• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় দলৰ লগত থকা অগপ নেতাই দিলে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ মন্ত্ৰ , কি মন্ত্ৰ?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 5, 2022 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় দলৰ সৈতে মিতিৰালি পাতি ‘কা’ আন্দোলনৰ সময়ত পদত্যাগৰ নাটক কৰা একাংশ অগপ নেতাৰ মুখত এতিয়া আঞ্চলিকতাবাদৰ কথা বৰকৈ উচ্চাৰিত হ’বলৈ ধৰাৰ কথাই বহুতকে আচৰিত কৰি তোলা পৰিলক্ষিত হৈছে।

‘আঞ্চলিকতাবাদক শক্তিশালী কৰাতো সময়ৰ আহ্বান আৰু এয়া বাস্তৱ সত্য ৷ গতিকে এই সময়ৰ আহ্বানক নিশ্চিতভাৱে ৰাইজে সমৰ্থন আগবঢ়াব আৰু আগবঢ়াইছে’ ৷ এই মন্তব্য জ্যেষ্ঠ অগপ নেতা তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ৷ উল্লেখ্য যে অগপ বিধায়কগৰাকীয়ে শেহতীয়াভাৱে আঞ্চলিকতাবাদৰ পুনৰ উত্থান হ’ব বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ বাবে ৰণকৌশল প্ৰস্তুত কৰা বুলি কৰা মন্তব্যৰ পিচতে এতিয়া ৰাজ্যৰ ৰাজনীতিত বিষয়টোকলৈ চলিছে ব্যাপক চৰ্চা ৷ আনহাতে এই মন্তব্য কৰাৰ পিচতে বিজেপি দলৰ কেইবাগৰাকীও নেতাই বিধায়কগৰাকীক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷

Apply Now

সেইদৰে,আকৌ বিভিন্ন নেতাই বিধায়কগৰাকীক সমৰ্থনো কৰিছে । বিধায়ক চৌধুৰীয়ে লগতে কয় যে এই কথাখিনি কোৱাৰ পিচতে বহুতে মোৰ লগত টেলিফোনিক যোগাযোগ কৰিছে আৰু সকলোৱে এই কথাটোত সমৰ্থন আগবঢ়াইছে ৷ লগতে কৈছে যে অগপই ইয়াৰ নেতৃত্ব ল’ব লাগে আৰু অগপই নেতৃত্ব লৈ আঞ্চলিকতাবাদক কেনেদৰে শক্তিশালী কৰিব পাৰি তাৰ এটা পৰিকল্পনা কৰিব লাগে বুলি বহুতে পৰামৰ্শ আগবঢ়াইছে ৷ মই ভাৱো যে এই পৌৰসভা নিৰ্বাচনটো হৈ যোৱাৰ পিচত আমি নিশ্চিতভাৱে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ পক্ষত পৰিকল্পনা কৰিম ৷

বিধায়কগৰাকীয়ে কয় যে ইউডিএফক একত্ৰিত কৰাৰ কোনো কথা কোৱা নাই ৷ ইউডিএফক আমি কেতিয়াও সমৰ্থন নকৰো আৰু ইউডিএফক একত্ৰিত কৰাৰ কথা আমি কেতিয়াও ভৱাও নাই ৷ আমাৰ কথাটো হ’ল যে আমাৰ পৰা ওলাই গৈ বা যিসকলে নতুনকৈ ৰাজনৈতিক দল গঠন কৰিছে আৰু যিসকল অসম আন্দোলনৰ লগত জড়িত আছিল, যিসকলে অলম আন্দোলনত অংশগ্ৰহণ কৰিছিল সেইসকল ব্যক্তি এতিয়া বহুধা বিভক্ত হৈছে ৷ গতিকে সেই বহুধা বিভক্ত মানুহখিনিক আমি একত্ৰিত কৰিহে আঞ্চলিকতাবাদক শক্তিশালী কৰাতোহে আমাৰ লক্ষ্য আৰু উদ্দেশ্য ৷

আনহাতে দলৰ নেতৃত্বই এইক্ষেত্ৰত কোনো আহ্বান নজনোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে তেওঁলোকেও উপলব্ধি কৰিছে ৷ কিন্তু যেতিয়া বিষয়টো দলৰ মজিয়াত আলোচনা হ’ব নিশ্চিতভাৱে তেনেদৰে আগবাঢ়ি যাম আৰু আহ্বান জনাব ৷ এতিয়া মোৰ মনলৈ কথাটো আহিছে বাবে মই কৈছো ৷ এইটো আমাৰ দলৰ সিদ্ধান্ত নহয় ৷ দলৰ মজিয়াত এই বিষয়টো আলোচনা হ’ব ৷ আলোচনা হোৱাৰ পিচত নিশ্চয় আঞ্চলিকতাবাদক কেনেদৰে শক্তিশালী কৰিব লাগিব তাৰ পৰিকল্পনা কৰিব লাগিব’ ৷ আমি আমাৰ দলটোক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো ৷

ইতিমধ্যে আমি দলটোক শক্তিশালী কৰাৰ বাবে কিছুদিনপূৰ্বে এক সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছো ৷ এই সদস্যভৰ্তি অভিযান এইকাৰণে লোৱা হৈছে যাতে দলটোক শক্তিশালী কৰিব পৰা যায় আৰু দলটোৰ পতাকাৰ তলত ৰাইজ একত্ৰিত হয় সেই উদ্দেশ্য আগত ৰাখিয়ে আগবঢ়া হৈছে ৷ ইয়াৰ বাবে দলৰ মজিয়াত সিদ্ধান্ত গ্ৰহণ কৰি বিভিন্ন জিলা সমিতি বা বিধান পৰিষদসমূহক নিৰ্দেশনা দিয়া হৈছে বুলিও কয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd