• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিমিষতে সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰিল হিমা : ছ’চিয়েল মিডিয়াতো শুভেচ্ছাৰ জোৱাৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 10, 2018 8:51 pm
HimaDasMain
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোধহয় ইয়াকে কয় স্বভাৱগত প্ৰতিভা। অসমৰ দৰে আন্তঃগাঁথনিৰ বিশেষ সুবিধা নথকা তথা খেলুৱৈৰ বাবে কোনো বিশেষ চৰকাৰী সমৰ্থন নথকা ৰাজ্য এখনৰ এখন ভিতৰুৱা গাৱঁৰ, এটা তেনেই সাধাৰণ খেতিয়ক পৰিয়ালৰ এজনী ছোৱালীয়ে দৌৰত চেৰ পেলালে উন্নত উন্নত দেশৰ, উভৈনদী সা-সুবিধাৰ মাজেৰে নিজকে সাজু কৰি অনা প্ৰতিদ্বন্দ্বীক।

সঁচাকৈয়ে ভাবিলে আচৰিত হ’ব লাগে যে দুবছৰ আগলৈকে কমনৱেল্‌থ গেইমছৰ বিষয়ে বিশেষ জ্ঞান নথকা নগাঁৱৰ ধিং অঞ্চলৰ এটা সাধাৰণ খেতিয়ক পৰিয়ালৰ ছোৱালী হিমা দাস আজি দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিলে কমনৱেল্‌থ গেইমছত কৰা প্ৰদৰ্শনৰ বাবে।

Apply Now

আজি অষ্ট্ৰেলিয়াত চলি থকা কমনৱেল্‌থ গেইমছৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সংবাদ মাধ্যমে হিমা দাসৰ খবৰ  বেচ উৎসাহেৰে প্ৰচাৰ কৰিছে। আনহাতে অসমৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে হিয়া উজাৰি প্ৰশংসা কৰাৰ লগতে কাইলৈ হ’ব লগীয়া ফাইনেলৰ বাবে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰ জোৱাৰ দেখা গৈছে।

উল্লেখযোগ্য যে আজি অনুষ্ঠিত মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে হিমাই তৃতীয় স্থান দখল কৰে। তেওঁ সময় লৈছিল ৫১.৫৩ ছেকেণ্ড।

কাইলৈ খেলুৱৈগৰাকীয়ে পদকৰ বাবে চূড়ান্ত দৌৰত অংশ ল’ব। ফাইনেলত দৌৰিব লগীয়া প্ৰতিযোগীসকলৰ মাজত সময় মানৰ ক্ষেত্ৰত হিমা সপ্তম স্থানত আছে। হ’লেও ক্ৰমে নিজৰ সময় মান উন্নীত কৰি নিয়া হিমাৰ ক্ষেত্ৰত ৰাজ্য তথা দেশে যথেষ্ট আশাৰ ৰেঙনি দেখিছে। কাৰণ ২০১৬ চনৰ পৰাই, যেতিয়াৰ পৰা হিমাই পেচাদাৰীভাৱে দৌৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই নিজৰ সময়মান ক্ৰমে উন্নত কৰি নিয়া দেখা গৈছে। ছেমি ফাইনেলতো আমি তাৰেই প্ৰতিফলন দেখিলো।

মন কৰিব লগীয়া কথাটো হ’ল আজি নিজৰ প্ৰতিভাৰ বলত আজি সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াৰ শিৰোমণি হৈ পৰা হিমাই কেতিয়াও কল্পনাই কৰা নাছিল এনে এটা পৰ্য্যায়ৰ সফলতাৰ কথা। পূৰ্বে দিয়া এটা সাক্ষাৎকাৰত হিমাই কৈছিল যে আনকি তেওঁ দুবছৰ আগলৈকে কমনৱেল্‌থ গেইমছৰ কথা শুনাই নাছিল।

খেতিয়ক মাক-দেউতাকৰ পাঁচজন সন্তানৰ ভিতৰত হিমা আছিল একেবাৰে সৰু। আৰ্থিক সচ্ছলতা নথকা পৰিয়ালটোৰ সামৰ্থ্য নাছিল তেওঁক খেলুৱৈ কৰি গঢ়াৰ। তাৰ মাজতে হিমাই নিজে পঢ়া বিদ্যালয়খনত ফুটবল খেলিছিল মাজে মাজে। তাৰ পিছতে হিমাক প্ৰথমৰ পৰাই গাইড দিয়া নৱজিৎ মালাকাৰ আৰু নিপন দাসৰ পৰামৰ্শত দৌৰক নিজৰ কেৰিয়াৰ হিচাপে বাছি লয়। তাৰ পিছতো বহুতো অপ্ৰত্যাশিত ডেওনা, অপ্ৰত্যাশিত সফলতাৰ মাজেৰে হিমাই আগ বাঢ়ি মাত্ৰ দুবছৰৰ ভিতৰতে বিশ্ব পৰ্য্যায়ৰ প্ৰতিযোগিতাত সকলোৰে দৃষ্টি কঢ়া এগৰাকী এথলীটত পৰিণত হৈছে। এনেকুৱা উন্নতি কেৱল স্বাভাৱিক প্ৰতিভাৰ বলতহে সম্ভৱ আৰু ইয়াক একে আষাৰে চমৎকাৰ বুলি কোৱাটো কোনো অতিৰঞ্জন নহয়।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd