• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ফিনলেণ্ড কিয় বিশ্বৰ আটাইতকৈ সুখী দেশ!

আৰহান ইনামূল by আৰহান ইনামূল
March 24, 2022 8:12 pm
Happiest country in the world
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সুখ”ৰ সংজ্ঞা দিয়া কঠিন। তাতোকৈ কঠিন সুখক গাণিতিক ৰূপত প্ৰকাশ কৰা। যেনেকৈ আমি “ধন-সম্পত্তি”ক পৰিসংখ্যাৰে প্ৰকাশ কৰিব পাৰোঁ, “সুখ-দুখ” অথবা আন মানৱীয় অনুভূতিক একেদৰে প্ৰকাশ কৰাতো সম্ভৱ নহয়।

কিন্তু তাৰ পিছতো ঘোষণা কৰা হয় “বিশ্বৰ সুখী দেশৰ” তালিকা। কিদৰে ই সম্ভৱ? আচলতে এই তালিকা প্ৰস্তুত কৰোঁতে দেশ অনুযায়ী পোনপটীয়াকৈ সুখানুভৱ বহন কৰা লোকৰ জনসংখ্যা গণনা কৰা নহয়।

এই পৰিসংখ্যা নিৰ্ণয় কৰা হয় বিশেষ কেইটামান বিষয়ৰ নিৰ্দ্দিষ্ট মাপকাঠিৰ সহায়ত। এই মাপকাঠি কেইটা হ’ল জনসাধাৰণৰ জীৱনৰ মানদণ্ড, মানসিক স্থিতি আৰু সন্তুষ্টিক নিৰ্ণয় কৰা কিছুমান প্ৰভাৱশালী উপাদান। যেনে:-

১/নাগৰিকৰ উপাৰ্জন :- ধৰা হ’ল আমাৰ দেশ বা ৰাজ্যখনৰ মুঠ উপাৰ্জন আৰু ধন-সম্পত্তি বাৰু বহুত বেছি, কিন্তু সেই উপাৰ্জন বা ধন-সম্পত্তি কেৱল মুষ্টিমেয় কেইজনমানৰ হাততেই আৱদ্ধ নে ই প্ৰতিজন নাগৰিকৰ মাজত সমানে বিতৰণ হৈ আছে। অৰ্থাৎ চমুকৈ কবলৈ গ’লে আমাৰ দেশ-ৰাজ্যত ধনী-দুখীয়াৰ প্ৰভেদ কিমান?

২/ স্বাস্থ্য সেৱা তথা আন মৌলিক সেৱাৰ উপলব্ধতা:- ৰাষ্ট্ৰ‌ই নাগৰিক সকলক মৌলিক প্ৰয়োজন সমূহ যোগান ধৰাৰ নিৰাপত্তা কি পৰ্যায়লৈ দিছে? যেনে শিক্ষা, স্বাস্থ্য, বাসস্থান আদি। এনেকুৱা হৈছে নেকি যে যুৱ প্ৰজন্মৰ সৰহভাগেই অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া হৈছে অথবা অৰ্থৰ অভাৱত কোনো নাগৰিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে?
৩/ সমতা-উদাৰতা:- দেশ এখনত নাগৰিকৰ মাজত সকলো দিশৰ পৰা, জাতি- ধৰ্ম-বৰ্ণ-অৰ্থনৈতিক অৱস্থা- লিংগ নিৰ্বিশেষে কিমান সমতা আছে? এনেকুৱা নেকি যে কন্যা সন্তানক বোজা বুলি ভৱা হয়? নে তাৰ সম্পূৰ্ণ বিপৰীত, য’ত নতুনকৈ জন্ম হোৱা সন্তানক চোৱা-চিতা কৰিবলৈ নাৰীৰ সমানে পুৰুষেও কৰ্মৰ পৰা অব্যাহতি ল’ব লগীয়া হয়, অৰ্থাৎ এনেকুৱা হয় নেকি যে মাক গৰাকীয়ে সন্তান জন্ম দিয়াৰ পিছত নিশ্চিন্ত মনে কামলৈ গৈছে আৰু দেউতাকে মেটাৰ্নিটি লিভ লৈ সন্তানক চোৱা-চিতা কৰিছে? সমকামিতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ সংস্কৃতি তথা ইয়াৰ নাগৰিকৰ দৃষ্টিভংগী কি?নাগৰিক সকলৰ জীৱন দৰ্শন কেনেকুৱা? তেওঁলোকৰ মানসিকতা উদাৰ-প্ৰগতিশীল নে? নাগৰিক সকল বাস্তৱতকৈ অধি-ভৌতিক পৃথিৱীত হে বেছি ব্যস্ত থাকে, নে যুক্তিবাদী হৈ বাস্তৱিক পৃথিৱীক লৈ সচেতন হৈ থাকে?

৪/স্বাধীনতা:- ব্যক্তি স্বাধীনতাৰ ভিতৰত পৰা সকলো স্বাধীনতা, যেনে কোনে কি খাব, পিন্ধিব, কি লিখিব, পঢ়িব, গাব, চাব, কাৰ লগত সম্পৰ্ক ৰাখিব, কাৰ লগত ফুৰিবলৈ যাব, কাৰ লগত বিবাহপাশত আবদ্ধ হ’ব, কি ধৰণৰ আধ্যাত্মিক বিশ্বাস অনুসৰণ কৰিব ইত্যাদি বিষয়ত ৰাষ্ট্ৰ তথা চৌপাশৰ সমাজৰ নিয়ন্ত্ৰণ বা চাপৰ পৰিমাণ কিমান? তাৰ পিছত আহে কৰ্মক্ষেত্ৰত স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা, কলা-সংস্কৃতি-শিল্পৰ স্বাধীনতা ইত্যাদি।

৫/দেশখনত দূৰ্নীতিৰ প্ৰতি জনগণৰ দৰ্শন কি, আৰক্ষী, ন্যায়-ব্যৱস্থা কিমান জনগণ-বান্ধৈৱ? জনসাধাৰনে নিজকে সেই দেশত নিৰাপদ অনুভৱ কৰিব পাৰে নে? নে যুৱতী হ’ল বুলিয়েই সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ বাহিৰলৈ ওলাব পৰা পৰিৱেশ-নিৰাপত্তা নাই, অথবা আৰক্ষীয়ে হোৱাই-নোহোৱাই কেৱল মেজাজ দেখুৱাই নাগৰিকক হাৰাশাস্তি কৰি থাকে? গোচৰ-মোকৰ্দমা কিমান দিনৰ ভিতৰত মীমাংসা হয় আৰু জনগণে ন্যায় সহজতে-সোনকালে লাভ কৰে নে? ইত্যাদি।

৬/শ্ৰমৰ স্বীকৃতি:- সামাজিক, অৰ্থনৈতিক আৰু শ্ৰমৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰশাসন কিমান সচেতন? উদাহৰণস্বৰূপে, আমাৰ দেশৰ ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰী সকলক কিদৰে ব্যৱহাৰ কৰা হয় সেইয়া সকলোৱে জানে। এটা বাৰুকৈয়ে বৈষম্য বৰ্তাই ৰখা হাইৰাৰ্কী, অত্যাধিক সময় খটুৱা আৰু কৰ্মৰ বোজা আদি সূলভ। গতিকে এনেকুৱা দেশ আছে নে য’ত ব্যক্তিগত খণ্ডৰ পৰা ধৰি ৰাজহুৱা খণ্ডলৈকে এনেকুৱা এটা কৰ্মৰ পৰিৱেশ বৰ্তাই ৰখা হয় য’ত প্ৰতিজন কৰ্মচাৰীকেই সমান দৃষ্টিৰে চোৱা হয় আৰু কোনো হাইৰাৰ্কী নাথাকে, তাৰোপৰি কাম কৰাৰ সময় আৰু স্থান নিৰ্ণয়ো কৰ্মচাৰীয়ে নিজৰ ইচ্ছামতে কৰিব পাৰে।

মূলত ওপৰত উল্লেখিত মাপকাঠি কেইটাৰেই নিৰ্ণয় কৰা হয় দেশ একোখনৰ সুখী হোৱাৰ পদাংক।

এতিয়া আহো ওপৰত উল্লেখিত মাপনি কেইটাত কিদৰে ফিনলেণ্ডে যোৱা কেইবাবছৰে একেৰাহে শীৰ্ষৰ স্থান লাভ কৰি আহিছে।

ফিনলেণ্ডৰ অৰ্থনৈতিক বৈষম্য একেবাৰেই কম। এই বিষয়ত বহু বিশেষজ্ঞই মত পোষণ কৰিছে যে যদিওঁ ফিনলেণ্ড এখন মুক্ত অৰ্থনীতিৰ দেশ, তথাপিও ইয়াৰ আভ্যন্তৰীন অৰ্থনৈতিক পৰিকাঠামো ইউৰ’ কমিউনিজিমৰ ওপৰত গঠিত।

অৰ্থাৎ ফিনলেণ্ডৰ অৰ্থনৈতিক ব্যৱস্থা এইদৰে বৰ্তাই ৰখা হৈছে যাতে এই দেশত ধনী-দুখীয়াৰ প্ৰভেদ বাঢ়ি নাযায়। অৰ্থাৎ এনেকুৱা নহ‌ওঁক যাতে ধন-সম্পত্তি কেৱল মুষ্টিমেয় এচামৰ হাততে আৱদ্ধ হৈ থাকক। যিহেতু ফিনলেণ্ডত এনেকুৱা এটা পৰিৱেশ নায়েই যে যিকোনো এজন ব্যক্তি ঘৰৰ বাহিৰলৈ ওলাই গ’লে তেওঁতকৈ বহুগুণে অধিক চহকী ব্যক্তি দেখি হতাশাগ্ৰস্ততাত ভূগিব, বা আমাৰ ইয়াৰ দৰে “অমূকে অমূকখন গাড়ী কিনিলে, অমুকত ইমান লাখ দি মাটি কিনিলে, আমিওঁ যিকোনো পন্থা অৱলম্বন কৰি সোঁৱে-বাৱে টকা ঘটিব লাগে” ধৰণৰ চাপ নাথাকে, ফলত দূৰ্ণীতি একেবাৰেই নাইকিয়া ধৰণৰ।

কৰাপশ্যন পাৰচেপশ্যনৰ সূচাংক মতে ফিনলেণ্ডত দূৰ্নীতি বহুতেই কম। তাৰোপৰি ইয়াৰ চৰকাৰে প্ৰতিজন নাগৰিকৰ বাবে উচ্চ মানদণ্ডৰ স্বাস্থ্য সেৱা বিনামূলীয়াকৈ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ শিক্ষা পদ্ধতিৰ শিক্ষা সেৱা প্ৰদান কৰে।

আপোনালোকে জানি আচৰিত হ’ব যে ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাত পৰীক্ষা পদ্ধতি একেবাৰেই নগণ্য। অৰ্থাৎ ইয়াত ছাত্ৰ-ছাত্ৰীৰ অৰ্হতা পৰীক্ষা একোটা পাতি তাত লাভ কৰা নম্বৰৰ ভিত্তিত নিৰ্ণয় কৰা নহয়। তথাপিও ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাক বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ শিক্ষা ব্যৱস্থা বুলি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয়।

ফিনলেণ্ডত এজনো গৃহহীন ব্যক্তি নাই। যদি কেনেবাকৈ এজন ব্যক্তিও এনেকুৱা ওলায়, যাৰ নিজা ঘৰ নাই, তেওঁক ততালিকে চৰকাৰী ভাৱে গৃহৰ সুবিধা প্ৰদান কৰি তেওঁক এইদৰে সংস্থাপন দিয়া হয় যাতে কিছু বছৰৰ ভিতৰতে তেওঁ নিজেই একোটা ঘৰ কিনি ল’ব বা নিৰ্মাণ কৰি ল’ব পাৰে।

তাৰ পিছত আহে সমতাৰ বিষয়। ইতিমধ্যেই ওপৰত ফিনলেণ্ডৰ নাগৰিকৰ অৰ্থনৈতিক সমতাৰ কথা উল্লেখ কৰা হৈছে। কিন্তু সমাজৰ আন সকলোবোৰ বিষয়তো ফিনলেণ্ডৰ নাগৰিকে অপাৰ সমতা লাভ কৰি আহিছে। উদাহৰণস্বৰূপে লৈংগিক সমতাৰ ক্ষেত্ৰত ফিনলেণ্ড বিশ্বৰ আটাইতকৈ বেছি নাৰীতকৈ পুৰুষে নতুনকৈ জন্ম হোৱা সন্তানক চোৱা-চিতা কৰা দেশ।

অৰ্থাৎ এই দেশৰ সামাজিক ব্যৱস্থা এনেকুৱা নহয় যে নাৰী আৰু পুৰুষৰ মাজত স্বাধীনতা-সমতাৰ ক্ষেত্ৰত ব্যাপক বৈষম্য থাকে। সকলো ক্ষেত্ৰতেই নাৰী-পুৰুষৰ অংশগ্ৰহণ প্ৰায় সমান। সমকামিতাৰ ক্ষেত্ৰতো ইউৰোপৰ ভিতৰতেই (তেন্তে বিশ্বৰ ভিতৰতো হ’ব) এল জি বি টি কিউ অধিকাৰৰ ক্ষেত্ৰত ফিনলেণ্ড আটাইতকৈ শীৰ্ষত আছে। অৰ্থাৎ ইয়াত সমকামিতাক সাধাৰণ দৃষ্টিৰেই গ্ৰহণ কৰা হয় আৰু সমান অধিকাৰ-মৰ্যদা প্ৰদান কৰা হয়।

কিন্তু এখন দেশৰ নাগৰিকক সুখী কৰি ৰখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশেই হ’ল সেই দেশৰ সামাজিক, প্ৰশাসনিক, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাই নাগৰিক সকলক কিমান পৰ্যায়লৈ ব্যক্তি-স্বাধীনতা প্ৰদান কৰে। ফিনলেণ্ডৰ নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ বিষয়ত বেছি বহলকৈ নিলিখি চমূকৈ এনেকৈ ভাৱিব পাৰি যে ফিনলেণ্ডৰ এজনো নাগৰিকে কেতিয়াও এই বিষয়ক লৈ মুৰ ঘমাই নাপায় যে মই এইযোৰ কাপোৰ পিন্ধি ওলাই গ’লে মানুহে কি ক’ব? মই অমুকবিধ খাদ্য খালে কোনোবা জুমে আহি মাৰপিট কৰিব নেকি? মই অমূকতো বিষয়ত লিখিলে, পঢ়িলে, চিনেমা-কবিতা-গান সৃষ্টি কৰিলে নিষিদ্ধকৰণৰ দাবী তুলি গণহিংসাৰ সূত্ৰপাত হ’ব নেকি বা মোৰ মূৰৰ দাম নিৰ্ণয় কৰি দিব নেকি? এই বিলাক বিষয়ক লৈ এজনো ফিনিছ নাগৰিকে মানসিক চাপ লৈ নাপায় ।

কৰ্মক্ষেত্ৰতো এনেকুৱা (ব্যক্তিগত খণ্ড + ৰাজহুৱা খণ্ড) এটা ব্যৱস্থা বৰ্তাই ৰখা হৈছে যাতে কোনো কাৰো “বচ” বা “মালিক” হৈ বচগীৰি বা মালিকগীৰি খটুৱাই থাকিব নোৱাৰে। যিকোনো প্ৰতিষ্ঠানৰ প্ৰতিটো বিষয়ত, সভাত, সিদ্ধান্ত গ্ৰহণত প্ৰতিষ্ঠানটোৰ প্ৰতিজন কৰ্মচাৰীৰ মত প্ৰদান, অংশগ্ৰহণৰ সমান অধিকাৰ থাকে। কিন্তু এইবিলাকতকৈ ফিনলেণ্ডৰ কৰ্মক্ষেত্ৰৰ আটাইতকৈ ভাল লগা দিশ হ’ল ইয়াৰ “ফ্লেক্সিবল কৰ্মব্যৱস্থা”। এই ব্যৱস্থাত এজন কৰ্মচাৰীয়ে তেওঁক প্ৰদান কৰা বা তেওঁৰ দ্বায়িত্বত থকা কাম সমূহ সময়মতে কৰি দিবলৈ তেওঁৰ সুবিধা মতে দিনটোৰ যিকোনো এটা সময় বা শ্বীফ্ট নিজেই বাচনি কৰি ল’ব পাৰে, তাৰোপৰি যদি সেই কামতো তেওঁ কাৰ্যালয়লৈ নহাকৈওঁ কৰি দিব পাৰে তেন্তে তেওঁক সেইখিনিওঁ স্বাধীনতা দিয়া হয়।

উল্লেখযোগ্য যে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ফিনলেণ্ডৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়। অৰ্থাৎ এই দেশৰ সংবাদ মাধ্যমৰ ওপৰত চৰকাৰ বা আন কোনো মহলৰ কোনো চাপ-নিয়ন্ত্ৰন একেবাৰেই নাথাকে। ফলত সংবাদ মাধ্যম সমূহে সম্পূৰ্ণ স্বাধীনচিতিয়াকৈ জনগণক সত্য আৰু আনবায়াচড্ সংবাদ যোগান ধৰিব পাৰে।

ৰাজনৈতিক ক্ষেত্ৰৰ ক্ষমতা কেন্দ্ৰীয়তাৰ বিষয় যদি আলোচনা কৰোঁ তেন্তে এই কথা উল্লেখ কৰিবই লাগিব যে ফিনলেণ্ড গণতান্ত্ৰিক ব্যৱস্থাৰ এক সুন্দৰ আদৰ্শ। বহুদলীয় এই গণতন্ত্ৰত যদিও বহু কম নিৰ্বাচনত হে কোনো এটা নিৰ্দিষ্ট দলে বহুমত লাভ কৰি চৰকাৰ গঠন কৰিছে, প্ৰায়েই, আনকি এতিয়াও ফিনলেণ্ডৰ চৰকাৰ বহুদলীয় প্ৰতিনিধিৰ দ্বাৰা গঠিত। কিন্তু ফিনলেণ্ডৰ আটাইতকৈ ধনাত্মক দিশতো হ’ল যে এই দেশত সময়ৰ লগে লগে সোঁ পন্থাৰ ৰাজনীতি স্বতস্ফুতভাৱেই নিশ্চিহ্ন হোৱাৰ পথত।

ফিনলেণ্ডৰ এই ৰাজনৈতিক বিশ্লেষণৰ পৰা এইটো স্পষ্ট হৈ পৰে যে ইয়াত কোনো এটা নিৰ্দিষ্ট ৰাজনীতি দলে এনেকুৱাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে যে এটা সময়ত সেই দলটোৰ নেতা স্বেচ্ছাচাৰী হৈ পৰিব পাৰে। সুষ্ঠিৰ গণতন্ত্ৰৰ ইয়াতকৈ কি ভাল নিদৰ্শন হ’ব পাৰে?? অৱশ্যেই তাৰ বাবে প্ৰকৃতাৰ্থত শিক্ষিত আৰু সচেতন ৱ’টাৰৰো সংখ্যাগৰিষ্ঠতা প্ৰয়োজনীয়, যিটো বহু দেশত অনুপস্থিত ।

ফিনলেণ্ডত দূৰ্নীতি একেবাৰেই কম বুলি ওপৰত উল্লেখ কৰা হৈছে। তাৰ সমান্তৰালকৈ তাৰ আৰক্ষী আৰু ন্যায় ব্যৱস্থাও যথেষ্ট নাগৰিকক ন্যায়-নিৰাপত্তা প্ৰদানকাৰী। ২০১৮ চনৰ এক সমীক্ষামতে ফিনলেণ্ডৰ আৰক্ষী কোনো এখন দেশৰ নাগৰিকে বিশ্বাস কৰা আৰু ভালপোৱা আৰক্ষী ব্যৱস্থাৰ ভিতৰত আটাইতকৈ শীৰ্ষত আছে। অৰ্থাৎ এই দেশৰ নাগৰিকে আৰক্ষী – প্ৰশাসন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস ৰাখে, অন্ততঃ ইয়াৰ আদালতত “তাৰিখ পে তাৰিখ” হৈ নাথাকে।

কিন্তু ওপৰত উল্লেখিত প্ৰতিটো মাপনিত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি দ্বায়িত্ব থাকে একোখন দেশৰ প্ৰশাসন তথা ইয়াৰ শাসন ব্যৱস্থাৰ। কিন্তু আমাৰ দৰে ক’বলৈ গ’লে “নাখাওঁ ভাত কি কৰ কৰ!!” ধৰণৰ দৰ্শন যদি নাগৰিকে ৰাখে তেন্তে দেশৰ প্ৰশাসনে যিমানেই চেষ্টা নকৰক লাগিলে দেশ একোখনে কেতিয়াও ভাল প্ৰদৰ্শন কৰিব নোৱাৰে যিকোনো বিষয়ত। সৰলকৈ ক’বলৈ গ’লে দেশ এখনৰ সাৰ্বঙ্গীন উত্তৰণত আটাইতকৈ বেছি প্ৰভাৱ পেলায় দেশখনৰ নাগৰিকৰ জীৱন দৰ্শন আৰু মানসিকতা‌ই।

ফিনিচ্ নাগৰিকৰ এটা ভাললগা সাধাৰণ গুণ হ’ল যে তেওঁলোকৰ সৰহভাগেই বাস্তৱবাদী আৰু যুক্তিবাদী। বাস্তৱবাদৰ এটা উদাহৰণ হ’ল যে ফিনিচ্ নাগৰিকে নিজৰ নিজৰ জীৱনত সিমানহে হাবিয়াস ৰাখে যিমানটো তেওঁলোকে বাস্তৱত আহৰণ কৰিব পাৰিম বুলি ভাৱে, অৰ্থাৎ আঠুৱা চাই হে ঠেং মেলে।

ওপৰত কৈ অহাৰ দৰে মোৰ চুবুৰীয়াই ফৰচ্চুনাৰ ল’লে বাবে ময়ো ল’ব লাগিবই ধৰণৰ মানসিক চাপ কেতিয়াও বহন নকৰে। দ্বিতীয়তে তেঁওলোকৰ সৰহভাগেই যুক্তিবাদী। উল্লেখযোগ্য ফিনলেণ্ডৰ প্ৰায় ৩০% জনসংখ্যা‌‌ই নীৰিশ্বৰবাদী। অৰ্থাৎ তেওঁলোকৰ সৰহভাগেই এনেকুৱা এটা অতি-ভৌতিক মানসিকতা নাৰাখে যে পূজা-পাতল-দোৱা-নামাজ আদিৰ যোগেদি জীৱনৰ সমস্যা বা যন্ত্ৰনাৰ পৰা মুক্তি পোৱা যাব। তাৰ পৰিৱৰ্তে তেওঁলোকে বাস্তৱত থাকি সমস্যা সমাধানৰ বাস্তৱিক পথৰ সন্ধান কৰে। অৱশ্যেই আধিকাংশ ফিনিচ্ নাগৰিকৰ এই জীৱন দৰ্শনৰ আৰতেই আছে তেওঁলোকৰ সমাজত বহু যুগৰে পৰাই অনুসৰণ আৰু পালন কৰি অহা “চিচু” নামৰ এক বিশেষ দৰ্শনৰ প্ৰতি নিষ্ঠা আৰু আনুগত্যতা । কি এই “চিচু” দৰ্শন?

আচলতে ক’বলৈ গ’লে “চিচু” শব্দটোৰ কোনো সমাৰ্থক আন ভাষাৰ (আনকি ইংৰাজীওঁ) শব্দ উপলব্ধ নহয়। কিন্তু সৰলকৈ আমি ইয়াক আমাৰ আভ্যন্তৰীণ ইচ্ছাশক্তিৰ সামৰ্থ, স্থিতপ্ৰজ্ঞতা, দৃঢ়মনতা, বাস্তৱিক-যুক্তিবাদী দৃষ্টিভংগী আদি শব্দৰে বুজাব পাৰোঁ। কিন্তু আটাইতকৈ সহজ হ’ব বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে বুজাবলৈ। ধৰি ল‌ওঁক আপুনি পৰিকল্পনা কৰিলে যে “কালিলৈৰে পৰাই ৰাতিপুৱা ৰাতিপুৱা খোজকঢ়া আৰম্ভ কৰিম”। কিন্তু পিছদিনা ৰাতিপুৱা আপুনি এলাৰ্মমতে ঠিকেই সাৰ পালে কিন্তু সুখনিদ্ৰাকণ এৰি যোৱাৰ এলাহতে ভাৱিলে “এহ!! আজি বৃহস্পতি বাৰে হে, একেবাৰে সোমবাৰৰ পৰা আৰম্ভ কৰিম দে!!” বুলি আকৌ কম্বল টানি শুই পৰিলে। ইয়াৰ বিপৰীতে “চিচু” দৰ্শন অনুসৰণ কৰা সকলে এই সকলো আলস্যতাক নিজৰ ইচ্ছাশক্তিৰ জড়িয়তে নিজৰ পৰা আতৰাই ৰাখি এলাহতে পিছমূহুৰ্ততে কৰিম বুলি কাম এটা বা পদক্ষেপ এটা পিছুৱাই নাথাকি এই মুহুৰ্ততে বা সেই মুহুৰ্তৰ পৰাই আৰম্ভ কৰিব পৰাৰ এক “উইল পাৱাৰ” লাভ কৰে।

ইয়াৰোপৰি আমি আন কিছুমান উদাহৰণ ল’ব পাৰোঁ যেনে ধৰক আপুনি এটা এনেকুৱা বিপদত পৰিছে যে তাৰ পৰা মুক্তি পোৱাৰ কোনো পথেই নাই বুলি আৰু একমাত্ৰ ভগৱানেই শেষ আশ্ৰয় বুলি “সকলো এতিয়া ভগৱানৰ হাতত” বুলি এৰি দিলে, কিন্তু “চিচু” দৰ্শনে ইয়াৰ বিপৰীতে এনে এক বোধশক্তি প্ৰদান কৰে যে বিপদ যিমানেই ডাঙৰ নহ‌ওঁক কিয় ইয়াৰ পৰা মুক্তি পোৱাৰ পথ নিজেই বিচাৰি উলিয়াব লাগিব, কোনো কাল্পনিক ভগৱানে আহি উদ্ধাৰ কৰি নিদিয়ে, গতিকে এই দৰ্শনে ব্যক্তি বিশেষৰ মনত এনে এক মানসিক শক্তি আনি দিয়ে যে তেওঁ নিজৰ সকলোখিনি উজাৰি দি সেই বিপদৰ মুখামুখি হ’বলৈ কুণ্ঠাবোধ নকৰে।

এনেকুৱা নহয় যে পৃথিৱীৰ সকলো দেশৰ ক্ষেত্ৰতেই ফিনলেণ্ড-মডেল সফলভাৱে প্ৰযোজ্য হ’ব। কিন্তু আমি কেইবাটাও মৌলিক খণ্ডত ফিনলেণ্ডৰ মডেল অনুসৰণ কৰি পৰীক্ষা কৰি চোৱাত একো আপত্তি নাথাকিব বোধকৰো। তাৰোপৰি ফিনিচ্ নাগৰিকসকলৰ জীৱনাদৰ্শ নিশ্চয়কৈ আমি আমাৰ জীৱনতো প্ৰয়োগ কৰি আমিওঁ “সুখী” হ’বলৈ চেষ্টা কৰিব পাৰোঁ।

আৰহান ইনামূল

আৰহান ইনামূল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd