• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাজ্য সভাৰ সদস্য নিৰ্বাচন

ড৹ হীৰেন গোহাঁই by ড৹ হীৰেন গোহাঁই
April 2, 2022 6:07 pm
Hiren Gohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খালি হোৱা দুখন আসনৰ এখনত বিজেপি দলে নিৰংকুশ বিজয় সাব্যস্ত কৰিব আৰু বাকীখন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ সম্ভাৱনা আছে বুলি পূৰ্বে সংগতভাবে ভবা হৈছিল। কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছত কংগ্ৰেছ আৰু এ-আই-ইউ-ডি-এফৰ যি ৰাজহুৱা বিবাদ পৰিলক্ষিত হ’ল, সি এক অশুভ সংকেত দিছিল।

বিৰোধী একত্ৰিত হৈ থাকিলে উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই ৪৪ টা ভোট পালেহেঁতেন। কিন্তু এতিয়া পালে মাত্ৰ ৩৪ টা, অৰ্থাৎ ১০ টা বিৰোধীৰ ভোট বিজেপি মিত্ৰজোঁটলৈ গ’ল। তাৰে দুই-তিনিটামান কংগ্ৰেছৰ বিশ্বাসঘাতক সদস্যৰ পৰা গৈছে বুলি ধৰি ল’লেও বাকী ৭ টা মানতো এ-আই-ইউ-ডি-এফৰে হ’ব। তাৰ মানে, এ-আই-ইউ-ডি-এফৰ নেতা সকলে নিজৰ নীতিনিষ্ঠ অৱস্থানৰ কথা কৈ পূৰ্বে যিবোৰ আস্ফালন কৰিছিল। সকলো মিছা প্ৰমাণিত হ’ল।

পৰাজিত কংগ্ৰেছ নেতা ৰিপুন বৰাই কৈছে, “এ-আই-ইউ-ডি-এফে জাতি আৰু ধৰ্মক বিশ্বাসঘাতকতা কৰিছে।” মই আৰু এখোজ আগুৱাই গৈ ক’ব খোজোঁ যে তেওঁলোকে নিজৰ জনগোষ্ঠীক এক ঘোৰ সংকটৰ পিনে ঠেলি দিছে। অলপ পিছত কথাটো বাখ্যা কৰিম।

বিজেপিৰ লগত যে গোপন বুজাবুজিৰ বন্দৱস্ত হৈছে তাৰ কিছু প্ৰমাণ আগতেই পোৱা গৈছিল। মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ সাফল্যৰ বিষয়ে এ-আই-ইউ-ডি-এফৰ শীৰ্ষ নেতৃত্বই কেইবাবাৰো অপ্ৰত্যাশিত তোষামোদমূলক মন্তব্য কৰিছে। বিনিময়ত অলপতে মুখ্যমন্ত্ৰীয়েও অপ্ৰত্যাশিতভাবে মন্তব্য কৰিছে যে এটা-দুটা প্ৰজন্ম অসমত থকা লোকসকল ন্যায়সংগতভাবে ‘অসমীয়া’ পৰিচয়ৰ গৰাকী হ’ব পাৰে। এইটো পৰোক্ষভাৱে অভিবাসী মুশ্লিম সকলক দিয়া আশ্বাস হোৱাই স্বাভাৱিক।

এই প্ৰসংগতে আৰু এটা অতি উদ্বেগজনক কথা উল্লেখ কৰিব পাৰি। বদৰুদ্দিন আজমলে অসমৰ কংগ্ৰেছ নেতৃত্বক চেৰাই দিল্লীত থকা কংগ্ৰেছৰ হাইকমাণ্ডৰ লগত ৰাজ্যসভাৰ সদস্য নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতাৰ চুক্তি কৰি আহিছিল। তাৰ বিৰুদ্ধে অসমৰ কংগ্ৰেছ নেতৃত্বৰ মাত মতাৰ সাধ্য নাছিল। দিল্লীৰ ‘হাইকমাণ্ডে’ অসমৰ পূৰঠ নেতা সকলৰ পৰা প্ৰাসংগিক খা-খবৰ লৈ লোৱা হ’লে ভাল আছিল। সি যি নহওক, দিল্লীলৈ গৈ অসমৰ নেতৃত্বক চেৰাই যি চুক্তি কৰা হ’ল সি এ-আই-ইউ-ডি-এফৰ এক সূদূৰপ্ৰসাৰী অভিসন্ধি বুলিহে প্ৰমাণিত হ’ল। ই এক অতি দুৰ্ভাগ্যজনক ঘটনা।

কাগজবিলাকে আগৰ (অগৰু) ব্যৱসায়ত বিজেপি চৰকাৰে নানা ধৰণে হেঁচা দিয়া বাবেই এ-আই-ইউ-ডি-এফৰ শীৰ্ষ নেতৃত্বই এনে কুকাৰ্য্য কৰা বুলি কৈছে। আমি এ-আই-ইউ-ডি-এফক ‘অসাম্প্ৰদায়িক’ বুলি ক’লেও ক’বলৈ পাহৰা নাই যে ব্যৱসায় ৰক্ষাৰ স্বাৰ্থত তাৰ শীৰ্ষ নেতৃত্বই সুবিধাবাদী পথ ল’ব পাৰে। (যিটো কথাই এ আই ইউ ডি এফৰ নেতৃত্বক বিতুষ্ট কৰা বুলি ধাৰণা হয়।) ইয়াৰ ফল কিন্তু তেওঁলোকে প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয়ে ভুগিব লাগিব।

বিজেপিৰ সৰ্বভাৰতীয় উগ্ৰ মুশ্লিম বিদ্বেষী নীতি অসমত নৰম হ’ব বুলি ভবা বাতুলতা বা মূৰ্খামি। সম্প্ৰতি কিছু শাম কাটিলেও সময়ে সময়ে সি ভমক-ভমককৈ জ্বলি উঠে। মুশ্লিম মানুহৰ ওপৰত অত্যাচাৰ চলি আছে। তেওঁলোকৰ ব্যৱসায়-বাণিজ্য বন্ধ কৰাৰ অপচেষ্টা চলি আছে। আগতে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিব নোখোজা বাবে মুশ্লিম মানুহক নগুৰ-নাগতি কৰাৰ পিছত কেইদিনমানৰ আগতে উত্তৰ প্ৰদেশত ‘জয় শ্ৰী ৰাম’ বুলি কোৱাৰ বাবেই দোষ ধৰি এজন মুশ্লিম মানুহক নিৰ্যাতন কৰা হৈছে।

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে কেইগৰাকীমান হিন্দু সন্যাসীয়ে এক ‘ধৰম সংসদ’ পাতি “আৰু সময় নাই, সকলোৱে মাৰণাস্ত্ৰ হাতত লৈ মুশ্লিম নিধনত নামি যাব লাগে” বুলি আহ্বান দিয়া আটাইৰে মনত আছে। অসমতো সভ্যতা-সংস্কৃতি ৰক্ষাৰ নামত মুশ্লিমক পৰোক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বেছি দিনৰ কথা নহয়।

মুঠতে এ-আই-ইউ-ডি-এফে সম্প্ৰতি গ্ৰহণ কৰা পথ বা পথচ্যুতিয়ে ধৰ্মনিৰপেক্ষ বিৰোধী ৰাজনীতিত ডাঙৰ সমস্যা সৃষ্টি কৰাৰ উপৰি এক বিশেষ জনগোষ্ঠীৰ জীৱনত ভালকৈয়ে আউল লগোৱাটো নিশ্চিত।

ড৹ হীৰেন গোহাঁই

ড৹ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd