• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আগষ্টত চন্দ্ৰযান-৩ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2022 7:39 pm
Chandrayaan-3
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ দুবছৰৰ পিছত আন এক অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থা (ইছৰো)। চলিত বৰ্ষৰ আগষ্টত চন্দ্ৰযান-৩ ৰ উৎক্ষেপণৰ দ্বাৰা তৃতীয় চন্দ্ৰ অভিযানৰ লক্ষ্য লোৱা হৈছে বুলি মহাকাশ মন্ত্ৰালয়ে কয়।

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে চন্দ্ৰযান-২ৰ অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞসকলে দিয়া পৰামৰ্শৰ ওপৰত আধাৰিত কৰি চন্দ্ৰযান-৩ৰ প্ৰস্তুতি চলি আছে।

“বহুতো সম্পৰ্কিত হাৰ্ডৱেৰ বিশেষ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হৈছে আৰু ২০২২ চনৰ আগষ্টত মুকলি কৰাৰ সময় সূচী আছে।” মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে ইছৰোৱে ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত আন ১৯ টা অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত আছে– আঠটা উৎক্ষেপণ বাহন অভিযান, সাতখন মহাকাশযান অভিযান আৰু চাৰিটা প্ৰযুক্তি প্ৰদৰ্শক অভিযান।

“কোভিড-১৯ মহামাৰীৰ ফলত কেইবাটাও নিৰ্ধাৰিত অভিযান প্ৰভাৱিত হৈছিল। লগতে মহাকাশ খণ্ডৰ সংস্কাৰ আৰু নতুনকৈ প্ৰৱৰ্তন কৰা চাহিদা-চালিত আৰ্হিৰ পটভূমিত প্ৰকল্পসমূহৰ পুনৰ অগ্ৰাধিকাৰ দিয়া হৈছে।” তেওঁ লগতে কয়।

উল্লেখ্য যে চন্দ্ৰযান-3 অভিযান যোৱা বৰ্ষতে আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ভিদৰ বাবে বিলম্বিত হৈছিল। ২০০৮ চনৰ অক্টোবৰত উৎক্ষেপণ কৰা প্ৰথম চন্দ্ৰযান অভিযানে চন্দ্ৰত পানীৰ প্ৰমাণ বিচাৰি পোৱাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল।

অৱশ্যে ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান প্ৰথম অভিযানৰ দৰে সফল হোৱা নাছিল। চন্দ্ৰযান-২ দুৰ্ঘটনাৰ পিছত ইয়াৰ লেণ্ডাৰ আৰু ৰোভাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, কিন্তু অৰ্বিটাৰটো এতিয়াও চন্দ্ৰপৃষ্ঠৰ ওপৰত ঘূৰি আছে।

ইছৰোৱে চন্দ্ৰযান-৩ ৰ বাবে দ্বিতীয় অভিযানৰ কক্ষপথ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱানৰ মতে, চন্দ্ৰযান-৩ৰ বিন্যাস চন্দ্ৰযান-২ৰ সৈতে প্ৰায় একে হ’ব। কিন্তু অৰ্বিটাৰ, লেণ্ডাৰ আৰু ৰোভাৰ কনফিগাৰেচনৰ পৰিৱৰ্তে নতুন অভিযানত এটা প্ৰপালচন মডিউলৰ সৈতে লেণ্ডাৰ আৰু ৰোভাৰ থাকিব।

চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ আৰু ক্ৰাফ্টৰ ব্যয় প্ৰায় ২৫০ কোটি টকা, আনহাতে উৎক্ষেপণ ব্যয় হ’ব প্ৰায় ৩৫০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am
ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd