• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অসম সাহিত্য সভাৰ উদোগত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 27, 2022 5:56 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘লক্ষ্মীনাথ বেজবৰুৱাৰ অপূৰ্ব সৃষ্টিৰাজিয়ে সাহিত্যৰ সৰ্বক্ষেত্ৰ সমৃদ্ধ কৰিছে। মানুহৰ মাজত সোমাই যাব পৰাকৈ নিৰুপম সাহিত্য সৃষ্টি কৰি বেজবৰুৱাই নিজস্ব চিন্তা-চেতনাৰে সমাজৰ ভিন্ন দৃষ্টিকোণ অংকন কৰিবলৈ সক্ষম হৈছিল। সুন্দৰ ৰূপত ফুটাই তুলিছিল। এনেবোৰ বহু দৃষ্টিকোণৰ পৰা বেজবৰুৱাৰ প্রাসংগিকতা সমাজসমূহত সৰ্বকালে অৱধাৰিত হৈ থাকিব’।

কামৰূপ মহানগৰ জিলা সাহিত্য সভা আৰু সাহিত্যৰথী সাহিত্য সভা, বতাহঘূলিৰ উদ্যোগত আয়োজন কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন সভাগৃহত আয়োজন কৰা ‘সাহিত্য দিৱস’ত মুকলি সভাৰ সভাপতিৰ আসনৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই এইদৰে কয়।

Apply Now

ভাষণ প্রসংগত ড’ শইকীয়াই লগতে কয়–অসম সাহিত্য সভাই বেজবৰুৱাৰ সাধু কথাসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ব্যাপক পৰিকল্পনা গ্ৰহণ কৰি বাস্তৱ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। প্ৰসংগত তেওঁ উৰিষ্যাৰ সম্বলপুৰৰ এখন বিশ্ববিদ্যালয়ে বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ উড়িয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাধুকথাক এক অনন্য মাত্ৰা দিয়াৰ কথাও উল্লেখ কৰে। আনহাতে ড‘ শইকীয়াই আজি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি মহন্তৰ সাহিত্যিক অৱদানৰ কথাও সৌৱৰণ কৰে।

সাহিত্য দিৱস উপলক্ষে পুৱা গুৱাহাটীৰ পাঞ্জাবাৰীৰ সমীপৱৰ্তাঁ বতাহঘুলিৰ সাহিত্যৰথী সাহিত্য সভাৰ সভাপতি অতুল তামূলীয়ে পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে বতাহঘুলিৰ সাহিত্যৰথী সাহিত্য সভাৰ উপ-সভাপতি ডঃ পাৰুল গোস্বামীয়ে ৷ ইয়াৰ পাছতে কুঁহি শিতানত সাধু শুনো অনুষ্ঠান আৰু সাধু কোৱা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। অধ্যাপক ডঃ
সুৰেন্দ্ৰমোহন মহন্তই উদ্বোধন কৰা উক্ত অনুষ্ঠানত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই উল্দেশ্য ব্যাখ্যা কৰা প্রবীণ সাংবাদিক ধীৰেন্দ্রনাথ চক্ৰৱৰ্তীয়ে উদ্বোধন কৰা মুকলি সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ লগতে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা, উপ-সভাপতি মহীধৰ ডেকা, কবি দেৱ প্রসাদ তালুকদাৰ, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনৰ্বাহক ৰাণা আলমকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তিউপস্থিত থাকে।

সাহিত্যৰথী সাহিত্য সভাৰ শিল্পীসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা মহন্তৰ সাহিত্যিক অৱদান’ শীৰ্ষক বিষয়ত তথ্যসমৃদ্ধ বক্তৃতা প্রদান কৰাৰ উপৰি যুৱ প্রজন্মৰ দুগৰাকী বক্তাক্ৰমে হীৰকজ্যোতি শৰ্মা আৰু সমীজান বেগমে ভাষণ আগ বঢ়ায়। আজিৰ সভাত সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ডঃ পাৰুল গোস্বামীৰ ‘তলসৰা ফুলৰ চকুলোঁ’” শীৰ্যক এখন গ্ৰন্থ উন্মোচন কৰে। সভাৰ শেষত শলাগ জ্ঞাপন কৰে আদৰণি সমিতিৰ সম্পাদক ডাঃ উপেন কাকতিয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd