• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিহু বিষয়ক দুটামান প্রশ্ন

 কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
April 28, 2022 12:22 pm
বিহু বিষয়ক দুটামান প্রশ্ন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ সামাজিক তথা ৰাজনৈতিক জীৱনত বিগত প্রায় ছয়-সাতটা বছৰত কিছুমান চকুত লগা পৰিৱৰ্তন সংঘটিত হ’বলৈ ধৰিছে আৰু এনে পৰিবৰ্তনসমূহৰ জৰিয়তে দেশখনৰ নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ কিমান দ্ৰুতগতিত সংকুচিত হৈ আহিছে, তাকো আমি ভালদৰে দেখিবলৈ পাইছো।

নাগৰিকৰ সকলোধৰণৰ অধিকাৰৰ ক্ৰমবৰ্ধমান সংকোচনৰ ফলত আটাইতকৈ যিটো বিষয়ত দ্ৰুত অৱৰোহণ ঘটা পৰিলক্ষিত হৈছে, সেয়াই হৈছে দেশখনৰ নাগৰিকৰ প্রশ্ন কৰাৰ অধিকাৰৰ ক্ষেত্ৰত দেখা দিয়া অসহিষুও্তা। এখন গণতান্ত্ৰিক সমাজৰ নাগৰিকে চৰকাৰ, প্ৰশাসন, সামাজিক-সাংস্কৃতিক- ৰাজনৈতিক-আৰ্থিক আদি সকলো প্রকাৰৰ অনুষ্ঠান-প্রতিষ্ঠান আদিৰ সিদ্ধান্ত-আঁচনি আদিৰ ঔচিত্য (Propriety) ক লৈ প্রশ্ন কৰাৰ যি স্বতন্ত্ৰতা লাভ কৰে সি যেন আজিৰ ভাৰতীয় সমাজখনত লাহে লাহে নোহোৱা হৈ আহিছে।

প্রশ্ন সুধিলেই চৰকাৰ, প্রশাসন বা কোনো অনুষ্ঠানৰ ৰোষত পৰিব বুলি আজিৰ গৰিষ্ঠসংখ্যক ভাৰতীয় শংকিত। সৰহসংখ্যক প্রচাৰ মাধ্যমক ডাবি-ধমকি, বিজ্ঞাপন আদিৰ লোভেৰে চৰকাৰী সকলো সিদ্ধান্ত আঁচনিৰ সমৰ্থক কৰাৰ পাচত সাধাৰণ নাগৰিকৰ মুক্তকণ্ঠত যেন টেটু চেপি ধৰা হৈছে, যাৰ ফলত প্রতিবাদৰ সুযোগ হৈ পৰিছে তেনেই সামান্য।

সৰ্বোপৰি মধ্যযুগীয়া সমাজৰ লেখীয়াকৈ ধৰ্ম, সংস্কৃতি, ভাষা আদি সংবেদনশীল বিষয়ত এনে এক সামাজিক নৈৰাজ্যৰ সৃষ্টি কৰা হৈছে, যাৰ ফলত হেজাৰ অবিবেচক,গণতন্ত্ৰৰ পৰিপন্থী, স্বৈৰাচাৰী সিদ্ধান্ত বা নীতিৰ প্রতি আমি নাগৰিকে প্রকাশ কৰিবলগা হৈছে প্রশ্নহীন সমৰ্থন। যিহেতু প্রশ্ন সোধাৰ পৰিবেশ এইখন দেশত প্রায় নোহোৱা হৈ পৰিছে, সেয়েহে সাধাৰণ নাগৰিক ক্ৰমাগতভাৱে নিৰুদ্বেগ, সমালোচনাহীন, কোনো বিষয়ৰ যুক্তিযুক্ততাক লৈ আঙুলি নেদেখুওৱা এক পৰিবেশৰ সৈতে অভ্যস্ত হৈ পৰিছে। সৰ্বোপৰি বিহুৰ লেখিয়া এক উৎসৱক লৈ প্রশ্নৰ অৱতাৰণা কৰিলে আমাৰ বেছিভাগ নাগৰিকে ইতস্ততঃ বোধ কৰিব আৰু আমাক সংস্কৃতি বিৰোধী বুলি অভিহিত কৰি পাৰ্যমানে দুষিব।

যিহেতু এইবেলি অসমৰ প্ৰান্তে প্ৰান্তে উলহ মালহেৰে মঞ্চ বিহু অনুষ্ঠিত হৈ গ’ল সেইবাবে সকলো দায়-দোষ গাত পাতি লৈ বিহুৰ পৰিবেশ্য ৰূপটোক লৈ আমাৰ মনত উদয় হোৱা কেইটামান প্রশ্ন সুধী সমাজৰ বিবেচনাৰ বাবে এৰিছো৷ প্রথমতে, বিগত প্রায় সাত-আঠটা দশকত পৰম্পৰাগত বিহু উৎসৱৰ পৰিবেশ্য ৰূপটোৰ (performing forms) যি এক ধাৰাবাহিক ৰূপান্তৰ ঘটিছে, সিয়ে অসমীয়াভাষী মানুহৰ সংঘবদ্ধতাক প্রতিফলিত কৰিছে নে শিপা বিছিন্ন এখন বহুধাবিভক্ত সমাজক প্ৰতিনিধিত্ব কৰিছে?

অসমীয়া মানুহৰ সংঘবদ্ধতাৰ প্রকাশ আৰু ভাষিক চেতনাক বহিৰ্বিশ্বৰ আগত দাঙি ধৰাৰ বাবে প্ৰতীকী অৰ্থত মঞ্চ বিহুৰ প্রকাশ ঘটিছিল বুলি ক’ব পাৰি। স্থানীয় ঠিকাদাৰ, দুৰ্নীতিখোৰ চৰকাৰী বিষয়া, কৰ্প’ৰেট বিজ্ঞাপন আদিৰ আৰ্থিক সহায়ত বৰ্তি থকা বৰ্তমানৰ মঞ্চ বিহুৱে আজিও অসমৰ থলুৱা লোকৰ সংঘবদ্ধতা আৰু জাতীয় চেতনাক প্রতিফলিত কৰে জানো?

দ্বিতীয়তে, এইবছৰৰ পৰা অসমৰ প্রায় সকলো বিহু কমিটীলৈ চৰকাৰে আৰ্থিক অনুদান আগবঢ়াইছে আৰু সকলো বিহু কমিটীয়ে নিৰ্বিবাদে এনে অনুদান স্বীকাৰ কৰিছে। যিখন চৰকাৰে ‘কা’ আইন প্ৰণয়ন কৰাৰ প্রতিবাদত অসমৰ শিল্পী সমাজ, বিহু কমিটী আদি এসময়ত ক্ষোভত উতলি উঠিছিল, সেইখন চৰকাৰৰ ওচৰত নতশিৰ হৈ অনুদান স্বীকাৰ কৰা কমিটীসমূহে অনুদান গ্ৰহণৰ জৰিয়তে ‘কা’ আইনৰ প্রতি মুকলি সমৰ্থন প্রকাশ কৰিলে নেকি?

তৃতীয়তে, অসম চৰকাৰে ইচ্ছা কৰা হ’লে চৰকাৰে দিয়া আৰ্থিক অনুদান কি কি শিতানত খৰচ কৰিব পাৰিব,
তাৰ এক নিৰ্দেশনা দিব পাৰিলেহেঁতেন। আমি সকলোৱে জানো যে সমগ্ৰ অসমৰ বিহু কমিটীসমূহে বিহু পতাৰ নামত যি কোটি কোটি টকা সংগ্ৰহ কৰে, তাৰ সিংহভাগ যায় অসমৰ দহগৰাকীমান গায়ক-গায়িকাৰ জেপলৈ ৷ অসমৰ বিভিন্ন প্রান্তত অনাদৃত হৈ পৰি থকা পৰম্পৰাগত পৰিবেশ্য কলাৰ শিল্পীসকলক এনে বিহু মঞ্চসমূহে সামান্যতমো স্থান নিদিয়ে।

স্থান নাপায় অসমৰ বৰেণ্য জনজাতীয় পৰিবেশ্য কলাসমূহে (দুই-এখন মঞ্চক বাদ দি) ৷ অসম চৰকাৰে এনে শিল্পীসকলৰ অনুষ্ঠান পৰিবেশন বাধ্যতামূলক বুলি ঘোষণা কৰি উল্লিখিত চৰকাৰী অনুদান দিব পাৰিলেহেঁতেন অসম চৰকাৰে তেনে এক নিৰ্দেশনা কিয় নিদিলে? শেষত,দেখা গৈছে যে অসম চৰকাৰে বিহুৰ প্ৰতি দৰদ দেখুওৱাৰ সমান্তৰালভাৱে অসমৰ লোকসেৱা আয়োগত অসমীয়া ভাষাৰ প্রশ্নখাকত বাতিল, নৱমৰ পৰা দশম শ্ৰেণীলৈ তিনিটা বিষয়ত ইংৰাজীত পাঠদানৰ প্রস্তাৱ, সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন, উচ্চতৰ মাধ্যমিকৰ পৰা বিহু বিষয়ৰ পাঠ্যক্ৰম বাতিল আদি সিদ্ধান্তসমূহ লৈছে।

বিহু বিষয়টো পাঠ্যক্ৰমৰ পৰা বাতিল কৰা সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা সূত্ৰই মত প্রকাশ কৰিছিল যে আঞ্চলিক সংস্কৃতিৰ বিষয় পৰিত্যাগ কৰি ৰাষ্ট্ৰীয় সংস্কৃতিক আদৰি লোৱাৰ মহৎ আৰু উদাৰ উদ্দেশ্যৰ বাবে বিহু বিষয়টো পাঠ্যক্ৰমৰ পৰ৷ বাতিল কৰা হৈছে।

শেহতীয়াভাৱে উত্তৰ-পূবৰ আঠখন ৰাজ্যত হিন্দী ভাষাৰ অধ্যয়ন দশম শ্ৰেণীলৈ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশখনৰ ভাষিক-সাংস্কৃতিক যি বৈচিত্ৰ্য আছে, তাক নোহোৱা কৰি একে ভাষা আৰু সমৰূপীয় (Uniform) সংস্কৃতি স্থাপন কৰিবলৈ বিচৰা প্রৱণতাক বিহু কমিটীসমূহে মুকলিভাৱে বিৰোধিতা কৰাৰ সাহস কিয় দেখুৱাব নোৱাৰিলে?

(লেখকৰ e-mail : [email protected])

 কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd