• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধন-জন একাউণ্টত সোমাল ১৫ লাখ টকা: প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ বুলি কৰিলে খৰচ; তাৰ পিছত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2022 7:00 pm
Modi`s 15 lakh promise
301
VIEWS
Share on FacebookShare on Twitter

২০১৪ চনত চৰকাৰ গঠনৰ পূৰ্বে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল এক লোভনীয় আৰু বিখ্যাত প্ৰতিশ্ৰুতি। নিজৰ ভাষণত তেওঁ চৰকাৰ গঠন কৰিলে দেশৰ প্ৰতিজন ব্যক্তিৰ একাউণ্টত ১৫ লাখকৈ টকা সোমোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

যোৱা বৰ্ষৰ আগষ্টত মহাৰাষ্ট্ৰৰ এজন কৃষকৰ ধন জন একাউণ্টত হঠাতে সোমাল ১৫ লাখ টকা। জ্ঞানেশ্বৰ ওটে নামৰ কৃষকজনে এই বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিল।

সহজ-সৰল কৃষক ওটেই ধৰি ল’লে এইয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰাখিলে। মোদীৰ কৃপাতে তেওঁ লাভ কৰিলে ১৫ লাখ টকাৰ ধনৰাশি। ১৫ লাখ টকাৰ ‘অনুদান’ লাভ কৰি তেওঁ আনকি প্ৰধানমন্ত্ৰীলৈ এখন ‘ধন্যবাদ’ পত্ৰও লিখিছিল।

মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ পাইথান তালুকাৰ বাসিন্দা জ্ঞানেশ্বৰ ওটে লগে লগে তেওঁৰ বেংক অফ বৰোদা একাউণ্টৰ পৰা এটা ঘৰ নিৰ্মাণৰ বাবে এই ১৫ লাখ টকাৰে ৯ লাখ টকা উলিয়াই আনে আৰু চৰম সন্তুষ্টিৰে এটি ঘৰো নিৰ্মাণ কৰে।

কিন্তু হঠাতে লাভ কৰা এই আনন্দৰ পাছত হঠাতেই লাগিল অথন্তৰ! ছয় মাহৰ পিছত তেওঁৰ মূৰত পৰিল ভয়ানক বজ্ৰপাত। ভাঙি পৰিল প্ৰধানমন্ত্ৰীলৈ ওপজা বিশ্বাসৰ দেৱাল।

ছয় মাহৰ পিছত ওটেলৈ বেংকৰ পৰা আহিল এখন অপ্ৰত্যাশিত জাননী। বেংকে প্ৰেৰণ কৰা এই জাননীত উল্লেখ কৰা হ’ল যে তেওঁৰ একাউণ্টত ভুলবশতঃ বৃহৎ পৰিমাণৰ ধন জমা কৰা হৈছে। লগতে, বেঙ্কে তেওঁক এই ধনৰাশি সম্পূৰ্ণৰূপে ঘূৰাই দিবলৈও নিৰ্দেশ দিয়ে।

এই অপ্ৰত্যাশিত জাননী লাভ কৰি ওটেৰ শিৰত সৰগ খহি পৰিল। দিশহাৰা হৈ পৰিল ওটে।

প্ৰকৃততে এই ধনখিনি পিম্পলৱাড়ী গ্ৰাম পঞ্চায়তক আৱণ্টন কৰা হৈছিল। চাৰি মাহৰ পিছত গ্ৰাম পঞ্চায়তে অনুভৱ কৰিলে যে ইয়াৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ধন জ্ঞানেশ্বৰ ওটেৰ একাউণ্টত জমা কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত জ্ঞানেশ্বৰ ওটেই কয় যে তেওঁ এই ধন কেৱল প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ একাউণ্টলৈ প্ৰেৰণ কৰা বুলি ভবা বাবেহে খৰচ কৰিছিল।

ইতিমধ্যে ওটেই বেঙ্কক ৬ লাখ টকা পৰিশোধ কৰিছে। কিন্তু ঘৰ নিৰ্মাণত খৰচ কৰা ৯ লাখ টকা পৰিশোধ কৰিবলৈ বাকী আছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd