• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ পাৰ্শ্বক্ৰিয়া: ৰাছিয়া এৰিছে বহু প্ৰখ্যাত কোম্পানীয়ে, কি কি কোম্পানী?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 3, 2022 8:35 am
3.4k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা যুদ্ধই আজি অষ্টম দিনত ভৰি দিলে।

এই যুদ্ধৰ ফলত যে কেৱল ৰাছিয়াৰেই ক্ষতি হৈছে তেনে নহয়। যুদ্ধৰ ফলত সামৰিক দিশৰ লগতে অৰ্থনৈতিক দিশত ৰাছিয়াৰো বিস্তৰ ক্ষতি হৈছে। যুদ্ধৰ অচিলালৈয়েই ৰাছিয়াৰ পৰা স্থানান্তৰিত হৈছে বিশ্বৰ বহু প্ৰখ্যাত কোম্পানী। ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ইউৰোপীয় সংঘ, আমেৰিকা যুক্তৰাজ্য, জাপান, চুইজাৰলেণ্ড , অষ্ট্ৰেলিয়াৰ লগতে বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি আহিছে।

এপ’ল, ডিজনী আৰু ফৰ্ডকে ধৰি বহু সংখ্যক আন্তৰ্জাতিক কোম্পানীয়ে ইউক্ৰেইন আক্ৰমণৰ পিছতে ৰাছিয়াত কাম-কাজ বন্ধ কৰি দিছে।

বিশ্ব বিখ্যাত এক্সনে কোম্পানীয়ে ঘোষণা কৰিছে যে কোম্পানীটোৱে ইয়াৰ অন্তিমটো ৰাছিয়ান প্ৰকল্পটো বন্ধ কৰিব। বিমান নিৰ্মাণকাৰী মাৰ্কিন সংস্থা বোয়িঙে মস্কোত কোম্পানীটোৰ কাম বন্ধ কৰি দিছে।

তৈলখণ্ডৰ প্ৰখ্যাত কোম্পানী বিপি আৰু শ্বেলকে ধৰি অন্যান্য বহু কেইটা কোম্পানীয়ে ৰাছিয়াত থকা কাৰ্যালয়ত তলা ওলোমাই দিছে।

ডিজনী , চিএনএনৰ অধীনষ্ঠ কোম্পানী ৱাৰ্ণাৰ মিডিয়াৰ দৰে মনোৰঞ্জন সম্পৰ্কীয় ষ্টুডিঅ’বোৰে ৰাছিয়াত নতুন চলচ্চিত্ৰৰ মুক্তি দিয়া বন্ধ কৰিছে।

ৰাছিয়াই দেশ খনত থকা পশ্চিমীয়া কোম্পানীবোৰ এনেদৰে বন্ধ কৰি দিয়া কাৰ্যত বাধা দিবলৈ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই। ফলত বৃহৎ অৰ্থনৈতিক লোকচানৰ দিশে অগ্ৰসৰ হৈছে দেশ খন।

ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিচুষ্টিনে কৈছে যে ৰাছিয়াত থকা পশ্চিমীয়া দেশৰ কোম্পানীবোৰে “ৰাজনৈতিক চাপৰ” বাবে কোম্পানীসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। এয়া ৰাছিয়াৰ লগতে কোম্পানীবোৰৰ বাবেও ক্ষতিকাৰক কথা বুলি তেওঁ মন্তব্য কৰে।

কি কি কোম্পানী বন্ধ হ’ল ৰাছিয়া?
যান-বাহনৰ কোম্পানী

ৰাছিয়াত কাম বন্ধ কৰা এটা প্ৰখ্যাত যান-বাহন নিৰ্মাণকাৰী কোম্পানী হ’ল ফৰ্ড। ৰাছিয়াত এই মাৰ্কিন কোম্পানীটোৱে ৰাছিয়ান কোম্পানী ছ’লাৰ্ছৰ সৈতে কাম কৰি আছে আৰু কোম্পানীটোত কমেও ৪ হাজাৰ লোক জড়িত হৈ আছে।

একেদৰে আন এটা যান-বাহন নিৰ্মাণকাৰী সংস্থা জেনেৰেল মটৰ্ছে ঘোষণা কৰিছে যে কোম্পানীটোৱে ৰাছিয়ালৈ সকলো ৰপ্তানি বন্ধ কৰি দিছে।

বিমান পৰিবহন
বোয়িঙে ৰাছিয়ান এয়াৰলাইনছৰ সৈতে কাম কৰি আছিল যদিও যুদ্ধৰ পিছতে কোম্পানীটোৱে ৰাছিয়াত সকলো কাম-কাজ বন্ধ কৰি দিছে। কেৱল সেয়া নহয়, বিমানৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশ ৰাছিয়ালৈ প্ৰেৰণ কৰা নহ’ব বুলি বোয়িঙৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।

প্ৰযুক্তি প্ৰতিষ্ঠান
প্ৰযুক্তি প্ৰতিষ্ঠান এপ’লে ৰাছিয়াত ইয়াৰ সামগ্ৰীৰ বিক্ৰী বন্ধ কৰি দিছে।

ফেচবুক পৰিচালনা কৰা সংস্থা মেটাই ঘোষণা কৰিছে যে কোম্পানীটোৱে ইউৰোপীয় সংঘৰ অধীনষ্ঠ অঞ্চলত ৰাছিয়াৰ বাতৰি প্ৰতিষ্ঠান আৰটি আৰু স্পুটনিকৰ কোনো খা-খবৰ আদি প্ৰচাৰ নকৰে।

টুইটাৰেও ৰাছিয়াৰ বা-বাতৰি তথা তথ্য প্ৰচাৰ কৰাটো হ্ৰাস কৰিছে।
ফলত ৰাছিয়াই নিজাববীয়াকৈ প্ৰকাশ কৰা তথ্য আদি মানুহে সহজে টুইটাৰত দেখা নাপাব।

নেটফ্লিক্সে ঘোষণা কৰিছে যে কোম্পানীটোৱে ৰাছিয়াৰ চৰকাৰী টিভি চেনেলসমূহৰ অনুষ্ঠান প্ৰচাৰ নকৰে।

মনোৰঞ্জনধৰ্মী অনুষ্ঠান সম্প্ৰচাৰ কৰা স্পটিফাইয়ে কৈছে যে কোম্পানীটোৰ ৰাছিয়াত থকা কাৰ্যালয় “অনিৰ্দিষ্টকালৰ বাবে” বন্ধ কৰি দিয়া হৈছে।

কম্পিউটাৰ হাৰ্ডৱেৰ সামগ্ৰীৰ প্ৰতিষ্ঠান ৰোকুৱে ৰাছিয়াত ব্যৱসায়িক কাম-কাজ বন্ধ কৰি দিছে।

গুগলৰ মালিকানাধীন ইউটিউবে কৈছে যে ৰাছিয়াত ইউটিউবৰ কাৰ্য-কলাপ সীমিত কৰি দিয়া হৈছে।

গুগল আৰু ইউটিউবে লগতে কৈছে যে তেওঁলোকে ৰাছিয়াৰ সংবাদ মাধ্যমসমূহক তথ্য, খবৰ,বিজ্ঞাপন আদি প্ৰচাৰ কৰিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে।

শক্তিখণ্ডৰ কোম্পানী
বিপিয়ে ঘোষণা কৰিছে যে কোম্পানীটোৱে ৰাছিয়াৰ সৰ্ববৃহৎ তেল কোম্পানী ৰোচনেফ্টত থকা ১৯.৭৫ শতাংশ অংশীদাৰিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

নৰ’ৱেৰ তেল আৰু গেছ কোম্পানী ইকুইনৰে ঘোষণা কৰিছে যে ৰাছিয়াত কোম্পানীটোৱে ইয়াৰ কাম-কাজ বন্ধ কৰি দিছে।

এই কোম্পানীটোৱে ৰাছিয়াত ৩০ বছৰৰো অধিক কাল কাম কৰি আহিছে আৰু কোম্পানীটোৰ ৰোচনেফ্টৰ সৈতে সহযোগিতা চুক্তি আছে।

এক্সনেও ইয়াৰ অন্তিম ৰাছিয়ান প্ৰকল্পটো বন্ধ কৰি দিছে।

ব্ৰিটেইনৰ তেল কোম্পানী শ্বেলে ৰাছিয়াত কাম বন্ধ কৰি দিছে।

কোম্পানীটোৱে ৰাছিয়াৰ উত্তৰ-পশ্চিম চাইবেৰিয়াৰ গাইডেন উপ-দ্বীপত এটা বৃহৎ প্ৰকল্পত কাম কৰি আছিল যদিও সেয়া বন্ধ হৈ পৰিছে।

ফ্ৰান্সৰ আন এটা শক্তিখণ্ডৰ কোম্পানী টোটালএনাৰ্জিয়েও ৰাছিয়াত কোনো ধৰণৰ বিনিয়োগ নকৰাৰ সিদ্ধান্ত লৈছে।

বিত্তীয় প্ৰতিষ্ঠান
মাষ্টাৰকাৰ্ডে ঘোষণা কৰিছে যে কোম্পানীটোৱে ৰাছিয়াত ইয়াৰ কাম-কাজ সীমিত কৰি দিছে।

ভিছাই ঘোষণা কৰিছে যে কোম্পানীটোৱে ৰাছিয়াত ব্যৱসায়িক কাৰ্যকলাপ সন্দৰ্ভত শীঘ্ৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

মিডিয়া আৰু মনোৰঞ্জন
ৰাছিয়া সমৰ্থিত টেলিভিছন নেটৱৰ্ক আৰটিৰ সৈতে ডিৰেক টিভিয়ে সম্পৰ্ক ছেদ কৰিছে।

ডিজনীয়ে “ইউক্ৰেইনত ৰাছিয়াৰ অপ্ৰৰোচিত আক্ৰমণ”ক গৰিহণ দি ৰাছিয়াত চলচ্চিত্ৰৰ মুক্তি স্থগিত ৰাখিছে।

ডিজনীয়ে ৫ মে’ত ৰাছিয়াত মাৰ্ভেলৰ “ডক্টৰ ষ্ট্ৰেঞ্জ ইন দা মাল্টিভাৰ্চ অফ মেডনেছ” আৰু ১৬ জুনত পিক্সাৰৰ “লাইটইয়েৰ” মুক্তি দিয়াৰ কথা আছিল।

একেদৰে ৱাৰ্ণাৰ মিডিয়াই ৰাছিয়াত “দ্য বেটমেন”ৰ মুক্তি স্থগিত ৰাখিছে।

পৰিবহন
মাৰ্স্ক আৰু এমএচচি মেডিটেৰেনিয়ান শ্বিপিং কোম্পানী দুটাই ৰাছিয়াত কাৰ্গো বুকিং বন্ধ কৰি দিছে।

ছুইজাৰলেণ্ডৰ এমএছচি কণ্টেইনাৰ শ্বিপিং কোম্পানীটোৱে বাল্টিক, কৃষ্ণ সাগৰ আৰু পূৱ ৰাছিয়াৰ সাগৰত কোম্পানীটোৰ জাহাজৰ চলাচল বন্ধ কৰি দিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd