পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে আপত্তিজনক মন্তব্য কৰা বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপূৰ শৰ্মা আৰু দিল্লীৰ প্ৰচাৰ বিভাগৰ মুৰব্বী নবীন জিন্দালৰ বিৰুদ্ধে বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা লৈছে৷ তাৰ আগতে ধৰ্মীয় সহনশীলতাৰ বিষয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ বিবৃতি এটা প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছিল৷ এই বিবৃতিটোত কি কোৱা হৈছিল-
“ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰ্মকে সন্মান কৰে৷ কোনো ধৰ্মৰে ধৰ্মীয় ব্যক্তিক অপমান কৰাটো বিজেপিয়ে দৃঢ়তাৰে বিৰোধিতা কৰে৷ যি মতাদৰ্শই কোনো ধৰ্মীয় গোষ্ঠী বা ধৰ্মক হেয় জ্ঞান বা অপমান কৰে তেনে মতাদৰ্শক বিজেপিয়ে কঠোৰ ভাষাত গৰিহণা দিয়ে৷ বিজেপিয়ে এনে লোক আৰু মতাদৰ্শক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে৷ ভাৰতৰ সংবিধানে প্ৰত্যেককে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে৷ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতি আমি দৃঢ় প্ৰতিজ্ঞ, য’ত সকলো সমান আৰু সকলোৱে আত্মমৰ্যাদাসহ বাস কৰিব পাৰে, য’ত সকলোৱে ভাৰতৰ ঐক্য আৰু সংহতিৰ প্ৰতি দায়বদ্ধ আৰু য’ত সকলোৱে উন্নয়ন আৰু বিকাশৰ ফল সমানে উপভোগ কৰিব পাৰিব৷“
এইবোৰ কিমান ধুনীয়া কথা! এইবোৰ দেখোন আমাৰ বহুত্ববাদী ভাৰতীয় ঐতিহ্য আৰু ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট মূল্যবোধ আৰু প্ৰমূল্যৰ কথা৷ এইটো অহৰহ ধৰ্মীয় বিভাজনেৰে ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টিৰ বিবৃতি নে নে তেওঁলোকে সততে সমালোচনা কৰি থকা উদাৰ গণতন্ত্ৰী সকলৰ বিবৃতি? ভাৰতীয় জনতা পাৰ্টি ২০১৪চনত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পিছত আমি কি দেখিছোঁ? ভোটৰ ৰাজনীতিৰ বাবে সংখ্যাগুৰু সকলক তোষামোদ কৰিবলৈ অনবৰতে তেওঁলোকে ধৰ্মীয় সংখ্যালঘু সকলক তুচ্ছ তাচ্ছিল্য কৰি আহিছে ৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ধৰণে সংখ্যালঘু সকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে৷ তেওঁলোকৰ ওপৰত নিপীড়ন চলোৱা হৈছে৷ আমি প্ৰায়ে লক্ষ্য কৰিছোঁ বিজেপি শাসিত ৰাজ্যসমূহত হিন্দুত্ববাদী সংগঠনৰ লোকে বা উগ্ৰ হিন্দুত্ববাদী সকলে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক লপাথপা দিলে তেওঁলোকে যদি ন্যায় আৰু সুৰক্ষা বিচাৰি পুলিচৰ ওচৰলৈ যায় ওলোটাই পুলিচে সংখ্যালঘু সকলকহে জোৰজৱৰদস্তি আৰু হাৰাশাস্তি কৰে৷ সৌ সিদিনা উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সময়ত কোনে ৮০ % আৰু ৩০% ৰ কথা কৈছিল? তেন্তে ৰাতাৰাতি বিজেপি কেনেকৈ ইমান উদাৰ আৰু মুক্তমনা হ’ল?
আমাৰ এতিয়াও মনত আছে ২০১৫ চনত তিনিদিনীয়া ভ্ৰমণ সামৰি, সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, বৰাক ওবামাই ২৭ জানুৱাৰীৰ দিনা নতুন দিল্লীত কি কৈছিল৷ তেতিয়াই ভাৰতত দেখা দিয়া ধৰ্মীয় অসহিষ্ণুতাৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে “এতিয়া যদি মহাত্মা গান্ধী জীয়াই থাকিলহেঁতেন এইবোৰ দেখি শুনি তেওঁ হতচকিত হ’লহেঁতেন৷“ আমাৰ দেশলৈ আহি আমাৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ কথা কৈ ধৰ্মীয় সহনশীলতা আৰু সম বিশ্বাসৰ কথা তেওঁ আমাকে সোঁৱৰাই দিছিল৷ তাৰ পিছতো বিদেশত কত কিমান বুদ্ধিজীৱী আৰু ৰাজনীতিকে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ধৰ্মীয় সংখ্যালঘু, দলিত আৰু জনজাতীয় সকলৰ একাষৰীয়াকৰণৰ নিন্দা কৰিছে, সমালোচনা কৰিছে৷ যোৱা এক জুনৰ দিনা জাৰ্মানীৰ বিদায়ী ৰাষ্ট্ৰদূত ওৱাল্টাৰ জে লিন্দাৰে কি কৈ গ’ল? তেওঁ আমাৰ দেশৰ যাউতিযুগীয়া সহাৱস্থান, ধৰ্মীয় সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ ঐতিহ্যৰ কথা আমাক উনুকিয়াই থৈ নগ’লনে?
বিজেপিয়ে যে পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে অশোভনীয় মন্তব্য কৰাৰ কাৰণে তেওঁলোকৰ দুগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰক দলৰ পৰা বহিষ্কাৰ কৰিলে আৰু ধৰ্মীয় সহনশীলতাৰ বিষয়ে এনে উদাৰ সাংবিধানিক প্ৰমূল্যবোধক উৰ্দ্ধত তুলি ধৰা বিবৃতি দিছে তাৰ গুৰিকথা কিন্তু ক’ৰবাত৷ বিজেপি ৰাতিৰ ভিতৰতে এনে পৰমত সহিষ্ণু আৰু সহনশীল হৈ পৰা নাই৷ তেওঁলোকে বাধ্যত পৰিহে এনে সিদ্ধান্ত ল’ব লগা হৈছে৷ এনে বিবৃতি দিবলগীয়া হৈছে৷ আমি মন কৰা উচিত যে বিজেপিৰ মুখপাত্ৰৰ মন্তব্যই যে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলকে বিক্ষুব্ধ কৰিছে এনে নহয়, ই বিশ্বৰ অন্য দেশৰ মুছলমান সকলৰ ধৰ্ম বিশ্বাসকো আঘাত কৰিছে৷ বিশেষকৈ মধ্যপ্ৰাচ্যৰ উপসাগৰীয় অঞ্চলৰ মুছলিম ৰাষ্ট্ৰ সমূহত ইয়াৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই কথাটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে কুৱেইট, কাটাৰ আৰু ইৰাণৰ বিদেশ মন্ত্ৰালয়ে সেই সেই দেশৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰি তেওঁলোকৰ পৰা কৈফিয়ৎ বিচাৰিছে৷ বিজেপি মুখপাত্ৰৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ চৌদি আৰবেও অতি চোকা ভাষাত ইয়াৰ গৰিহণা দিছে৷ কাটাৰে এই ক্ষেত্ৰত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী কৰি কৈছে “এনে ইছলাম বিদ্বেষী মন্তব্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল’লে ই মানৱ অধিকাৰৰ প্ৰতি গুৰুতৰ ভাবুকি হৈ মুছলমান সকলৰ বিৰুদ্ধে অধিক গোড়ামিৰ সৃষ্টি কৰি তেওঁলোকক এফলীয়া কৰি পেলাব যিটোৱে ঘৃণা আৰু হিংসা চক্ৰৰ সৃষ্টি কৰিব৷“ চৌদি আৰবৰ বিদেশ মন্ত্ৰালয়েও অতি কাঢ়া ভাষাত বিজেপি মুখপাত্ৰৰ মন্তব্যৰ গৰিহণা দিছে৷ আৰৱ ৰাষ্ট্ৰ সমূহত থকা ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া সকলৰ সেই দেশ সমূহক বাৰে বাৰে কৈফিয়ৎ দি থৰকাছুটি নোহোৱা অৱস্থা হৈছে৷ ভাৰতৰ লগত থকা এই দেশসমূহৰ অৰ্থনৈতিক লেনদেনৰ বাবেই দেশসমূহৰ লগত ভাৰতৰ কূটনৈতিক সম্পৰ্ক সদ্ভাবপূৰ্ণ হোৱা দৰকাৰ৷ যোৱা ২০২০-২১ বৰ্ষত ভাৰত আৰু উপ-সাগৰীয় সহযোগিতা পৰিষদ(Gulf Cooperation Council)ৰ (য’ত ছখন আৰৱ ৰাষ্ট্ৰ জড়িত হৈ আছে )মাজৰ বাণিজ্যিক লেনদেন আছিল প্ৰায় $৮৭ মিলিয়ন ডলাৰ৷ এই দেশ সমূহত লাখ লাখ ভাৰতীয়ই কাম কৰে আৰু তেওঁলোকে প্ৰতি বছৰে কোটি কোটি টকা ভাৰতলৈ পঠিয়ায়৷ এই দেশবোৰৰ পৰাই ভাৰতে আটাইতকৈ বেছি ইন্ধন আমদানি কৰে৷ গতিকে ইছলাম বিৰোধী কৰ্মকাণ্ডৰ বাবে আৰব ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত হ’লে ভাৰতৰ অৰ্থনীতিৰ ওপৰত তাৰ যে বিৰূপ প্ৰভাৱ পৰিব সি নিশ্চিত৷ সেইবাবেই বিজেপি মুখপাত্ৰৰ মন্তব্যত আৰৱ ৰাষ্ট্ৰসমূহ জকি উঠা বাবে, ততাতৈয়াকৈ, বিজেপিয়ে নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে অনুশাসনমূলক মূলক ব্যৱস্থা ল’ব লগা হৈছে৷ ধৰ্মনিৰপেক্ষতা আৰু ভাৰতীয় সাংবিধানিক প্ৰমূল্যৰ কথা ইমান স্পষ্টকৈ ৰাজহুৱাকৈ দোহাৰি বিবৃতি দিবলৈ বাধ্য হৈ পৰিছে৷ অথচ এইবোৰ কথাকে ইমানদিনে ভাৰতৰ বিৰোধী ৰাজনৈতিক দল আৰু ধৰ্মনিৰপেক্ষ আৰু উদাৰ গণতান্ত্ৰিক লেখক, বুদ্ধিজীৱী সকলে চিঞৰি থাকোঁতে বিজেপিয়ে তালৈ কৰ্ণপাত কৰা নাছিল৷ এই চৰকাৰখনে বুজা উচিত যে পৰমত সহিষ্ণুতা, ধৰ্মীয় সহনশীলতা আৰু বহুত্ববাদী চৰিত্ৰ ভাৰতৰ মূল বৈশিষ্ট্য আৰু পৰম্পৰা৷ ইয়াক বৰ্তাই ৰখাটো আমাৰ সামাজিক শান্তিৰ বাবেই নহয়, দেশৰ অৰ্থনৈতিক স্থিৰতা আৰু সমৃদ্ধিৰ বাবেও অপৰিহাৰ্য্য৷ এই কথাটোকে, সৌসিদিনাখন বিশিষ্ট অৰ্থনীতিবিদ আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ মুৰব্বী ৰঘুৰাম ৰাজনে কৈছিল৷ তাকে নকৰি ভোটৰ স্বাৰ্থত কেৱল সংখ্যাগুৰু তোষণৰ ৰাজনীতি কৰিলে আমাৰ দেশৰ ঐক্য সংহতিয়ে যে বিপৰ্য্যস্ত হ’ব এনে নহয়, অৰ্থনীতিও অধঃপাতে যাব৷