• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2022 7:20 pm
155
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চলচ্চিত্ৰ জগত এতিয়া মজি আছে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত। ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, হিনা খানৰ দৰে বহু ভাৰতীয় অভিনেত্ৰীয়ে ৰেড কাৰ্পেটত খোজ কাঢ়িছে। ঐশ্বৰ্য আৰু দীপিকাইতো তেওঁলোকৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰিছে।

কিন্তু ৰেড কাৰ্পেটত হলীউদৰ নায়ক লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ দৃষ্টি আকৰ্ষণ কৰিছে আন এগৰাকী ভাৰতীয় অভিনেত্ৰীয়ে। তেওঁ হৈছে উৰ্বশী ৰৌতেলা।

এই বছৰ উৰ্বশীয়ে প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। আৰু কানত আত্মপ্ৰকাশ কৰাৰ পিছতে জনপ্ৰিয় হলিউড অভিনেতা লিওনাৰ্ডোৰ পৰা প্ৰশংসা বুটলিছে উৰ্বশীয়ে। সঁচাকৈয়ে তেওঁৰ বাবে ৰোমাঞ্চকৰ অভিজ্ঞতা।

‘হেটষ্টৰী ফ’ৰ’, ‘পাগলপাণ্টি’ৰ নায়িকাগৰাকীয়ে যেন বিশ্বাসেই কৰিব পৰা নাই। তেওঁৰ বাবে এয়া যেন এক সপোনহে।

বলীউডৰ চলচ্চিত্ৰত বৰ বেছি দেখা নগ’লেও উৰ্বশীৰ অনুৰাগীৰ সংখ্যা কম নহয়। অভিনেত্ৰীগৰাকীয়ে এইবাৰ ‘ফৰেভাৰ ইয়ং’ৰ প্ৰদৰ্শনৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰিছে। আৰম্ভণিতে উৰ্বশীয়ে লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ দৰে অভিনেতাৰ পৰা প্ৰশংসা শুনি আনন্দত আত্মহাৰা হৈ পৰিছে।

উৰ্বশী ৰৌতেলাই কয়: “লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ মুখত প্ৰশংসা শুনি মই হতবাক হৈ পৰিছিলো। মই ইমান আৱেগিক হৈ পৰিছিলো যে আনন্দত মোৰ চকুপানী ওলাই আহিছিল। একে সময়তে মই লাজত ৰঙা পৰি গৈছিলো। “

প্ৰকৃততে ভাৰতীয় অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি ডি কেপ্ৰিঅ’ই কি কৈছিল?

উৰ্বশীৰ ভাষাত, “তেওঁ মোৰ প্ৰদৰ্শনক প্ৰশংসা কৰে। তেওঁ ক’লে, মই ভাল কাম কৰি আছো। পিছদিনা ৰাতিপুৱা উঠি মই নিজকে চিকুটি মাৰি চালো। মই সপোন দেখা নাইতো? যোৱা নিশা সঁচাকৈয়ে তেনেকুৱা কিবা ঘটিছিল নেকি? লিওনাৰ্ডোৰ প্ৰশংসাই মোক ভৱিষ্যতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।”

শুনিব পোৱা মতে উৰ্বশী ৰৌতেলাই শীঘ্ৰেই হলীউডৰ এক প্ৰকল্পত অভিনয় কৰিব। ছবিখন নেটফ্লিক্সৰ পৰ্দাত দেখা যাব। পশ্চিমৰ মনোৰঞ্জনৰ জগতত আত্মপ্ৰকাশ কৰাৰ আগতেই লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ প্ৰশংসা শুনিবলৈ পোৱাটো কম কথানে?

Recent News

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd