• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিতৰ্ক: বাজেট ২০২২-২৩’ : ‘নৰ্থ ইষ্ট নাও’ৰ উদ্যোগত বাজেট সম্পৰ্কীয় বিশ্লেষণধৰ্মী মনোগ্ৰাহী অনুষ্ঠান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 17, 2022 10:31 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে কালি অসম বিধানসভাৰ মজিয়াত দাখিল কৰিলে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট।

কোভিডকে ধৰি নিবনুৱা সমস্যা, আকাশলংঘী মূল্য বৃদ্ধি আদি এশ এবুৰি সমস্যাৰ মাজতে দাখিল কৰা বাজেট খনে আশা-নিৰাশাৰ কেনে বাৰ্তা কঢ়িয়াই আনিছে তাকেলৈ ‘নৰ্থ ইষ্ট নাও’ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল —’বিতৰ্ক: অসম চৰকাৰৰ বাজেট ২০২২-২৩’ শীৰ্ষক এক বিশ্লেষণধৰ্মী অনুষ্ঠান।

Apply Now

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ প্ৰাধ্যাপক তথা সূৰ্য কুমাৰ ভূঞা সমাজ বিজ্ঞান সত্ৰৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ক্ৰমে ভাৰত চৰকাৰৰ প্ৰাক্তন কৃষি সচিব অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ভাস্কৰ বৰুৱা, আছাম ইনষ্টিটিউট অব মেনেজমেণ্টৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা, টিয়কৰ চন্দ্ৰকমল বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিনয়ব্ৰত ৰাজখোৱা আৰু ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে।

অনুষ্ঠানটিত অংশগ্ৰহণকাৰী কেউগৰাকী বক্তাই ভিন্ন দৃষ্টিকোণৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায়।ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে সম্প্ৰচাৰ হয় এই বাজেট সম্পৰ্কীয় বিতৰ্ক।

বিতৰ্কত অংশগ্ৰহণ কৰি শান্তিকাম হাজৰিকাই কয় ৰাজ্যত যিহেতু ৩০ শতাংশতকৈ অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে তেওঁলোকৰ জীৱনধাৰণৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ লোৱা হ’ব সেই বিষয়ত কোনো আভাস বাজেটখনত পোৱা নগ’ল।

তেওঁ লগতে কয় যে দেশত ইতিমধ্যে ৫০০ খনৰো অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় বন্ধ হৈ গৈছে। অসমৰ যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খনতো শিক্ষককে ধৰি নানান অভাৱ প্ৰকট হৈ আহিছে।

ইমানৰ পিছতো চৰকাৰে তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিব বুলি কৰা ঘোষণাত হাজৰিকাই আশ্চৰ্য প্ৰকাশ কৰে। ডঃ বিনয়ব্ৰত ৰাজখোৱাই কয় যে উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।

শক্তিখণ্ডৰ বিকাশ, ক্ষুদ্ৰ চাহ খেতিয়ক আদিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হোৱা নাই। চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টিতহে গুৰুত্ব দিয়াত ৰাজ্যৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে বুলি ৰাজখোৱাই মন্তব্য কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বাজেট খনত কোনো পথৰ সন্ধান দিয়া হোৱা নাই বুলি তেওঁ কয়।

বাজেট বিশ্লেষণৰ অনুষ্ঠানটোত ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে কয় যে অৰ্থনীতিৰ খুঁটি-নাটি বুজি নোপোৱা সাধাৰণ ৰাইজৰ বাবেও বাজেট খন গুৰুত্বপূৰ্ণ।

উন্নয়নৰ প্ৰসংগত মন্তব্য কৰি মালাকাৰে কয় যে উন্নয়নৰ সৈতে কেৱল অৰ্থনৈতিক দিশটোৱেই নিহিত হৈ নাথাকে, সামাজিক দিশো জড়িত থাকে। বাজেট এখনত ৰাজহ ক’ৰ পৰা আহে, জনসাধাৰণৰ বিভিন্ন সমস্যাসমূহ কি কি আদি বিষয়সমূহ প্ৰতিফলিত হ’ব লাগে।

ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন আৰু সামাজিক ক্ষেত্ৰৰ বিকাশৰ লগতে অৰ্থনৈতিক ক্ষমতাৰ প্ৰশ্নটো বিবেচনা কৰি বাজেটখন প্ৰস্তুত কৰা হৈছে নে অৰ্থনৈতিক চমক সৃষ্টি কৰিবলৈ অথবা কোনো কোনো ক্ষেত্ৰত অযথা খৰচ বৃদ্ধি কৰিবলৈ কৰা হৈছে সেয়া সন্দেহৰ বিষয় বুলি মালাকাৰে মন্তব্য কৰে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ প্ৰাধ্যাপক তথা সূৰ্য কুমাৰ ভূঞা সমাজ বিজ্ঞান সত্ৰৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাই বক্তাসকলৰ বক্তব্যৰ সুন্দৰ বিশ্লেষণ আগবঢ়াই অনুষ্ঠানটোক অধিক মনোগ্ৰাহী তথা বোধগম্য কৰি তোলে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd