• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত মিত্ৰ অগপক তুলাধুনা বিজেপিৰ, ৩৫ বছৰে ফণীভূষণ চৌধুৰীয়ে কি কৰিলে?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 24, 2022 7:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিত কোনো কাৰো মিত্ৰ নহয়, কথাষাৰ পুনৰ প্ৰমাণ হ’ল বঙাইগাঁৱত।

‘বঙাইগাঁৱত বিধায়ক ফণীভূষণ চৌধুৰী আছে ৷ কিন্তু বঙাইগাঁও পৌৰসভা বিজেপিকেই লাগিব ৷ সেই কাৰণে ৰাইজ ওলাই আহিছে ৷ অগপক ৰাইজে বাৰে বাৰে চালে, বিজেপিক এইবাৰ চাওঁক ৷এইবাৰ বিজেপিক চালে দেখিব পৰিৱৰ্তন কি দৰে হয় ৷’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷

সমাগত পৌৰসভা নিৰ্বাচনৰ বাবে বঙাইগাঁও চহৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উত্তৰ বঙাইগাঁও, লেচুতোলা আৰু ভাকাৰিভিটাত অনুষ্ঠিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

উত্তৰ বঙাইগাঁৱত সভাপতিগৰাকীয়ে ১৩ নম্বৰ ৱাৰ্ডৰ দলীয় প্ৰাৰ্থী জয়শ্ৰী বৰদলৈৰ হৈ অনুষ্ঠিত কৰা এখন নিৰ্বাচনী প্ৰচাৰ সভাত সমবেত ৰাইজক উদ্দেশ্যি কয় যে বিজেপিয়ে সদায় উন্নয়নৰ ৰাজনীতি কৰে ৷ জাত – পাত আৰু সম্প্ৰদায়ৰ ৰাজনীতি বিজেপিয়ে নকৰে ৷ সেয়ে যদি উন্নয়ন লাগে, তেতিয়াহলে বিজেপিক ভোট দিব লাগিব৷ তেওঁ কয়—’মোৰ খুব লাজ লাগিছে যে ১৩ নম্বৰ ৱাৰ্ডত বাট- পথ নাই, বানপানী হয় ৷ বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিলে এই সমস্যা সমাধান হ’ব ৷ বিজেপিয়ে পৌৰসভা দখল কৰিলে চিলনী চোৰৰ উৎপাত তথা ধন লুটৰ ঘটনা ৰোধ কৰাৰ বাবে চহৰখনৰ গুৰুত্বপূৰ্ণ ঠাইসমূহত চিচিটিভি লগোৱা হ’ব’ ৷

সেইদৰে ৱাৰ্ডে ৱাৰ্ডে এহেজাৰ মানুহ বহিব পৰা শীত তাপ নিয়ন্ত্ৰিত একোটাকৈ সভা গৃহ নিৰ্মাণ কৰি দিয়া হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৷ সভাপতি কলিতাই কয় যে বঙাইগাঁও পৌৰসভাত ২৫ টা ৱাৰ্ড আছে ৷ তাৰে অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ ৱাৰ্ডটো তেওঁক ‘বনাচ পইন্ট’ হিচাবে এৰি দিয়া হৈছে।

তেওঁ কয়—’আমি সেইটো ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা নকৰিলো ৷ বাকী ২৪ টা ৱাৰ্ডেই বিজেপিয়ে দখল কৰিব ।’

আনহাতে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে কয় যে বঙাইগাঁও জিলাখনত যদি কোনোবাই উন্নয়নমূলক কাম কৰিছে, তেতিয়াহলে বিজেপি নেতৃত্বাধীন চৰকাৰখনেই কৰিছে ৷

৩৫ বছৰ ধৰি অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও সমষ্টিটো দখল কৰি আহিছে যদিও এখন চিকিৎসা মহাবিদ্যালয়েই বা  অভিযান্ত্ৰিক মহাবিদ্যালয়েই নিৰ্মাণ কৰিব পাৰিলেনে বুলিও নেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

তেওঁ কয়—’আজি যি হৈছে সেয়া বিজেপি চৰকাৰৰ বাবেই হৈছে’ ৷ 

সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা মনালিছা কোঁচ, জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস, টাউন উত্তৰ মণ্ডলৰ সভাপতি প্ৰদীপ ঘোষ আদিৰ লগতে ৱাৰ্ডকেইটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd