• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধন-জন একাউণ্টত সোমাল ১৫ লাখ টকা: প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ বুলি কৰিলে খৰচ; তাৰ পিছত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2022 7:00 pm
Modi`s 15 lakh promise
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত চৰকাৰ গঠনৰ পূৰ্বে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল এক লোভনীয় আৰু বিখ্যাত প্ৰতিশ্ৰুতি। নিজৰ ভাষণত তেওঁ চৰকাৰ গঠন কৰিলে দেশৰ প্ৰতিজন ব্যক্তিৰ একাউণ্টত ১৫ লাখকৈ টকা সোমোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

যোৱা বৰ্ষৰ আগষ্টত মহাৰাষ্ট্ৰৰ এজন কৃষকৰ ধন জন একাউণ্টত হঠাতে সোমাল ১৫ লাখ টকা। জ্ঞানেশ্বৰ ওটে নামৰ কৃষকজনে এই বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিল।

Apply Now

সহজ-সৰল কৃষক ওটেই ধৰি ল’লে এইয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰাখিলে। মোদীৰ কৃপাতে তেওঁ লাভ কৰিলে ১৫ লাখ টকাৰ ধনৰাশি। ১৫ লাখ টকাৰ ‘অনুদান’ লাভ কৰি তেওঁ আনকি প্ৰধানমন্ত্ৰীলৈ এখন ‘ধন্যবাদ’ পত্ৰও লিখিছিল।

মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ পাইথান তালুকাৰ বাসিন্দা জ্ঞানেশ্বৰ ওটে লগে লগে তেওঁৰ বেংক অফ বৰোদা একাউণ্টৰ পৰা এটা ঘৰ নিৰ্মাণৰ বাবে এই ১৫ লাখ টকাৰে ৯ লাখ টকা উলিয়াই আনে আৰু চৰম সন্তুষ্টিৰে এটি ঘৰো নিৰ্মাণ কৰে।

কিন্তু হঠাতে লাভ কৰা এই আনন্দৰ পাছত হঠাতেই লাগিল অথন্তৰ! ছয় মাহৰ পিছত তেওঁৰ মূৰত পৰিল ভয়ানক বজ্ৰপাত। ভাঙি পৰিল প্ৰধানমন্ত্ৰীলৈ ওপজা বিশ্বাসৰ দেৱাল।

ছয় মাহৰ পিছত ওটেলৈ বেংকৰ পৰা আহিল এখন অপ্ৰত্যাশিত জাননী। বেংকে প্ৰেৰণ কৰা এই জাননীত উল্লেখ কৰা হ’ল যে তেওঁৰ একাউণ্টত ভুলবশতঃ বৃহৎ পৰিমাণৰ ধন জমা কৰা হৈছে। লগতে, বেঙ্কে তেওঁক এই ধনৰাশি সম্পূৰ্ণৰূপে ঘূৰাই দিবলৈও নিৰ্দেশ দিয়ে।

এই অপ্ৰত্যাশিত জাননী লাভ কৰি ওটেৰ শিৰত সৰগ খহি পৰিল। দিশহাৰা হৈ পৰিল ওটে।

প্ৰকৃততে এই ধনখিনি পিম্পলৱাড়ী গ্ৰাম পঞ্চায়তক আৱণ্টন কৰা হৈছিল। চাৰি মাহৰ পিছত গ্ৰাম পঞ্চায়তে অনুভৱ কৰিলে যে ইয়াৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ধন জ্ঞানেশ্বৰ ওটেৰ একাউণ্টত জমা কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত জ্ঞানেশ্বৰ ওটেই কয় যে তেওঁ এই ধন কেৱল প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ একাউণ্টলৈ প্ৰেৰণ কৰা বুলি ভবা বাবেহে খৰচ কৰিছিল।

ইতিমধ্যে ওটেই বেঙ্কক ৬ লাখ টকা পৰিশোধ কৰিছে। কিন্তু ঘৰ নিৰ্মাণত খৰচ কৰা ৯ লাখ টকা পৰিশোধ কৰিবলৈ বাকী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd