• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গোঁসাই বাঁহ খহোৱা উৎসৱৰ সফল সামৰণি

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
April 22, 2022 8:44 am
Sri Gopal and Jagannath Than Sattra
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ গঠিত তামুলপুৰ জিলাৰ কচুবাৰীস্থিত ঐতিহ্যমণ্ডিত মাহপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত বৃহস্পতিবাৰে দিনজোৰা ধৰ্মীয় কাৰ্যসূচীৰে গোঁসাই বাঁহ খহোৱা উৎসৱ পালন কৰা হয়।

গোঁসাই বাঁহ খহোৱা উৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা তামুলপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ উপৰিও ৰঙিয়া, নলবাৰী, ঘগ্ৰাপাৰ, তুলসীবাৰী, বাইহাটা চাৰিআলি, কমলপুৰ, গুৱাহাটী আদি ঠাইৰ পৰাও অগণন ভক্তৰ সমাগম ঘটে।

Apply Now

বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং, চানতাল, চাহ জনজাতি, বঙালী, নেপালী আদিকে ধৰি ভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগমেৰে মিলনৰ পৱিত্ৰ তীৰ্থ ভূমিলৈ পৰ্যবসিত হৈ পৰে কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদ।

ৰাতিপুৱাৰে পৰা নাম-কীৰ্তন, পূজা-অৰ্চনা, হোম যজ্ঞ আদিৰে উদুলি-মুদুলি হৈ পৰে ৫২৫ বছৰ অতিক্ৰম কৰা মাহপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদ।

দিনৰ ১-৩০ বজাত ভকত সকলে ঢোল-তাল,বৰকাঁহ, শংখ, ঘণ্টা বজাই নাম-কীৰ্তন কৰি গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদ সাতবাৰ প্ৰদক্ষিণ কৰে আৰু হৰিধ্বনি দি গোপাল আৰু জগন্নাথৰ প্ৰতিকী গোঁসাই বাঁহত বান্ধি দিয়া ছৰ, গামোচা, ৰুমাল, বিভিন্ন বস্ত্ৰ আদি খহোৱা পৰ্ব সমাপন কৰে।

বাঁহ খহোৱা পৰ্ব সমাপ্ত কৰি ভকত সকলে মহাপ্ৰভু গোপাল আৰু জাগন্নাথৰ ওচৰত সমূহীয়াভাৱে আঁঠু লৈ আশীৰ্বাদ গ্ৰহণ কৰে। পৰম্পৰাগত বাঁহ খহোৱা উৎসৱৰ লগত সংগতি ৰাখি মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ অধীনৰ সাতখন গাওঁৰ ২২ টা চুবুৰীৰ ৰাইজৰ উপৰিও সিমামুৰীয়া অঞ্চলৰ ৰাইজে দল বান্ধি থান সত্ৰৰ চৌহদত প্ৰীতি ভোজনৰ আয়োজন কৰে।

প্ৰীতি ভোজনৰ অন্তত শতাধিক স্বেচ্ছাসেৱকে থান সত্ৰত সমবেত হোৱা কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ আৰু ভোগ বিতৰণ কৰে।

আজিৰ এই ঐতিহ্যমণ্ডিত বাঁহ খহোৱা উৎসৱত উপস্থিত থাকি বিটিচি প্ৰধান প্ৰমোদ বড়োৱেও ৰাইজৰ সৈতে শাৰী পাতি মাহপ্ৰভুৰ চৰণত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে আৰু বিটিচিবাসী ৰাইজৰ লগতে সমগ্ৰ দেশবাসীৰ কুশল মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

তামুলপুৰৰ কচুবাৰীৰ এই ঐতিহ্যমণ্ডিত গোপাল আৰু জগন্নাথ থান সত্ৰৰ গোঁসাই বাঁহ খহোৱা উৎসৱলৈ আহি অভিভূত হৈ পৰে সৰ্বস্তৰৰ ভক্তপ্ৰাণ ৰাইজ। প্ৰসাদ বিতৰণৰ অন্তত সফল সামৰণি পৰে মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ গোঁসাই বাঁহ খহোৱা উৎসৱৰ।

উৎসৱটি সফলতাৰে সামৰণি কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা থান সত্ৰৰ সকলো বিষয়-ববীয়া, সদস্য, কৰ্মী আৰু সৰ্বস্তৰৰ ৰাইজক মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ পৰিচালনা সমিতিয়ে কৃতজ্ঞতা জনায়।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd