ৰাজ্যত আজিৰ দিনটোত ছয় সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, মৃতকৰ সংখ্যাও উদ্বেগজনক।
কালান্তক ৰূপ হৈ অসমত পুনৰ সংক্ৰমিত হৈছে কোভিড। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে বাঢ়িছে মৃতকৰ সংখ্যাও।
পজিটিভিটিৰ হাৰো হঠাতে ১২.১৩ শতাংশ হোৱাৰ কথাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ভয়াৱহ ৰূপটোকে পুনৰবাৰ প্ৰকট কৰিছে।
ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৬৮৯৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।
ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৫৬১ গৰাকী লোক।
Summary of 21/01/2022
Today’s Total 6897
Overall Positivity Percentage (6897 cases out of 56,849 test done = 12.13%)
Kamrup(M) 1561
Death 15
Recovery Rate 92.31%
— Keshab Mahanta (@keshab_mahanta) January 21, 2022
বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৫৬,৮৪৯ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।
সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯২.৩১ শতাংশ।
আজি কোভিডত মৃত্যু ঘটিছে পোন্ধৰো জন লোকৰ।