পৰিয়ালে নিৰুদ্দেশ হৈ থকা বুলি দাবী কৰা মুম্বাইৰ এগৰাকী ১৬বছৰীয়া কিশোৰীক দেওবাৰে নগাঁৱৰ কঠিয়াতলীৰ পৰা উদ্ধাৰ কৰা হয়।
নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াই কয় যে কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালে যোৱা ২০২১ৰ ডিচেম্বৰত তাইক অপহৰণ কৰা বুলি অভিযোগ কৰিছিল।
তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ সন্ধান চলাই থকা হৈছিল যদিও শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে কঠিয়াতলীৰ শগুনগাঁও অঞ্চলত ছোৱালীজনীক লক্ষ্য কৰে।
লগতে পঢ়ক:নতুন আতংক ‘লাছা ফীভ্যাৰ’ ৰোগটোনো কি? ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
সোধপোছ কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে এইজনীয়েই মুম্বাই আৰক্ষীয়ে নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়া ছোৱালীজনী। নগাঁও আৰক্ষীৰ দলটোৱে সেইদৰে তাইৰ পৰিচয় বিচাৰি গম পায় যে তাই সেই অঞ্চললৈ এজন স্থানীয় লোকৰ সৈতে আহিছে।
দুয়োকে জেৰা কৰাৰ পিছত মুম্বাই আৰক্ষীক খবৰ দিয়া হয়।
তাৰ পিছতে নৱী মুম্বাইৰ এটা আৰক্ষীৰ দল আহি কঠিয়াতলীত উপস্থিত হয় আৰু দুয়োকে জিম্মাত লয়।
লগতে পঢ়ক:দেৰগাঁৱত ১৬বছৰীয়া কিশোৰীৰ আত্মহত্যা; লিখি থৈ গ’ল ১১পৃষ্ঠাৰ আত্মহত্যাৰ টোকা
মুম্বাই আৰক্ষীয়ে ইয়াক এক সম্ভাৱ্য অপহৰণৰ ঘটনা বুলি সন্দেহ কৰিছে যদিও সেয়া এতিয়াও নিশ্চিত হোৱা নাই।