• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহ বিচ্ছেদ

মালবিকা কলিতা by মালবিকা কলিতা
June 9, 2022 12:47 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এটা বিতৰ্কিত বিষয় আলোচনা কৰিব বিচাৰিছোঁ।ইয়াত মই লিখা প্ৰথম লেখাটো আছিল আমাৰ সমাজত বিধবা মহিলা সকলে ভুগিবলগা সমস্যাসমূহৰ বিষয়ে। সেই লেখাটোৰ পঢ়ুৱৈ এগৰাকীয়ে মতামত এটা দিছিল যে বৰ্তমান বিধবাসকলক বহু ক্ষেত্ৰত কিছু মান্যতা প্ৰদান কৰা হৈছেই, কিন্তু বিবাহ বিচ্ছেদিত মহিলাসকলৰ অৱস্থাহে অধিক শোচনীয়।প্রশ্নটো এয়া নহয় বিধবাসকলৰ তুলনাত বিবাহ বিচ্ছেদিত মহিলাৰ দুখ বেছি বা কম।

কিন্তু কথাটো হ’ল বিবাহ বিচ্ছেদ কৰা দূৰৰ কথা বিবাহ বিচ্ছেদৰ কথা আলোচনা কৰাটোও যেন অপৰাধ।বিবাহ বিচ্ছেদৰ কথা আহিলেই বহুতোৰে মনলৈ অহা প্ৰথম ধাৰণা হৈছে হয়তো এই সম্পৰ্কটোত জড়িত ব্যক্তি দুগৰাকীৰ ভিতৰত কোনোবা এগৰাকীৰ বিবাহ বহিৰ্ভূত প্ৰেম আছে আৰু এই ক্ষেত্ৰত সাধাৰণতে দোষাৰোপ কৰা হয় মহিলাগৰাকীক।

Apply Now

’ষ্টাৰ প্লাচ’ চেনেলত ধাৰাবাহিক এখন চাই আছোঁ, নাম অনুপমা।ধাৰাবাহিকখনৰ মূল চৰিত্ৰটো হৈছে এগৰাকী ভাৰতীয় বিবাহিত আদৰ্শ মহিলা। সেই মহিলাগৰাকী এগৰাকী সুখী মাতৃ, আদৰ্শ বোৱাৰী, আজ্ঞাবাহী পত্নী।জীৱনত তেওঁৰ এটাই লক্ষ্য, সেইটো হ’লো পৰিয়ালটোক সুখত ৰখা । সুখেৰে বিভূষিত অনুপমাৰ জীৱনত সকলো আছে, সন্তানৰ আব্দাৰ, শাহু- শহুৰ,স্বামীৰ মৰম সকলো। অভাৱ আছে যদি কেৱল এগৰাকী প্ৰকৃত জীৱনসংগীৰ অভাৱ, যিয়ে তেওঁক বুজে, তেওঁৰ অধিকাৰৰ, তেওঁৰ সুখ, দুখৰ কথা বুজি পায়।

জীৱনৰ প্ৰতিটো খোজতে অনুপমাই পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰা অপমান আৰু অৱমাননাৰ বাহিৰে আন একো পোৱা নাই। ঘৰৰপৰা কোনো ধৰণৰ সহায় পোৱা দূৰৰ কথা, প্ৰতিটো ক্ষেত্ৰতে বিধি- পথালি দি থকা স্বামী আৰু শাহুৱেকৰ ষড়যন্ত্ৰত তেওঁ জীৱনৰ প্ৰথম চাকৰিটো হেৰুৱাবলগীয়া হয়। কিন্তু অনুপমা সুখী। তেওঁৰ হাতৰ খাদ্য খাই, তেওঁৰ সেৱা গ্ৰহণ কৰি তৃপ্ত হোৱা স্বামী, শাহু- শহুৰ আৰু সন্তানৰ মুখলৈ চাই তেওঁ সুখ অনুভৱ কৰে ।যেন তেওঁ এক ভুৱা আদৰ্শ জগতৰ বাসিন্দা ।

অনুপমাৰ এই ভুৱা আদৰ্শৰ জগতৰ সপোন ভাগে সেইদিনা, যিদিনা তেওঁ তেওঁৰ স্বামীৰ সৈতে নিজৰ সহকৰ্মী তথা পাৰিবাৰিক বন্ধু কাব্যাৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি গম পায়। তেতিয়াই তেওঁ সিদ্ধান্ত লয় বিবাহ বিচ্ছেদৰ। লগে লগে ঘৰৰ প্ৰতিজন ব্যক্তিৰ বাবে আদৰ্শ বোৱাৰী অনুপমা হৈ পৰে খলনায়িকা।কিন্তু দৰ্শকে অনুপমাক ভাল পাবলৈ নেৰে।

অনুপমা এক কাল্পনিক টিভি চিৰিয়েলৰ চৰিত্ৰ বাবে দৰ্শকৰ সমৰ্থন লাভ কৰিছে৷ কিন্তু এবাৰ ভাবি চাওঁকচোন যদিহে অনুপমা আপোনাৰ,মোৰ ঘৰৰ কাষৰ কোনোবা এগৰাকী মহিলা হ’লহেতেঁন তেন্তে তেওঁৰ প্ৰতি আপোনাৰ ধাৰণা একেই থাকিলহেঁতেননে?

আমাৰ সমাজত সৰুৰেপৰা ল’ৰা-ছোৱালীক শিকোৱা হয় যে বিবাহ সাত জন্মৰ বন্ধন। বিয়া কেৱল এজন ব্যক্তিৰ লগত নহয়, এখন ঘৰৰ লগত হয়। গতিকে কিছু এৰা-ধৰা কৰিবই লাগিব।মহিলাসকল জন্মগতভাবেই সহনশীল হয়। গতিকে এৰা-ধৰা মহিলাগৰাকীয়ে অলপ বেছি কৰিবই লাগিব। যদিহে বিবাহ বন্ধনৰ ফলত কোনো সন্তান হয়, তেতিয়াতো কথাই নাই।যদিহে বিবাহ বিচ্ছেদ হয় তেন্তে সন্তানৰ কি হ’ব ইত্যাদি ইত্যাদি চিন্তাই এই ক্ষেত্ৰত প্রধান ভূমিকা লয়। মুঠতে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰাটো বৰ এটা ভাল বুলি ক’ব পৰা কথা নহয়েই। সেই কাৰণেই বহু সময়ত বহুতো মানুহে হাজাৰ নিৰ্যাতনৰ মুখামুখি হৈও ’জীয়া মৃতদেহ’ এটা হৈ বিবাহ বন্ধনত বন্দী হৈ থকা দেখা যায়।আশে পাশে চালে এনে বহুতো উদাহৰণ আমাৰ কাষতে দেখিম ৷য’ত বহু ছোৱালীয়ে সেই নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ দৰে সিদ্ধান্তও লৈ পেলায়।

বহুতো অধ্যয়নত প্ৰকাশ পাইছে যে বিবাহ বিচ্ছেদে সন্তানৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰে।বহু সময়ত তেওঁলোকে সম্পৰ্কৰ প্ৰতি, মানুহৰ প্ৰতি বিশ্বাসেই হেৰুৱাই পেলায়। সেই কাৰণেই বহুতো পিতৃ- মাতৃয়েই নিজৰ জীৱন বিষাক্ত হলেও সন্তানৰ ভবিষ্যতৰ কথা চিন্তা কৰি অশান্তি অসূয়াকে নিজৰ জীৱনৰ ভাগ্য বুলি গণ্য কৰি এটা মৃত সম্পৰ্ক চলাই লৈ যায়। কিন্তু কোনো এটা সম্পৰ্কত যদি দুজন ব্যক্তিৰ মাজত ইজনৰ আনজনৰ প্ৰতি সন্মান, ভালপোৱা অথবা বিশ্বাস নাথাকে, যদিহে সম্পৰ্কটো সদায় হাই কাজিয়া, মাৰপিট, অশান্তি অসূয়াৰে জৰ্জড়িত হয়, তেন্তে তেনে এটা সম্পৰ্ক চলাই নিয়াটো জানো সম্ভৱ? এনে সম্পৰ্ক আচলতে কোনো সম্পৰ্কই নহয়, ই এটা সম্পৰ্কৰ ’মৃতদেহ’ লেখীয়াহে। আৰু মৃতদেহ এটা সৎকাৰ নকৰি ৰাখি থৈ দিলে সি গেলি পচি পৰিবেশ বিনষ্ট কৰাৰ দৰে তেনে সম্পৰ্ক এটা চলাই থাকি গোটেই পৰিয়ালটোৰ পৰিবেশ বিনষ্ট কৰাৰ দৰেহে কথা হ’ব৷

লগতে সদায় হাই কাজিয়াৰ মাজত ডাঙৰ হোৱা সন্তানৰো ভৱিষ্যতৰ প্ৰতি ভাবুকি আহিব পাৰে৷ যদিহে বুজাবুজি আৰু আলোচনাৰ মাজেৰে দুয়ো পক্ষই পৃথককৈ থকাৰ সিদ্ধান্ত লৈ সন্তানৰ ভবিষ্যতৰ দায়িত্ব দুয়োৱে সঠিকভাৱে পালন কৰে, তেন্তে সন্তানৰ ওপৰত বিবাহ বিচ্ছেদৰ কুপ্ৰভাৱ হয়তো নপৰিব। গতিকে যদিহে কোনো এক সম্পৰ্ক বিষাক্ত সম্পৰ্কত পৰিণত হয়, তেন্তে…

       লেখিকা এগৰাকী নিবন্ধকাৰ

মালবিকা কলিতা

মালবিকা কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd