DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সমুখত নিৰ্বাচন: সমাজবাদী পাৰ্টিৰ শিবিৰত বৃহৎ আঘাত, অখিলেশ যাদৱৰ ভাতৃপত্নীৰ বিজেপিত যোগদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2022 12:04 pm
UP election
5.9k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বুলিছে দল সলনিৰ বতাহ। কিছুদিন পূৰ্বে বিজেপি চৰকাৰৰ তিনিজন মন্ত্ৰীকে ধৰি কেইবাজনো বিধায়ক সমাজবাদী পাৰ্টিলৈ গমন কৰাৰ পিছত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহমান বাকী থকা অৱস্থাত এইবাৰ সমাজবাদী পাৰ্টিৰ শিবিৰত লাগিছে বৃহৎ আঘাত।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃপত্নী অপৰ্ণা যাদৱে আজি বিজেপিত যোগদান কৰি হতচকিত কৰি তুলিছে ৰাজনৈতিক মহলক।

অপৰ্ণা যাদৱ হৈছে সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ পুত্ৰ তথা অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ পত্নী।

বিজেপিৰ দলীয় স্কার্ফ গাত মেৰিয়াই “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সদায়ে অনুপ্ৰাণিত হৈ আহিছো” বুলি মন্তব্য কৰে অৰ্পণা যাদৱে।

বিজেপিত যোগদান কৰিয়েই অৰ্পণা যাদৱে কয়, “মই এতিয়া দেশৰ বাবে অধিক ভাল কাম কৰিব বিচাৰো। মই সদায় বিজেপিৰ আঁচনিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈ আহিছো আৰু মই দলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিম।”

আনহাতে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই অৰ্পণা যাদৱক দললৈ আদৰণি জনাই সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক লক্ষ্য কৰি তীৰ্যক মন্তব্য আগবঢ়ায়।

অখিলেশ যাদৱ তেওঁৰ পৰিয়ালৰ লগতে ৰাজনীতিতেই অসফল বুলি উপহাস কৰে মৌৰ্যই।

মৌৰ্যই লগতে অপৰ্ণা যাদৱে বহু দিনৰ আলোচনাৰ পিছত বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল বুলি মন্তব্য কৰে।

তিনিজন ৰাজ্যিক মন্ত্ৰীকে ধৰি কেইবাজনো নেতাই শেহতীয়াকৈ সমাজবাদী পাৰ্টিলৈ যোৱাৰ পিছত বিজেপিৰ বাবে এইয়া এক বৃহৎ সফলতা বুলি গণ্য কৰা হৈছে।

উল্লেখ্য যে অপৰ্ণা যাদৱে সমাজবাদী প্ৰাৰ্থী হিচাপে লক্ষ্ণৌ কেণ্টৰ পৰা ২০১৭ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু ৰীতা বহুগুণা যোশীৰ বিপক্ষে পৰাজিত হৈছিল।

স্মৰ্তব্য যে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। ইতিমধ্যে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সন্মুখত এইবাৰ শক্তিশালী প্ৰতিদ্বন্দী হিচাপে অৱতীৰ্ণ হৈছে সমাজবাদী পাৰ্টি।

তেনে সময়তে সমাজবাদী পাৰ্টিৰ মুৰব্বীৰ পৰিয়ালৰ সদস্যৰ বিজেপি গমন নিৰ্বাচনৰ পূৰ্বে দলক দুৰ্বল কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd