• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি নিজে সচেতন নহ’লে ভাষা নাবাচিব: ডাঃ ধ্ৰুৱজ্যোতি বৰা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 27, 2022 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জাতকৰ এটা কাহিনীত ভগৱান বুদ্ধই ৰং সানি দিয়া পখিলাই সকলোৰে মনত আনন্দৰ খোৰাক যোগোৱাৰ দৰে “বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ” কিতাপখনেও ইয়াত থকা বিভিন্ন সাধুকথা, কাহিনী, জীৱনী, দেশ-বিদেশৰ লোককথা আৰু কালজয়ী সাহিত্যৰ অনুবাদৰ জৰিয়তে আমাৰ শিশুসকলক প্ৰভূত পৰিমাণে উপকৃত কৰিব।’ অন্বেষাৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত অন্বেষাৰ দ্বাৰা প্ৰকাশিত বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ(প্ৰথম আৰু দ্বিতীয় খণ্ড) উন্মোচন কৰি এই মত প্ৰকাশ কৰে প্ৰথিতযশা ঔপন্যাসিকা আৰু সাহিত্য অকাডেমি বঁটাৰে সন্মানিতা ডঃ অৰূপা পটংগীয়া কলিতাই। তেখেতে লগতে এই কিতাপখন অসমীয়া সাহিত্যলৈ এক মূল্যৱান সংযোজন ৰূপে চিহ্নিত হৈ ৰ’ব বুলিও উল্লেখ কৰে।

নিজৰ ভাষণ প্ৰসংগত আজিকালিৰ ল’ৰা-ছোৱালীয়ে অসমীয়াত নপঢ়া কথাটো লৈও তেখেতে গভীৰ উদ্বেগ প্ৰকাশ কৰে। অকল অসমীয়া বা ইংৰাজী ভাষাত পঢ়া-শুনা কৰাৰ বিপৰীতে দুয়োটা ভাষাতে সমানে চৰ্চা কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেখেতে সম্প্ৰতি অসমত ভাষা ৰক্ষাৰ নামত ৰাজনীতি চলিছে বুলিও খেদ প্ৰকাশ কৰে। অসমীয়া ভাষাত উৎকৃষ্ট শিশু-সাহিত্য সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতে পিতৃ-মাতৃসকলক নিজৰ ল’ৰা-ছোৱালীক অসমীয়া কিতাপ পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈও আহ্বান জনায়।

Apply Now

সভাত অংশগ্ৰহণ কৰি বিশিষ্ট কবি আনিছ উছ জামানে কয় যে আমাৰ লোক সাহিত্য দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অতি চহকী। এই লোক সাহিত্যৰ অধ্যয়নৰ জৰিয়তেহে আমি আমাৰ ভাৱ-চেতনাৰ জগতখন সঞ্জীৱিত কৰিব পাৰিম। আমাৰ পূৰ্বসূৰীসকলৰ দৰে বন্দিতা গোস্বামী শইকীয়াইও এই লোক সাহিত্যৰ অধ্যয়নৰ জৰিয়তে সাহিত্য সৃষ্টিৰ কামত ব্ৰতী হৈ আহিছে বুলি মত প্ৰকাশ কৰি জামানে আজিৰ নতুন প্ৰজন্মৰ লেখক-লেখিকাসকল আমাৰ এই সমৃদ্ধ লোক সাহিত্যৰ পৰম্পৰাটোৰ বিষয়ে ভালদৰে অৱগত নহয় বুলি কয়। অসমৰ আত্মা শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিৰাজিত নিহিত হৈ আছে বুলি উল্লেখ কৰি তেখেতে শংকৰ-মাধৱৰ ৰচনা নপঢ়াকৈ উৎকৃষ্ট সাহিত্য কেতিয়াও সৃষ্টি কৰিব পৰা নাযাব বুলিও মত প্ৰকাশ কৰে।

আন এগৰাকী বিশিষ্ট অতিথি প্ৰথিতযশা সাংবাদিক আৰু ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ অজিত কুমাৰ ভূঞাই শিশুৰ মানসিকতা বুজি সাহিত্য সৃষ্টি কৰাটো এটা অত্যন্ত জটিল কাম বুলি মত প্ৰকাশ কৰে। তেখেতে কয় যে ল’ৰা-ছোৱালীৰ ওপৰত আমি কোনো কথা জাপি দিব নালাগে। জাপি দিয়া কথাটো অতি ভয়ংকৰ বুলি উল্লেখ কৰি তেখেতে কয় যে ভাৰতবৰ্ষত শিশুসকলৰ স্বাধীনভাৱে চিন্তা-চৰ্চা কৰাৰ প্ৰৱণতাক একেবাৰেই উৎসাহিত কৰা নহয়। অসমত সম্প্ৰতি অসমীয়া ভাষা ধ্বংসৰ এক ষড়যন্ত্ৰ চলিছে আৰু তাৰ ফল প্ৰতিজন অসমীয়াই এদিন ভুগিব লাগিব বুলি উল্লেখ কৰি যিসকল সাহিত্যিকে নিষ্ঠাৰে ভাষা-সাহিত্যৰ কামত ব্ৰতী হৈ আহিছে তেওঁলোকক তেওঁ স্বাগতম জনায়।

সভাপতিৰ বক্তব্যত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই কয় যে শিশু-সাহিত্য অত্যন্ত বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰিবলগা এটা বিষয় আৰু স্বতঃস্ফূৰ্ততাৰ ওপৰত তাক কেতিয়াও এৰি দিব নোৱাৰি।
তেখেতে লগতে ভাষাৰ লগত ৰাজনীতিৰ কথাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি উল্লেখ কৰি কয় যে আজিলৈকে অসমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাটো বাধ্যতামূলক কৰাৰ কোনো আইন প্ৰণয়ন কৰা হোৱা নাই। তেখেতে এইবুলিও কয় যে আমি সচেতন নহ’লে আমাৰ ভৱিষ্যৎ প্ৰজন্মলৈ ভাষাটো প্ৰৱাহিত কৰি লৈ যাব নোৱাৰিম। এই ক্ষেত্ৰত তেওঁ ইংৰাজী মাধ্যমৰ স্কুলত নিজৰ সন্তানক পঢ়ুওৱা পিতৃ-মাতৃসকলে সচেতনভাৱেই সৰুৰে পৰাই অসমীয়া কিতাপ ল’ৰা-ছোৱালীক পঢ়ি শুনোৱা, ঘৰখনত অসমীয়া কিতাপ ৰখাৰ আৰু পঢ়াৰ পৰিবেশ গঢ়ি তোলা, স্কুলৰ পুথিভঁৰালত অসমীয়া কিতাপ থকাৰ আৰু ল’ৰা-ছোৱালীক পঢ়ুওৱা আৰু ঘৰলৈ আনিবলৈ দিয়াৰ ব্যৱস্থা কৰাৰ দৰে কেতবোৰ ব্যৱহাৰিক পৰামৰ্শও আগবঢ়ায়।

অনুষ্ঠানত ভাগ লৈ আন এগৰাকী বিশিষ্ট বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডঃ অনুৰাধা দত্তই লেখিকাৰ সৈতে থকা ব্যক্তিগত সান্নিধ্যৰ কথা সোৱঁৰে। তেখেতে ভাষাটো ৰক্ষাৰ বাবে প্ৰতিজন অসমীয়াই আগবাঢ়ি আহিব লাগিব বুলি মত প্ৰকাশ কৰে। তেখেতে লগতে এখন সুন্দৰ শিশু-সাহিত্যৰ কিতাপ প্ৰকাশ কৰি উলিওৱাৰ বাবে লেখিকা আৰু প্ৰকাশক অন্বেষাৰ শলাগ লয়।

অনুষ্ঠানটোৰ আঁত ধৰোঁতা অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে কয় যে শিশুৰ সত্তা এক স্বতন্ত্ৰ সত্তা। এই কথাটো আমাৰ বেছিভাগ শিশু-সাহিত্যিকে বুজি নাপায়। তেওঁলোকে তেওঁলোকৰ মানসিক পৰিমণ্ডলটো শিশুৰ পৰ্যায়লৈকে নিব পাৰিলেহে সফল শিশু-সাহিত্য ৰচনা কৰিব পাৰিব বুলি আৰু এই ক্ষেত্ৰত বন্দিতা গোস্বামী শইকীয়া ভালেখিনি সফল হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰী বসুধা গৌতমে বন্দিতা গোস্বামী শইকীয়াৰ এটি শিশু কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে।

লেখিকা শইকীয়াই এই বিশেষ দিনটো তেখেতৰ বাবে এটা আপুৰুগীয়া দিন বুলি অভিহিত কৰে আৰু সকলোৰেপৰা লাভ কৰা শুভাশীষে তেখেতক আগলৈও লিখি থাকিবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে।

শেষত অন্বেষাৰ সচিব দুদুলমণি শৰ্মাই সকলোকে ধন্যবাদ জনোৱাৰ লগতে ব্যক্তিগত দুৰ্যোগক সুযোগ আৰু সম্পদলৈ ৰূপান্তৰিত কৰাৰ এক প্ৰকৃষ্ট উদাহৰণ “বন্দিতা গোস্বামী শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ” কিতাপখন বুলি অভিহিত কৰে।
আৰম্ভণিৰেপৰা শেষলৈকে সভাগৃহ ঠাহ খাই থকাটো অনুষ্ঠানটোৰ এটা উল্লেখযোগ্য দিশ আছিল। দৰ্শক হিচাবে অনুষ্ঠানটোত উপস্থিত থকা লোকসকল আছিল অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনৰ বিশিষ্ট ব্যক্তি সকল। উপস্থিত সকলোৱে এটা সুন্দৰ আৰু মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আয়োজক অন্বেষাৰ শলাগ লয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd