• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতাক ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০-২১’ প্ৰদান

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
January 30, 2022 7:37 am
Journalist Awrded

বঁটাপ্ৰাপ্ত সাংবাদিক দুগৰাকী ক্ৰমে বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতা। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিক অসম কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে যোৱা ২০০৮ বৰ্ষৰ পৰাই প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত প্ৰতিবছৰে “সংবাদ ইন্দ্ৰ গ্ৰাম্য” বঁটা প্ৰৱৰ্তন কৰি আহিছে। 

দেওবাৰে গোৱালপাৰা জিলাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলা হাজো  আস্থানৰ দৈনিক অসম  কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক সমীন কলিতালৈ “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২১” আৰু গোৱালপাৰা জিলাৰ লক্ষীপুৰ আস্থানৰ প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথক সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০” প্ৰদান কৰা হয়৷

সাংবাদিক অসম কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমনি শৰ্মাই সভাপতিত্ব কৰা সভাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক ইন্দ্ৰ মোহন হাকাচামৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে সাংবাদিক  কৰ্ম পৰিষদ অসম গোৱালপাৰা জিলা সমিতিৰ সম্পাদক কন্দৰ্প নাথে৷

Apply Now

লগতে পঢ়ক: ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী! ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ

“সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা- ২০২০”ৰ বাবে নিৰ্বাচিত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আস্থানৰ বৈদ্যুতিন মাধ্যম প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথে ২০০৪ চনত “এন ই টিভিত” যোগদান কৰি শেহতীয়াভাবে ২০১৯ চনৰ পৰা বৰ্তমানলৈ প্ৰাগ নিউজত সাংবাদিক হিচাবে ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷

আনহাতে,”সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা” ২০২১ৰ বাবে নিৰ্বাচিত ১৯৭২ চনৰ পৰা “অসম বাতৰি” কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক সমীন কলিতাই বৰ্তমান একাগ্ৰতা আৰু নিষ্ঠাৰে  “দৈনিক অসম” কাকতত হাজোৰ পৰা সাংবাদদাতা হিচাবে কাম কৰি আছে৷

সংবাদ সেৱাৰ উপৰিও তেওঁ সাহিত্য সাধনাৰ জৰিয়তে ৫০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভেটি টনকিয়াল কৰিছে৷

দুয়োগৰাকী সাংবাদিকক জিলা সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, জাপি, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগধ ধন প্ৰদান কৰা হয়৷ বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে জিলাখনৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক কৰ্ম পৰিষদ অসমৰ উপদেষ্টা চৈয়দ ৰবিউল হকে৷

লগতে পঢ়ক:ৰাজ্যত আজি নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

উদ্বোধনী ভাষণত তেওঁ কয় যে সাংবাদিকসকলে জীৱন মৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰি যাব লাগে৷ তেনেস্থলত একাংশ পৰ্টেল চেনেলৰ সাংবাদিকে মেইন ষ্ট্ৰীমৰ সাংবাদিক সকলক বিপদত পেলোৱা দেখা গৈছে৷ তেওঁ ভবিষ্যতৰ দিনত জিলা খনৰ ৫০ৰো অধিক মাছ কমিউনিকেচনৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী সকলক লৈ আশাবাদী৷

আনহাতে, সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে, আজিৰ প্ৰজন্মই সংবাদ সেৱাক জীৱনৰ বৃত্তি হিচাবে লব পাৰে৷ প্ৰত্যাহ্বানৰ মাজেৰে সংবাদ সংগ্ৰহ কৰা ভিন্ন অভিজ্ঞতাৰে পুষ্ট সাংবাদিক সকলক মৰমৰ দৃষ্টিৰে চাব লাগে৷ তেওঁলোকেই হ’ল সমাজ গঠন প্ৰক্ৰিয়াৰ অংশস্বৰূপ৷

সভাত বঁটা প্ৰাপক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতাই সংবাদ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা ৰাইজৰ আগত সাৱলীল ভাবে বৰ্ণনা কৰে৷

লগতে পঢ়ক:Pegasus: ফোনত চোৰাংচোৱাগিৰি কৰাৰ বাবে ইজৰাইলৰ পৰা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছিল মোদী চৰকাৰে!

ইয়াৰ উপৰিও কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাসৰ লগতে কেবাগৰাকী ব্যক্তি, ৰাইজ তথা জিলাখনৰ সাংবাদিক সকল উপস্থিত থাকে৷

সভাখনত ২০২১ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক চন্দন চক্ৰৱৰ্তীক সাংবাদিক কৰ্ম পৰিষদৰ গোৱালপাৰাৰ জিলা সমিতিৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd