নৱ নিৰ্বাচিত ত্ৰিপুৰা চৰকাৰৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষি মহাবিদ্যালয়ক পূৰ্ণ পৰ্যায়ৰ চেন্ট্ৰেল কৃষি বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মঙলবাৰে আগৰতলাৰ চিভিল সচিবালয়ৰ সভাগৃহত কৃষি আৰু উদ্যান পালন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত এই বিষয়টো সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য মন্ত্ৰী দেৱে মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰা বিষয়টো সন্দৰ্ভত কৃষি মন্ত্ৰণালয়ৰ লগত আলোচনা কৰিবলৈ কৃষি বিভাগৰ প্ৰধান সচিবক আহ্বান জনায়।
মুখ্য মন্ত্ৰীয়ে উক্ত বিষয়টো সম্পৰ্কত কয় যে কৃষি আৰু ইয়াৰ আনুসংগিক দিশবোৰক অধিক মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইয়াৰ উপৰি উক্ত পৰ্যালোচনা সভাতে ৰাজ্যখনত স্থাপন হ’বলগীয়া চাৰিটা কৃষি বিজ্ঞান কেন্দ্ৰৰো স্থিতি সম্পৰ্কে বুজ লয় মুখ্য মন্ত্ৰীয়ে।
তেওঁ লগতে উক্ত কৃষি বিজ্ঞান কেন্দ্ৰ চাৰিটা আগন্তুক নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠিব বুলিও প্ৰকাশ কৰে।
উল্লেখ্য যে উক্ত পৰ্যালোচনা সভাতে মুখ্য মন্ত্ৰী দেৱে কৃষি আৰু উদ্যান পালনৰ বাবে ভূমিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ প্ৰসংগতো জোৰ দিয়া পৰিলক্ষিত হয়।
পৰ্যালোচনা সভাত মুখ্য সচিব সঞ্জীৱ ৰঞ্জন, কৃষি বিভাগৰ প্ৰধান সচিব য়ু ভেংকাটেছাৰলু, বিত্ত বিভাগৰ প্ৰধান সচিব এম নাগৰাজুৰ লগতে অন্যান্য গণ্য মান্য লোক উপস্থিত থাকে।