• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাৰানসী ধাৰাবাহিক বিস্ফোৰণ: ৱালিউল্লাহৰ মৃত্যুদণ্ডৰ শাস্তিৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব জমিয়ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2022 7:04 am
2006 Varanasi blasts
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সোমবাৰে গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে ২০০৬ চনৰ বাৰানসী ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৱালিউল্লাহক মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰাৰ পাছত আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাবলৈ সাজু হৈছে জমিয়ত উলামা-ই-হিন্দ।

জমিয়ত উলামা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা আসাদ মাদানীয়ে কয় যে ২০০৬ চনৰ বাৰাণসী ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত ৱালিউল্লাহক প্ৰদান কৰা মৃত্যুদণ্ডক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব।

Apply Now

যোৱা দহ বছৰ ধৰি এই গোচৰত ৱালিউল্লাহক মুছলমান সংগঠন জমিয়ত উলামা-ই-হিন্দে আইনী সাহায্য প্ৰদান কৰি আহিছিল।

সাংবাদিকৰ আগত মৌলানা আসাদ মাদানীয়ে কয়, “আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ শীৰ্ষ আদালতত সম্পূৰ্ণ ন্যায় পাব। এনে বহুতো গোচৰ আছে য’ত নিম্ন আদালতে শাস্তি দিয়াৰ পাছত শীৰ্ষ ন্যায়ালয়ৰ কাষ চপা হৈছিল আৰু ন্যায়ালয়ে ন্যায় প্ৰদান কৰিছিল।”

তেওঁ লগতে কয় যে অক্ষৰধাম মন্দিৰ আক্ৰমণৰ গোচৰত নিম্ন আদালতে তিনিজন লোকক মৃত্যুদণ্ড আৰু চাৰিজনক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁলোকক নিৰ্দোষ সাব্যস্ত কৰিছিল আৰু আৰক্ষীক ভৰ্ৎসনা কৰিছিল।

জমিয়ত উলামা-ই-হিন্দে এই ক্ষেত্ৰত প্ৰয়োজনীয় আইনী সহায় আগবঢ়াইছিল। গতিকে ৱালিউল্লাহৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মাদানীয়ে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে সুদীৰ্ঘ ১৬ বছৰৰ পিছত ২০০৬ চনৰ বাৰানসীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক যোৱা সোমবাৰে গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে ফাঁচীৰ আদেশ প্ৰদান কৰিছিল।

২০০৬ চনৰ ৭ মাৰ্চত বাৰানসীৰ সংকট মোচন মন্দিৰ আৰু সেনা নিবাস ৰেল ষ্টেচনত হোৱা বিস্ফোৰণত ২৮ জন নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল।

সেই দিনটোত সন্ধিয়া ৬.১৫ বজাত সংকট মোচক মন্দিৰৰ ভিতৰত প্ৰথম বিস্ফোৰণ সংঘটিত হয়। ১৫ মিনিটৰ পিছতে বাৰানসী সেনানিবাস ৰেল ষ্টেচনৰ প্ৰথম শ্ৰেণীৰ বিশ্ৰাম কক্ষৰ বাহিৰত আন এটা বোমা বিস্ফোৰণ হয়।

একেদিনাই এখন আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিংৰ ৰেলিঙৰ ওচৰত আৰু দশশ্বমেধ ঘাটত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছিল।

বিস্ফোৰণৰ তদন্ত কৰি থকা বিশেষ টাস্ক ফ’ৰ্চে ২০০৬ চনৰ এপ্ৰিল মাহত ৱালিউল্লাহ এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰিছিল। লগতে টাস্ক ফ’ৰ্চে ৱালিউল্লাহ বাংলাদেশৰ এটা সন্ত্ৰাসবাদী গোট হৰকত-উল-জেহাদ আল ইছলামীৰ সৈতে জড়িত বুলিও দাবী কৰে।

২০০৬ চনৰ ৫ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত লক্ষ্ণৌৰ গোচাইনগঞ্জ অঞ্চলৰ পৰা এলাহাবাদৰ ফুলপুৰ গাঁৱৰ বাসিন্দা ৱালিউল্লাহক গ্ৰেপ্তাৰ কৰে।

বাৰানসীৰ অধিবক্তাসকলে ৱালিউল্লাহৰ হৈ গোচৰটোত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে গোচৰটো গাজিয়াবাদ জিলা ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰে।

ৱালিউল্লাহৰ লগতে এই বোমা বিস্ফোৰণৰ গোচৰত আন চাৰিজন অভিযুক্তকো তদন্তকাৰী দলটোৱে চিনাক্ত কৰিছিল। ইয়াৰে তিনিজন ক্ৰমে মুস্তাফিজ, জাকাৰিয়া আৰু ৱাছিৰ পলাতক অৱস্থাত থকাৰ বিপৰীতে মহম্মদ জুবেৰ নামৰ আন এজন অভিযুক্ত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd