• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

কংগ্ৰেছৰ এই পদক্ষেপ দুয়োখন ৰাজ্যতে অতি কৌশলগত বুলি বিবেচিত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 3, 2026 9:14 am
আৰাধনা মিশ্ৰ আৰু পাৰ্গত সিং। ফটোঃ সংগ্ৰহীত।

আৰাধনা মিশ্ৰ আৰু পাৰ্গত সিং। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। তৎপৰ হৈ উঠিছে কংগ্ৰেছ। প্ৰাদেশিক সংগঠনত ডাঙৰ আৰু আচৰিত ধৰণৰ সালসলনি কৰিছে কংগ্ৰেছে। অজয় ৰায়ক দলৰ উত্তৰ প্ৰদেশৰ ৰাজ্যিক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁৰ ঠাইত প্ৰতাপগড়ৰ ৰামপুৰ খাছ সমষ্টিৰ বিধায়িকা তথা এগৰাকী প্ৰবীণ নেত্ৰী আৰাধনা মিশ্ৰ ‘মোনা’ক মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, নিৰ্বাচনমুখী পঞ্জাৱতো দলৰ সভাপতি সলনি কৰা হৈছে। খৰ্গে আৰু ৰাহুল গান্ধীয়ে এজন জাট শিখ নেতাৰ সলনি আন এজন জাট শিখ নেতাক বাছি লৈছে। এই ৰাজ্যৰ নতুন কংগ্ৰেছ সভাপতি হৈছে জলন্ধৰ কেন্টনমেন্টৰ দীৰ্ঘদিনীয়া বিধায়ক তথা হকী কিংবদন্তি পাৰ্গত সিং।

কংগ্ৰেছৰ এই পদক্ষেপ দুয়োখন ৰাজ্যতে অতি কৌশলগত বুলি বিবেচিত হৈছে। উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰাধনা মিশ্ৰ ‘মোনা’ক দলৰ সভানেত্ৰী কৰি ৰাজ্যৰ মহিলা আৰু ব্ৰাহ্মণ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে।

Apply Now

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীৰ কন্যা আৰাধনা মিশ্ৰ বিধানসভাত দলৰ বলিষ্ঠ কণ্ঠ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা আৰু আগন্তুক ২০২৭ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শতিকা পুৰণি দলটোৱে এই যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছে।

আনহাতে, পঞ্জাৱত কংগ্ৰেছৰ ভিতৰৰ আভ্যন্তৰীণ সংঘাত তুংগত। অস্বস্তিকৰ অৱস্থা হাই কমাণ্ডৰ। যোৱা মাহত ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতাক সলনি কৰিছিল। ভূপেশ বাঘেলৰ ঠাইত শচীন পাইলট নিযুক্তি দিয়া হৈছিল।

ৰাজা ওৱাৰিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ নেতৃত্বত চলি থকা গোটটোৰ সংঘাতত বাঘেলে এটা পক্ষৰ প্ৰতি পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছত দলৰ ভিতৰত ‘নিৰপেক্ষ’ হিচাপে পৰিচিত পাৰ্গত সিঙক ৰাজ্যিক সংগঠনৰ দায়িত্ব দিয়া হ’ল।

মন কৰিবলগীয়া যে ১০ বছৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে পাৰ্গত সিং শিৰোমণি আকালি দলৰ সৈতে জড়িত আছিল। এই পদৰ বাবে জাট শিখ সম্প্ৰদায়ৰ আন কেইবাজনো নেতাৰ নামো চৰ্চাত আছিল, তাৰ ভিতৰত আছিল প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰান্ধাৱা, ৰানা কে পি সিং আৰু সুখৱিন্দৰ সিং সৰকাৰিয়া। অৱশ্যে পাৰ্গতে সকলোকে পিছ পেলাই নেতৃত্ব পালে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd