• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home যুৱ-কণ্ঠ

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

হৰ্ষবৰ্দ্ধন by হৰ্ষবৰ্দ্ধন
May 27, 2022 11:08 am
AHSEC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম উচ্চতৰ শিক্ষা সংসদৰ অধ্যক্ষগৰাকীৰ সিদ্ধান্তবোৰ দেখি আমি বিচূৰ্তি খাইছোঁ৷ কিমান অদূৰদৰ্শী হ’লে মানুহে ইমান নভবা নিচিন্তাকৈ এনেদৰে যিকোনো সিদ্ধান্ত ল’ব পাৰে? এইবোৰ দেখি দেখি এতিয়া এনেকুৱা লাগিছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পঢ়িবলৈ আহি জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলো।

এটা কেন্দ্ৰীয় শিক্ষাব্যৱস্থাৰ মাজেৰে কোনো কেৰোণ নোহোৱাকৈ শিক্ষা জীৱনৰ এছোৱা সময় পাৰ কৰি অহা আমাৰ দৰে ছাত্ৰ- ছাত্ৰীসকলে একমাত্ৰ নিজৰ সপোনৰ, আশাৰ কলেজখনত পঢ়াৰ স্বাৰ্থতে শিক্ষা সংসদৰ অধীনৰ বিদ্যালয়ত নাম লগাইছিলো। কিন্তু ইয়াতচোন চূড়ান্ত মৈমতালি! শিক্ষা সংসদ বৰ্তমান যেন ধ্বংসমুখী।

টিভিৰ বিভিন্ন আলোচনাত চি বি এছ ইৰ দৰে কেন্দ্ৰীয় শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিবলৈ শিক্ষা সংসদ সক্ষম বুলি কৈ থকা অধ্যক্ষগৰাকীয়ে কেতিয়াবা চি বি এছ ইৰ আৰ্হি গ্ৰহণ কৰিব পাৰিব নে? ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থা বুজিবলৈ চেষ্টা নকৰা, আমাৰ ভবিষ্যতৰ সৈতে হেতালি খেলা এইসকল শিক্ষাবিদ, বিষয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ?

চি বি এছ ই- এ একাদশ শ্ৰেণীৰ পৰীক্ষা সমাপ্ত কৰি বৰ্তমান দ্বাদশমানৰ শ্ৰেণী আৰম্ভ কৰিছে। তেনে সময়ত, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কেৱল পৰীক্ষাৰ বিষয়ে জাননীৰ পাছত জাননী জাৰী কৰিয়ে ক্ষান্ত আছে। আনকি এই জাননীবোৰো তেওঁলোকে শুদ্ধকৈ জাৰি কৰিব নোৱাৰে, বাৰে বাৰে কলমেৰে কাটি তাক শুদ্ধ কৰিবলগীয়া হয়।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ল’ৰা ছোৱালীয়ে পায় ৬-৭ মাহ। সেই চমু সময়তে এবছৰৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব লাগে। ইতিহাসৰ তিনিখন কিতাপ, ৰাজনীতি বিজ্ঞানৰ দুখন কিতাপ, সমাজতত্ত্বৰ দুখন কিতাপ, ইংৰাজীৰ দুখন কিতাপ, অৰ্থনীতিৰ দুখন কিতাপ (তদুপৰি ব্যৱহাৰিক বিষয়), ইংৰাজীৰ দুখন কিতাপ। কেৱল ৬-৭ মাহৰ ভিতৰত এইখিনি পঢ়িব লাগে। তদুপৰি এতিয়া প্ৰৱেশ পৰীক্ষাৰ বাবেও পঢ়িব লাগিব।

গতিকে যদি জুন মাহলৈকে একাদশ শ্ৰেণীৰ পৰীক্ষাই অনুষ্ঠিত কৰি থাকে, তেন্তে দ্বাদশমানৰ শ্ৰেণী কেতিয়া আৰম্ভ হ’ব? এই কথাবোৰ টিভিৰ আলোচনাত বহি ঘণ্টাৰ পাছত ঘণ্টা শিক্ষাব্যৱস্থাৰ ওপৰত বক্তৃতা দিয়া কোনো এজন শিক্ষাবিদ, শিক্ষক, বুদ্ধিজীৱী, লেখকে নক’লে। নক’লে নিজকে অসমৰ ছাত্ৰ- ছাত্ৰীৰ হৰ্তা- কৰ্তা সজোৱা আছুৰ বিষয়ববীয়াসকলেও।

এতিয়া আকৌ অধ্যক্ষগৰাকীয়ে ঘোষণা কৰিছে যে অহা বছৰ ফেব্ৰুৱাৰীৰ ১১ তাৰিখৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ এইবোৰ ল’ৰা ধেমালিৰ দৰে হোৱা নাইনে? কালি অধ্যক্ষগৰাকীৰ এটা সাক্ষাৎকাৰ চাই আছিলো। সাংবাদিকে সেই একেই প্ৰশ্নকে কৰিলে “ইমান কম সময়ত এবছৰীয়া পাঠ্যক্ৰম শেষ কৰিব পৰা যাব নে?

“তেখেতে অতি সাধাৰণভাৱে কৈ দিলে “এইবোৰ মই কি জানো! That’s not my concern. চি বি এছ ই-এ যদি পাতিব পাৰে, তেন্তে আমিও পাৰিম।”

কথাই কথাই শিক্ষা সংসদক চি বি এছ ইৰ সৈতে তুলনা কৰা, অন্য ব’ৰ্ডসমূহৰ বিষয়ে অধ্যয়ন নকৰা অধ্যক্ষগৰাকীক জনাই দিওঁ যে চি বি এছ ই-এ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব, কাৰণ তেওঁলোকে ৩০-৪০% পাঠ্যক্ৰম হ্ৰাস কৰিছে। কিন্তু শিক্ষা সংসদে সেইটো কৰা নাই।

নিজকে অসমৰ ছাত্ৰ ছাত্ৰীৰ হৰ্তা-কৰ্তা সজোৱা আছুৰ বিষয়ববীয়াসকলেও ছাত্ৰ ছাত্ৰীৰ মূল সমস্যাবোৰ সজোৰে শিক্ষা সংসদৰ আগত উপস্থাপন কৰিব নোৱাৰিলে। যদি ছাত্ৰ ছাত্ৰীৰ মূল সমস্যাবোৰ আপোনালোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব নোৱাৰে, তেন্তে আপোনালোকে ছাত্ৰ সমাজৰ প্ৰতিনিধিত্ব কৰে বুলি কিয় কয়?

কেৱল আন্দোলন কৰি, চৰকাৰৰ বিৰোধিতা কৰি দালালি কৰা খেলখন বাদ দিয়ক। আপোনালোকৰ মূল উদ্দেশ্য যদি ছাত্ৰ- ছাত্ৰীৰ কল্যাণ, তেন্তে সেই কথাবোৰত গুৰুত্ব আৰোপ কৰক। কি আছু, কি বুদ্ধিজীৱী, কি শিক্ষা সংসদ সকলোৱে এই কথাবোৰ মনত ৰখা উচিত। অন্যথা অসমৰ ছাত্ৰ সমাজে তেওঁলোকক সকিয়াই দিয়া উচিত যে তেওঁলোকৰ ভুলৰ শাস্তি ছাত্ৰ সমাজে কেতিয়াও ভোগ নকৰে৷

ইতিমধ্যে, আপোনালোকৰ বাবে যোৱাবছৰৰ ছাত্ৰছাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল৷ বহুতো বিকল্প প্ৰস্তাব কৰা হৈছিল৷ কিন্তু,একোৱেই নহ’ল৷ পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা কৈ নকৰিলে। এইবাৰ আমি বিচাৰোঁ হয় পৰীক্ষা বাতিল কৰি দ্বাদশ শ্ৰেণীৰ ক্লাছ আৰম্ভ কৰক, নহয় শিক্ষাবৰ্ষ পিছুৱাই দিয়ক।

 

লেখকৰ ফোন নম্বৰ: ৯৩৯৫০৬৮৩৬৭

হৰ্ষবৰ্দ্ধন

হৰ্ষবৰ্দ্ধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd