ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই উদ্বেগ বৃদ্ধি কৰি ৰাখিছে।
আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ আৰু কিছু হ্ৰাস পাইছে। সেইদৰে সুস্থতাৰ হাৰো সামান্য বৃদ্ধি পাইছে।
ৰাজ্যখনত আজিৰ দিনটোত মুঠ ২২৯৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।
ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৫৩৫গৰাকী লোক।
আজি ৰাজ্যখনত মুঠ ৩৫,৭৭৭ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।
আজিৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে ৬.৪১ শতাংশ।
Summary of 29/01/2022
Today’s Total 2294
Overall Positivity Percentage (2294 cases out of 35,777 test done = 6.41%)
Kamrup(M) 535
Death 22
Recovery Rate 94.88%
— Keshab Mahanta (@keshab_mahanta) January 29, 2022
সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৪.৮৮ শতাংশ।
ইপিনে বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২২ জন লোকৰ মৃত্যু ঘটিছে।