• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত পৌৰসভাৰ নিৰ্বাচনে উদঙালে অগপ-বিজেপিৰ সংঘাত

বিজেপি দলে নিজাববীয়াকৈ গঠন কৰিব বঙাইগাঁও পৌৰসভা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 10, 2022 6:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিছপুৰত বিজেপি আৰু অগপৰ মাজত মিত্ৰতা আছে যদিও বঙাইগাঁৱত ক’বলৈ গ’লে আগৰে পৰা দল দুটাৰ মাজত মিত্ৰতা নাই ৷ সেয়ে আমি বিজেপি দলে নিজাববীয়াকৈ বঙাইগাঁও পৌৰসভা গঠন কৰিম ৷ এই মন্তব্য কৰিছে বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে ।

বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভা বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হোৱাৰ পিচত চাপাগুৰিৰ হোটেল চিগনেট পাৰ্কত আয়োজন কৰা এখন সংবাদ মেলত জিলা সভানেত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷ জিলা সভানেত্ৰীগৰাকীয়ে কয় যে বঙাইগাঁও জিলা পৰিষদত বিজেপি দলৰ দুজন সদস্য থকাৰ পিচতো অগপই এআইইউডিএফৰ সদস্যকলৈ জিলা পৰিষদখন গঠন কৰি আছে ৷

Apply Now

সেয়ে বঙাইগাঁৱত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা নাই বুলিয়ে কম ৷ পৌৰসভা গঠনৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ লগত আলোচনা কৰা নাই আৰু সেয়ে আমি ভাবিছো সম্ভৱ হলে নিজাববীয়াকৈ পৌৰসভা গঠন কৰিম ৷ আনহাতে বঙাইগাঁও পৌৰসভা নিৰ্বাচনত বিজেপি দলে ২৫ খন আসনৰ ভিতৰত ১৩ খন আসন লাভ কৰি পৌৰসভা গঠনৰ পথ মুকলি কৰিছে যদিও কংগ্ৰেছ আৰু অগপ দলৰ তিনিগৰাকী বিজয়ী প্ৰাৰ্থীয়েও বিজেপিক সমৰ্থন আগবঢ়োৱাৰ বাবে যোগাযোগ কৰি আছে বুলিও কয় ৷ সভানেত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দি কয় যে বঙাইগাঁও পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা ৪ নম্বৰ ৱাৰ্ডৰ একমাত্ৰ প্ৰাৰ্থীগৰাকীৰ লগতে অগপৰ দুগৰাকী প্ৰাৰ্থীয়ে বিজেপি দলক সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা আছে আৰু আলোচনা চলি আছে ৷ অতি কম সময়ৰ ভিতৰতে এই বিষয়টো চূড়ান্ত হ’ব ৷ বিজেপিয়ে বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভা গঠন কৰিবলৈ সক্ষম হোৱাৰ মূলতে দলৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ ইউনিটি বুলি কৈ বিজেপি দলৰ সকলোৱে একত্ৰিতভাৱে লাগি ভাগি কাম কৰাৰ বাবেই আমি পৌৰসভা নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হৈছো ৷ জিলাৰ কাৰ্যকৰ্তা তথা মণ্ডল আৰু বুথ কমিটিৰ কাৰ্যকৰ্তাসকলক ৰাজ্যিকৰ নেতৃত্বই গাইড কৰাৰ কাৰণেও এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি কয় ৷

এইক্ষেত্ৰত ৰাজ্যিক সভাপতি, মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে সদায় আমাৰ সৈতে যোগাযোগ কৰি থকাৰ লগতে দিহা পৰামৰ্শ আগবঢ়াই আছিল বুলিও কয় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী তথা বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বিজেপি দলৰ তত্বাৱধায়ক চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ ই এম অৰূপ কুমাৰ দে, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক মুকুতা ডেকা,জিতু কিষাণ, মুখপাত্ৰ সুভাষ দত্ত, সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওচমান গণি আদিকে বিভিন্নজন আহি নিৰ্বাচনী প্ৰচাৰ চলাইছিল বুলিও কয় ৷ এই ক্ষেত্ৰত ৰাজ্যিক কমিটিৰ পৰা যথেষ্ট সহযোগ পোৱা বুলিও কয় সভানেত্ৰীগৰাকীয়ে ৷ বাংলাভাষী এলেকাত বিটিচিৰ ই এম অৰূপ কুমাৰ দেৰ যথেষ্ট অৰিহণা থকা বুলিও কয় ৷ বিজেপিয়ে বাকী আসনকেইখনত কম ভোটৰ ব্যৱধানত পৰাজিত হোৱা বুলি কৈ আগলৈ উন্নয়নৰ কাম দেখি বিজেপিক সমৰ্থন কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ প্ৰথমে পৌৰসভাখন গঠন কৰি সংকল্প পত্ৰত উল্লেখ কৰা কামসমূহ কৰিবলৈ আগবাঢ়িব বুলিও কয় ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিজেপিৰ এই সফলতাৰ বাবে পৌৰসভা এলেকাৰ বিভিন্ন জাতি – জনগোষ্ঠীৰ লোকক ধন্যবাদ জ্ঞাপন কৰে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰি বিজেপিক সমৰ্থন জনাইছে আৰু তাৰ বাবে সকলো ৰাইজকে ধন্যবাদ জনাইছো ৷

তেওঁ কয় যে বিজেপি চৰকাৰে বঙাইগাঁৱৰ উন্নয়নৰ বাবে চিন্তা – চৰ্চা কৰিছে ৷ বঙাইগাঁৱত কেবিনেট বৈঠক হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত থাকি উন্নয়নৰ বাবে বিভিন্ন দল – সংগঠনৰ সৈতে আলোচনা কৰি গৈছে ৷ অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আদি হ’ব ৷ সেয়ে বিজেপিৰ নেতৃত্বত বঙাইগাঁও পৌৰসভা গঠনৰ পিচত বঙাইগাঁৱৰ উন্নয়নৰ এখন নতুন মানচিত্ৰ হ’ব ৷ সেইদৰে ৰাইজে পৌৰসভা নিৰ্বাচনতো বিজেপিক সমৰ্থন দিয়াৰ পিচত আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বঙাইগাঁও সমষ্টিৰ পঞ্চায়তত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান কৰা হ’ব বুলি কয় ৷ পঞ্চায়ত নিৰ্বাচনত ৰাইজে দলটোক সমৰ্থন দিলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দেই ৷ সেইদৰে এই ফলাফলৰ পিচত অগপৰে মিত্ৰতা ভংগ নহয় বুলি কৈ কয় যে মিত্ৰদলৰ চৰকাৰ চলি থকা ৷ কিন্তু এই যে বঙাইগাঁও অগপৰ দুৰ্গ বুলি কৈ যি অংকাৰ কৰি থাকে সেয়া কিমান দূৰ সত্য তাৰ প্ৰমাণ চাবলৈ আৰু সেই অহংকাৰ নাইকিয়া কৰিবলৈ তথা বিজেপি দলৰ সাংগঠনিক শক্তি কিমান সেয়া জনাৰ বাবে এইবাৰ বিজেপি দলে অকলে নিৰ্বাচন খেলিছে ৷

এই নিৰ্বাচনৰ ফলাফলে বঙাইগাঁও অগপৰ দুৰ্গ নে বিজেপিৰ সৈতে ৰাইজ আছে সেয়া প্ৰমাণ কৰিলে বুলিও কয় ৷ আনহাতে অগপই যদি বঙাইগাঁও পৌৰসভা গঠনৰ ক্ষেত্ৰত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ায় বিজেপিয়ে গ্ৰহণ কৰিব বুলি কৈ বিজেপিৰ সৈতেহে এইবাৰ অগপ থাকিব ৷ অগপৰ সৈতে বিজেপি পৌৰসভাত এইবাৰ মিত্ৰতাত নাথাকে বুলিও কয় ৷ সংবাদ মেলত বিজেপি নেতা ডা:ইতিশ বৰদলৈও উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd