• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চন্দ্ৰৰ মাটিতো উদ্ভিদ গজে

ড০ সন্দিপন তালুকদাৰ by ড০ সন্দিপন তালুকদাৰ
May 13, 2022 3:23 pm
Plants grow in the moon's soil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ পৰা গছ পুলি নি বেলেগ গ্ৰহ বা উপগ্ৰহত ৰোপন কৰিব পৰা যায় নেকি? অবান্তৰ যেন লগা প্ৰশ্ন এটা নহয়নে? পিছে অদূৰ ভৱিষ্য়তলৈ এয়া অবান্তৰ হৈ নাথাকিবও পাৰে। বিজ্ঞানে এই কথা প্ৰমাণ কৰাৰ দিশে আগবাঢ়িছে। হয়, চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা মাটিতো পৃথিৱীৰ উদ্ভিদ গজিব পাৰে। আমেৰিকাৰ ফ্ল’ৰিডা বিশ্ববিদ্যালয় (university of Florida) ৰ বিজ্ঞানী আৰু গৱেষকসকলে কালি অৰ্থাৎ ১২ মে’ত প্ৰকাশিত নেচাৰ (Nature) নামৰ বিশ্বৰ আগশাৰীৰ গৱেশণা আলোচনীখনত প্ৰকাশিত এখন গৱেষণা পত্ৰত দেখুৱাইছে যে গছ-গছনি সঁচাকৈয়ে চন্দ্ৰৰ মাটিৰ ওপৰত গজি উঠিব পাৰে আৰু বৃদ্ধি পাব পাৰে।

এই গৱেশষণাত গৱেষকসকলে এপ’ল’ ১১, ১২ আৰু ১৭ (Apollo Mission) অভিযানৰ সময়ত চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা মাটি ব্যৱহাৰ কৰিছিল। মনত ৰখা ভাল যে এপ’লো ১১ অভিযানতে নীল আৰ্মষ্ট্ৰংএ চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল। চন্দ্ৰপৃষ্ঠৰ মাটি ‘লুনাৰ ৰেগলিথ’ (Lunar Regolith) নামেৰে জনাজাত।

এই আৱিষ্কাৰে এতিয়া অন্ততঃ চন্দ্ৰ অন্বেষণ অভিযানৰ সময়ত চন্দ্ৰৰ পৃষ্ঠত উদ্ভিদ বৃদ্ধিৰ সম্ভাৱনাৰ আগজাননী হিচাপে বিবেচিত হৈছে। কিন্তু এয়া মাত্ৰ এটা আৰম্ভণি আৰু উদ্ভিদবোৰচন্দ্ৰৰ মাটিত গজালেও পৰীক্ষা সম্পন্ন কৰা হৈছিল লেবৰটৰীট, মানে পৃথিৱীৰ পাৰিপাৰ্শ্বিক অৱস্থাতহে। চন্দ্ৰৰ পৰিৱেশ একেবাৰে বেলেগ আৰু ৰেগ’লিথে উদ্ভিদৰ বীজ গজাব পাৰে যদিও চন্দ্ৰপৃষ্ঠৰ পৰিৱেশে উদ্ভিদৰ বৃদ্ধিত কেনে প্ৰভাৱ পেলাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তথাপিও ইয়াক এক বৃহৎ বৈজ্ঞানিক সাফল্য হিচাপে গণ্য কৰা হৈছে।

গৱেষণা পত্ৰখনৰ অন্যতম সংশ্লিষ্ট লেখক তথা ইউনিভাৰ্চিটি অৱ ফ্লৰিডাৰ ইনষ্টিটিউট অৱ ফুড এণ্ড এগ্ৰিকালচাৰেল ছায়েন্সৰ অধ্যাপক ৰবাৰ্ট ফাৰ্ল (Robert Ferl) এ এই তথ্যৰ ওপৰত বিস্ময় প্ৰকাশ কৰি এক বিবৃতিত কৈছিল–“উদ্ভিদবোৰো চন্দ্ৰপৃষ্ঠত গজে নে? এয়া ধেমালি নহয়।”

ফাৰ্ল আৰু তেওঁৰ সহযোগীসকলে বহুত চেষ্টাৰ অন্তত নাছা(NASA)ৰ পৰা মাত্ৰ ১২ গ্ৰাম চন্দ্ৰৰ মাটিহে লাভ কৰে। ক্ষুদ্ৰ পৰিমাণৰ মাটিৰে ফাৰ্ল আৰু তেওঁৰ দলটোৱে সৰু পৰিসৰৰ কিন্তু সযতনে ডিজাইন কৰা পৰীক্ষা এটা চলাইছিল। পৰীক্ষাটোৱে সম্বোধন কৰিব বিচৰা প্ৰশ্নসমূহৰ ওপৰত মন্তব্য কৰি ফাৰ্লে কয়— “ভৱিষ্যতে, দীঘলীয়া মহাকাশ অভিযানৰ বাবে আমি হয়তো চন্দ্ৰক এটা হাব বা লঞ্চিং পেড হিচাপে ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ যুক্তি আছে যে আমি চন্দ্ৰপৃষ্ঠৰ মাটিখিনি গছ-গছনি খেতি কৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰিম।”

কিন্তু প্ৰশ্ন হয় যে যেতিয়া চন্দ্ৰৰ মাটিত গছ-গছনি খেতি কৰা হ’ব তেতিয়া কি হ’ব ? সেই মাটি উদ্ভিদৰ বিৱৰ্তনৰ অভিজ্ঞতাৰ সম্পূৰ্ণ বাহিৰত। চন্দ্ৰৰ সেউজগৃহত উদ্ভিদে কি কৰিব? পৃথিৱীৰ পৰা গৈ চন্দ্ৰত খেতি কৰা আমাৰ কৃষকো ওলাব নেকি, অদূৰ ভৱিষ্যতে?
তেওঁলোকৰ অন্বেষণৰ সময়ত বিজ্ঞানীৰ দলটোৱে প্লাষ্টিকৰ প্লেটত সৰু আকাৰৰ কুঁৱা ব্যৱহাৰ কৰিছিল, যিবোৰ সাধাৰণতে লেবত কোষৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। সৰু সৰু কুঁৱাবোৰৰ প্ৰতিটোকে একোটা টাবৰ দৰে ব্যৱহাৰ কৰা হৈছিল, প্ৰতিটো কুঁৱাত চন্দ্ৰৰ মাটিৰ একোগ্ৰামকে দিয়া হৈছিল। টাববোৰৰ মাটিবোৰ উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থকা দ্ৰৱণেৰে তিয়াই থোৱা হৈছিল। তাৰ পিছত তেওঁলোকে আৰাবিড’প্সিছ(Arabidopsis) উদ্ভিদৰ কেইটামান তাত ৰোপণ কৰিছিল।

মনত ৰাখিব, আৰাবিড’প্সিছ উদ্ভিদ বিজ্ঞানৰ গৱেষণাত বহুলভাৱে ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ জেনেটিক ক’ড (Genetic Code) সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰা হৈছে। চন্দ্ৰৰ মাটিৰ সম্পূৰ্ণ বেলেগ অৱস্থাত উদ্ভিদে কেনে আচৰণ কৰে সেই কথা জনা সম্ভাৱনাৰ বাবেই আৰবিড’প্সিছৰ ব্যৱহাৰ বাছনি কৰা হৈছিল। বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে এইবিধ উদ্ভিদৰ বাছনিয়ে উদ্ভিদৰ বৃদ্ধিৰ ওপৰত মাটিৰ প্ৰভাৱ, আনকি জিন প্ৰকাশৰ (Gene Expression) স্তৰলৈকেও সহজেই বুজিব পৰা কৰি তুলিব।

উদ্ভিদ বিধৰ বৃদ্ধিৰ তুলনা কৰিবলৈ বিজ্ঞানীসকলে নিয়ন্ত্ৰণ গোট (Control Group) ও ব্যৱহাৰ কৰিছিল যিবোৰ মূলতঃ চন্দ্ৰৰ মাটিৰ পৰা পৃথক আছিল, যেনে জে এছ চি-১ এ (JSC-1A), যি আচলতে স্থলজ মাটি (Terrestrial Soil) কিন্তু চন্দ্ৰৰ মাটিৰ দৰে প্ৰায় একে গুণাগুণ সম্পন্ন। ইয়াৰ লগতে অইন মাটিও নমুনা (Sample) হিচাপে লোৱা হৈছিল। চন্দ্ৰৰ মাটিত বীজবোৰে গজালি মেলিব নে নাই সেই বিষয়ে বিজ্ঞানীসকলে নিশ্চিত হোৱা নাছিল। তেওঁলোকে আচৰিত হ’ল যে প্ৰায় সকলোবোৰ বীজ গজি উঠিল।

সময়ৰ লগে লগে বিজ্ঞানীসকলে পৰ্যবেক্ষণ কৰে যে চন্দ্ৰৰ মাটি আৰু বেলেগ মাটিৰ নমুনা বোৰত উদ্ভিদৰ বৃদ্ধিৰ পাৰ্থক্য আছিল। চন্দ্ৰৰ মাটিত গজা কিছুমান উদ্ভিদ সৰু আৰু লাহে লাহে বৃদ্ধি পাইছিল আৰু বাকীবোৰৰ তুলনাত তুলনাত ইয়াৰ আকাৰ বেলেগ বেলেগ আছিল।

বিজ্ঞানীসকলৰ মতে, চন্দ্ৰৰ মাটিৰ প্ৰতি উদ্ভিদে কেনে প্ৰতিক্ৰিয়া কৰে সেয়া নিৰ্ভৰ কৰে সেই মাটি চন্দ্ৰপৃষ্ঠৰ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰ ওপৰত। তেওঁলোকে দেখিলে যে যিবোৰ উদ্ভিদৰ বৃদ্ধি অতি কষ্টকৰ আছিল সেইবোৰ আছিল বেছি পৰিপক্ক (Mature) চন্দ্ৰৰ মাটিত খেতি কৰা উদ্ভিদবোৰ। উল্লেখযোগ্য যে এই পৰিপক্ক মাটিবোৰ অধিক মহাজাগতিক বতাহ (Cosmic Wind)ৰ সংস্পৰ্শলৈ আহে আৰু এইদৰে ইহঁতৰ গঠনো পৃথক। আনহাতে, গৱেষকসকলে কম পৰিপক্ক চন্দ্ৰ মাটিত খেতি কৰা উদ্ভিদৰ খেতি ভাল হোৱা বুলি প্ৰকাশ কৰিছে।

আন কেইবাটাও প্ৰশ্ন আছে যিবোৰ বিজ্ঞানীসকলে ভৱিষ্যতৰ প্ৰতি চকু ৰাখিছে, যেনে চন্দ্ৰপৃষ্টত গৈ উদ্ভিদ ৰোপণ কৰিলে চন্দ্ৰৰ মাটিবোৰ কেনেকৈ সলনি হ’ব? অতি শুকান চন্দ্ৰ মাটিত থকা খনিজ পদাৰ্থবোৰে উদ্ভিদৰ বৃদ্ধিৰ বাবে পানী আৰু পুষ্টি যোগান কৰিলে সেই মাটিবোৰৰ গুণগত পৰিৱৰ্তন কিবা আহি পৰিব নেকি বা তেনেধৰণৰ পৰিৱৰ্তন কিমান সম্ভৱ ইত্যাদি। এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ সমাধানৰ বাবে ভৱিষ্যতে অধ্যয়ন কৰা হ’ব।

ড০ সন্দিপন তালুকদাৰ

ড০ সন্দিপন তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd