যুৱতীৰ পৰা ৩ লাখ ২৫ হাজাৰ প্ৰৱঞ্চনাৰে হৰলুকি কৰা প্ৰৱঞ্চক দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মা শিৱসাগৰ আৰক্ষীৰ জালত।
উল্লেখ্য যে শিৱসাগৰ জাঁজী ফুলপানীছিগাৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীক অইল ইণ্ডিয়া অ’এনজিচিৰ পৰা ৮০ লাখ টকা সাহাৰ্য দিয়াৰ নামত প্ৰৱঞ্চক ৰাজীৱ শৰ্মাই যুৱতীগৰাকীৰ পৰা ৩ লাখ ২৫ হাজাৰ টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰে। চিআৰচি ফাণ্ড লাভ কৰিবলৈ পঞ্জীয়ণ কৰিবৰ বাবে উক্ত ধন লোৱা বুলি জনাইছিল ভুক্তভোগী যুৱতীগৰাকীয়ে।
পিছত প্ৰৱঞ্চক ৰাজীৱে যুৱতীগৰাকীক এক্সিচ বেংকৰ ৮০ লাখ টকাৰ এখন ভুৱা চেক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আছে।
পিছত প্ৰৱঞ্চনাৰ বলি হোৱা পৰিয়ালটোৱে ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাক অৱগত কৰে আৰু শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰে।
শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা ৫৬/২০২২ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/ ৪২০/ ৪৬৮ ধাৰাৰ অধীনত শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে নিশা মৰাণৰ পৰা দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰে।
ইপিনে, ৰাজীৱ শৰ্মাৰ প্ৰৱঞ্চনাৰ এইটোৱেই প্ৰথম ঘটনা নহয়। ইয়াৰপূৰ্বে প্ৰৱঞ্চক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে উজনি অসমৰ বহুকেইখন থানাত প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈ থকাৰ উপৰিও ৪ মাহৰ পূৰ্বে জেলৰ পৰা মুকলি হৈ আহিছে বুলি কয় আৰক্ষীয়ে।