গুৱাহাটীত পুনৰ চলিব উচ্ছেদ অভিযান চলিব।
মহানগৰীত পদপথৰ দোকানৰ বিৰুদ্ধে পৌৰ নিগমে চলাব উচ্ছেদ অভিযান।
মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ বেলতলা, বশিষ্ঠ, পল্টনবজাৰ, ছয়মাইল, গণেশগুৰি, পানবজাৰকে ধৰি বিভিন্ন স্থানত থকা চাহ, সৰু ভাতৰ হোটেল, ফলমূলৰ বিপনী, শাক-পাচলিৰ বিপনী ইত্যাদিৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে উচ্ছেদ অভিযান চলাব।
বুধবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।
ইপিনে, উচ্ছেদ কৰাৰ প্ৰাকক্ষণত নিজে নিজে পদপথৰ ব্যৱসায়ীসকলে পদপথ খালী কৰিবলৈ মেয়ৰ শৰণীয়াই আহ্বান জনায়।
ইপিনে, পদ পথৰ ব্যৱসায়ী সকলক ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰিবলৈ শৰণীয়াই আহ্বান জনায়।
আনহাতে, জুন মাহৰ ভিতৰত ঘৰে ঘৰে পৌৰ নিগমে পানী লাভৰ প-পত্ৰ প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দি লগতে জুলাইৰ ভিতৰত পানী লাভ কৰিব বুলি উল্লেখ কৰে।
ইপিনে, মহানগৰীৰ কিছু অংশত লেতেৰা তথা অপৰিস্কাৰ পানী লাভ কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শৰণীয়াই কয় “তিনিটাকৈ প্ৰকল্পৰ দ্বাৰা গুৱাহাটীবাসীয়ে লাভ কৰি আছে খোৱা পানী। দুটা প্ৰকল্প ঠিকেই আছে, এটা প্ৰকল্প পুৰণি হোৱাৰ বাবে কিছু বেয়া পানী পাই আছে।“
বৰষুণ দি থকাৰ বাবেও পানী কিছু বেয়া হৈছে বুলি অদ্ভুত দাবী কৰি মেয়ৰ শৰণীয়াই দুই এদিনত ভাল পানী লাভ কৰিব বুলি সদৰী কৰে।