• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
May 9, 2022 5:42 pm
ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০ মে’ৰ দিনা এবছৰ সম্পূৰ্ণ হ’ব। অসম জাতীয় পৰিষদে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কি প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব নোৱাৰিলে তাক কেন্দ্ৰ কৰি সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰে।

বিভিন্ন বিষয়ৰ ওপৰত তেওঁ মন্তব্য প্ৰকাশ কৰি কয়:-

‘সংস্থাপন সৃষ্টি’ (Emplyment Generation) বিজেপি দলে অসমবাসীক দিয়া সৰ্ববৃহৎ প্ৰতিশ্ৰুতিসমূহৰ অন্যতম মূল বিষয়বস্তু আছিল৷ ২০১৬ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা ‘অসম দৃষ্টিপত্ৰ ২০১৬-২০২৫’ (Assam Vision Document 2016-2025)ত সংস্থাপন সৃষ্টিত বিজেপি চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰি ইয়াৰ বাবে বহুকেইটা কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷

একেদৰে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেও বিজেপি দলে একেই প্ৰতিশ্ৰুতি দিছিল৷ সংস্থাপন সৃষ্টিৰ পাঁচ বছৰীয়া ব্যৰ্থতাৰ পিছত, ‘২১ৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ত বিজেপি দলে দলৰ ১০টা প্ৰধান সংকল্পৰ ৮ নম্বৰত ‘অসমক ভাৰতৰ ভিতৰত দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা’ৰ কথা ঘোষণা কৰিছিল৷

‘সংকল্প পত্ৰ’তে দলটোৱে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি আৰু ২ লাখ বেচৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৩১ মাৰ্চ ২০২২ৰ পৰা ১০ মে’লৈ পিছুৱাই দি ১০ মে’ৰ ভিতৰত তেখেতৰ চৰকাৰে ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি ঘোষণা কৰিছিল৷

কিন্তু চৰকাৰে উক্ত প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷

ব্যক্তিগত খণ্ডত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ২ লাখ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিও ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পালন কৰিব নোৱাৰিলে৷ বৰং যোৱা ২২ ডিচেম্বৰৰ দিনা ‘জব মেলা’ৰ আয়োজন কৰি ৰাজ্যৰ লাখ লাখ নিবনুৱাক অপমানিত হ’ব লগা পৰিস্থিতিলৈ ঠেলি দিলে৷

গতিকে, সংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাটোকে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ সৰ্ববৃহৎ ব্যৰ্থতা হিচাপে অসম জাতীয় পৰিষদে গণ্য কৰে৷

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চাকৰি দিয়াৰ নামত কেলেংকাৰী-অনিয়ম সংঘটিত হোৱাৰ ধাৰাবাহিক ঘটনা সংঘটিত হৈছিল৷ একেই পৰম্পৰা অব্যাহত ৰাখি ডঃ শৰ্মা চৰকাৰৰ দিনতো চাকৰি দিয়াৰ নামত অনিয়ম হোৱাৰ তথ্য পোহৰলৈ আহিবলৈ লৈছে৷

যোৱা এপ্ৰিল মাহত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হোৱা ঘটনাই সংস্থাপনৰ প্ৰসংগত চৰকাৰৰ অন্তৰিকতাহীনতা প্ৰকট কৰে৷

৪৯ পৃষ্ঠাজোৰা ‘সংকল্প পত্ৰ’ৰ জৰিয়তে বিজেপি দলে ‘অসমৰ সভ্যতা সুৰক্ষা’, ‘আভ্যন্তৰীণ নিৰাপত্তা’, ‘অসমৰ যুৱ প্ৰজন্মৰ সৱলীকৰণ’, ‘কৃষি’, ‘অৰ্থনৈতিক বিকাশ’, ‘শিক্ষা’, ‘স্বাস্থ্য’, ‘অৰ্থনৈতিক সৱলীকৰণ’, ‘বানপানীমুক্ত অসম’, ‘আন্তঃগাঁথনি’, ‘জনজাতি সম্পৰ্ক আৰু কল্যাণ’, ‘সমাজ কল্যাণ – সবকা সাথ সবকা বিকাশ’, ‘অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ তথা উদযাপন’, ‘পৰ্যটন’ আৰু ‘সেউজ অসম’ – এইকেইটা শিতানত ৮৪টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷

কিন্তু যোৱা এবছৰত চৰকাৰখন প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষণ দেখা যোৱা নাই৷

ডঃ শৰ্মা চৰকাৰৰ কাৰ্য্যকালত অসমত আইনৰ শাসন ব্যৱস্থা বিলুপ্ত হৈছে৷ বিশেষকৈ বিগত এটা বছৰত শতাধিক লোকক এনকাউন্টাৰৰ জৰিয়তে আইন বহিৰ্ভূতভাৱে হয় হত্যা নহ’লে গুলিবিদ্ধ কৰাৰ ঘটনাই অসমত পুলিচৰাজ প্ৰৱৰ্তনৰ  সূচনা কৰিছে৷

এই ক্ষেত্ৰত মহামান্য আদালতেও অসমখন পুলিচৰাজ প্ৰৱৰ্তনৰ দিশেৰে অগ্ৰসৰ হোৱা বুলি উদ্বেগ প্ৰকাশ কৰাটো চৰকাৰখনৰ এক বিৰাট ব্যৰ্থতা আৰু গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি৷

অসম জাতীয় পৰিষদে এই সমগ্ৰ এনকাউন্টাৰ বা আইন বহিৰ্ভূত হত্যাকাণ্ড বা গুলিচালনাসমূহৰ ন্যায়িক তদন্ত দাবী কৰে৷

বিজেপি দলে অসমখনক অৰ্থনৈতিকভাৱে সমৃদ্ধ কৰাৰ আশ্বাস দিছিল৷ কিন্তু বিগত এটা বছৰে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ গ্ৰহণ কৰাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে৷

২০১৬ চনলৈ অসমৰ ৰাজহুৱা ঋণৰ পৰিমাণ আছিল ৩৯,০৫৪ কোটি টকা৷ (সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰত ৰাজহুৱা ঋণৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকালৈ বৃদ্ধি পায়৷)  ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিগত মাত্ৰ এবছৰতে ৰাজহুৱা ঋণৰ পৰিমাণে ১ লাখ ২৪ হাজাৰ কোটিৰ ঘৰ অতিক্ৰম কৰিছে৷

ইমান বৃহৎ পৰিমাণৰ ঋণৰ বোজা থকাৰ পিছতো পঞ্চতাৰকাযুক্ত ব্যৱস্থা আৰু আকাশীযানৰ (হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমান) মাজত চৰকাৰখন পৰিচালিত হৈ থাকিল৷  চৰকাৰে এই ঋণৰ ধনখিনি মূলতঃ বিজেপি দলৰ ৰাজনৈতিক মুনাফা লাভৰ কাম আৰু বিলাসিতাত ব্যৱহাৰ কৰি আছে৷ পৰিণতিস্বৰূপে অসমৰ অৱস্থাও অদূৰ ভৱিষ্যতে শ্ৰীলংকাৰ দৰে হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি লুৰীণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd