমাজবাদী পাৰ্টি।

তেনে সময়তে সমাজবাদী পাৰ্টিৰ মুৰব্বীৰ পৰিয়ালৰ সদস্যৰ বিজেপি গমন নিৰ্বাচনৰ পূৰ্বে দলক দুৰ্বল কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd