• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউক্ৰেইন সংকট: পুনৰ ঘনীভূত ৰাছিয়া-আমেৰিকাৰ মাজত শীতল যুদ্ধৰ আশংকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 23, 2022 2:14 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন সংকটে এতিয়া বিশ্বৰ বহু দেশৰ চকুত ৰাছিয়াক হীন কৰি পেলাইছে। বিশেষকৈ পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে সংঘবদ্ধ ভাবে প্ৰতিবাদ সাৱস্ত্য কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

মস্কোৱে পূৱ ইউক্ৰেইনৰ দুটা বিচ্ছিন্ন অঞ্চলক স্বতন্ত্ৰ অঞ্চল হিচাপে স্বীকৃতি দিয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নতুন বিত্তীয় আৰু অৰ্থনৈতিক নিষেধাজ্ঞাৰ জাৰি কৰাৰ পৰিকল্পনা কৰিছে।

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ইউক্ৰেইনৰ উক্ত দুটা অঞ্চলত ৰাছিয়াৰ সৈন্য মোতায়েন কৰা হৈছে।

ৰাছিয়াৰ এনে কাৰ্যৰ বিৰোধিতা কৰি হোৱাইট হাউচৰ বিষয়াসকলে কৈছে যে ইউক্ৰেইনত ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় চুক্তি উলংঘা কৰি সামৰিক শক্তিৰে সকলোকে অৱদমন কৰি ৰাখিব বিচাৰিছে।

এয়া কোনো পধ্যে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি হোৱাইট হাউচে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিব বুলি সকিয়াই দিছে।

ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহেও ৰাছিয়াৰ বিৰুদ্ধে সাম্ভাব্য নিষেধাজ্ঞাৰ কথা বিবেচনা কৰি আছে।

ইপিনে পশ্চিমীয়া দেশসমূহৰ এনে প্ৰস্তুতিৰ মাজতে মস্কোৱে কৈছে যে পুটিনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ যিকোনো পদক্ষেপে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ব্যক্তিগত ক্ষতি নকৰে কিন্তু ৰাজনৈতিকভাৱে ই ধ্বংসাত্মক প্ৰমাণিত হ’ব।

হোৱাইট হাউচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিপ উদ্যোগসমূহক কৈছে যে যদি মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰে তেন্তে ৰাছিয়ালৈ ৰপ্তানিৰ ওপৰত নতুন নিষেধাজ্ঞাৰ বাবে কোম্পানীসমূহ সাজু থাকিব লাগিব।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নৰ ইতিমধ্যে ৰাছিয়াৰ শক্তি আৰু প্ৰতিৰক্ষা খণ্ডৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি থৈছে।
ৰাছিয়াৰ চৰকাৰী গেছ কোম্পানী গেজপ্ৰম, ইয়াৰ শাখা গেজপ্ৰমনেফ্ট আৰু তেল উৎপাদক লুকইল, ৰোচনেফ্ট আৰু চুৰগুট নেফ্টেগাজে ৰপ্তানি,আমদানিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে।

ৰাছিয়াই জাৰ্মানীলৈ শেহতীয়াকৈ সম্পূৰ্ণ কৰা পাইপলাইন নৰ্ড ষ্ট্ৰীম ২ৰ অনুমোদনৰ ক্ষেত্ৰতো ইউৰোপীয় ইউনিয়নে নিষেধাজ্ঞা জাৰি কৰিছে। ফলত ৰাছিয়াই জাৰ্মানীলৈ প্ৰস্তাৱিত তেল তথা গেছ সৰবৰাহ বন্ধ হৈ থাকিব।

পশ্চিমীয়া দেশে গ্ৰহণ কৰিবলগীয়া আটাইতকৈ কঠোৰ পদক্ষেপ বোৰৰ ভিতৰত এটা হ’ব ছুইফ্টৰ পৰা ৰাছিয়াৰ বিত্তীয় সংযোগ বিচ্ছিন্ন কৰা।ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিব।

উল্লেখ্য ২০১২ চনত ছুইফ্টে ইৰানৰ বেংকসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল। তেহৰাণে পাৰমাণৱিক কাৰ্যসূচী বাতিল নকৰাৰ বাবেই এনে পদক্ষেপ লোৱা হৈছিল।ফলত ইৰানৰ অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল।

২০১৪ চনত মস্কোৱে ক্ৰিমিয়া অধিগ্ৰহণ কৰাৰ সময়ত ৰাছিয়াত ছুইফ্টৰ প্ৰৱেশাধিকাৰ হ্ৰাস কৰাৰ আহ্বান জনোৱা হৈছিল, যাৰ ফলত মস্কোৱে এটা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল। ৰাছিয়া-আমেৰিকাৰ মাজত বিগত শতিকাৰ ৮০ৰ দশকত সংঘটিত শীতল যুদ্ধৰ পৰিবেশ পুনৰ উভতি আহিব বুলি এতিয়া বিভিন্ন মহলে আশংকা প্ৰকাশ কৰিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd