• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

মুম্বাইত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত বুধবাৰে জামনগৰত মুকেশ আম্বানীৰ সৈতে ভেনিজুৱেলাৰ তেল শোধন সন্দৰ্ভত আলোচনা কৰিব মার্কিন বিদেশ সচিবে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2026 8:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ শক্তি যোগান ব্যৱস্থাত আমেৰিকাৰ অধিক অংশগ্ৰহণ বিচাৰিছে মার্কিন বিদেশ সচিব মাৰ্কো ৰুবীঅ’ই। ২০ অক্টোবৰ, মঙলবাৰে ভাৰত ভ্ৰমণৰ প্ৰথম দিনা মুম্বাইত উপস্থিত হৈ ৰুবীঅ’ই লগতে জানিবলৈ দিয়ে যে ভাৰত আৰু আমেৰিকাৰ মাজত এক দ্বিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত আগবাঢ়িছে। অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণ আৰু অতিৰিক্ত ইন্ধন যোগান নিশ্চিত কৰিবলৈ ৱাশ্বিংটনে চেষ্টা চলাই থকাৰ সময়তে ৰুবীঅ’ই নিজৰ ভ্ৰমণসূচী সলনি কৰি গুজৰাটৰ জামনগৰত নিশাটো কটোৱাৰ সিদ্ধান্ত লৈছে। তাত তেওঁ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ শোধনাগাৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানীৰ সৈতে বৈঠকত মিলিত হ’ব।

 

Apply Now

বিগত মে’ মাহৰ ভ্ৰমণৰ পাঁচ মাহ পাছত মঙলবাৰে ভাৰতত উপস্থিত হোৱা ৰুবীঅ’ই এইবাৰ নতুন দিল্লীৰ সলনি মুম্বাইৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰে। প্ৰথম দিনা তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উপৰি জয়শংকৰ আৰু সংযুক্ত আৰব এমিৰেটছৰ উপ-প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেইখ আব্দুল্লা বিন জায়েদ আল নাহিয়ানৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰে। ইফালে, বুধবাৰে জামনগৰলৈ যোৱাৰ পূৰ্বে তেওঁ আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি আৰু টাটা গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰাৰ কথা আছে। উল্লেখ্য যে বিগত আগষ্ট মাহত আমেৰিকাৰ ন্যায় বিভাগে গৌতম আদানিৰ বিৰুদ্ধে থকা ফৌজদাৰী অভিযোগ প্ৰত্যাহাৰ কৰাৰ পাছত ট্ৰাম্প প্ৰশাসনৰ কোনো জ্যেষ্ঠ কেবিনেট বিষয়াৰ সৈতে এয়াই হ’ব উদ্যোগপতিগৰাকীৰ প্ৰথমখন বৈঠক।

 

বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে হোৱা বৈঠকতো শক্তি খণ্ডই বিশেষ স্থান লাভ কৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ৰুবীঅ’ই যুক্তি দৰ্শায় যে আমেৰিকাৰ সৈতে শক্তি বাণিজ্য বৃদ্ধি পালে ভাৰতে নিজৰ বিশাল ঘৰুৱা চাহিদা পূৰণ কৰাৰ লগতে যোগান শৃংখল বহুমুখী কৰাত সুবিধা লাভ কৰিব। ইয়াৰ উপৰি তেওঁ দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু অসামৰিক পাৰমাণৱিক সহযোগিতাৰ অগ্ৰগতিক আদৰণি জনাই ভাৰতক অধিক মার্কিন প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰিবলৈ আহ্বান জনায়। জাহাজ নিৰীক্ষণকাৰী সংস্থা ‘কেপলাৰ’ৰ তথ্য অনুসৰি, জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ পৰিমাণ দৈনিক ২.৫৭ নিযুত বেৰেলৰ পৰা ১.৮২ নিযুত বেৰেললৈ অৰ্থাৎ প্ৰায় ২৯ শতাংশ হ্ৰাস পাইছে। তথাপিও ছেপ্টেম্বৰ মাহত সমুদ্ৰপথেৰে অহা ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্ববৃহৎ ক্ৰেতা হিচাপে চীনক (দৈনিক ১.৪৯ নিযুত বেৰেল) অতিক্ৰম কৰি ভাৰত শীৰ্ষস্থানতে আছে। ৰুবীঅ’ই কয় যে শক্তিৰ উৎস বহুমুখী কৰাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও এই প্ৰক্ৰিয়াটো ৰাতিটোৰ ভিতৰতে সম্ভৱ নহয়।

 

উল্লেখযোগ্য যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা থকা ২০২৬ চনৰ ‘লিণ্ডছে অ’ গ্ৰাহাম ছ্যাংকশ্যনিং ৰাছিয়া এণ্ড ইৰাণ এক্ট’ৰ অধীনত থকা শাস্তিমূলক শুল্ক আৰু নিষেধাজ্ঞাৰ চৰ্তসমূহ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত কিছুদিন পূৰ্বে ৰেহাই দিছিল। ‘চি এন এন-নিউজ ১৮’ক দিয়া এক সাক্ষাৎকাৰত ৰুবীঅ’ই এই সিদ্ধান্তক সমৰ্থন জনাই কয় যে নিষেধাজ্ঞাৰ প্ৰভাৱ কেৱল ৰাছিয়াৰ ওপৰতে নহয়, ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰতো পৰে; সেয়েহে ইয়াত এক ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয়। ইফালে, মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ ট্ৰাম্প প্ৰশাসনে মস্কোৰ পৰা ডিজেল আমদানিৰ বাবেও এক বিশেষ বুজাবুজিত উপনীত হৈছে।

 

আনহাতে, জামনগৰ ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰুবীঅ’ই স্পষ্টকৈ কয় যে খাৰুৱা তেল শোধন কৰাৰ ক্ষমতা থকা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে ভেনিজুৱেলাৰ পৰা অধিক তেল শোধন কৰি মার্কিন স্বাৰ্থত সহযোগিতা আগবঢ়াব পাৰে নেকি, সেয়াপৰীক্ষা কৰাই এই যাত্ৰাৰ মূল উদ্দেশ্য। বিগত জানুৱাৰী মাহত মার্কিন সামৰিক অভিযানৰ জৰিয়তে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক ক্ষমতাচ্যুত কৰি আটক কৰাৰ পাছত ৰুবীঅ’ই ভেনিজুৱেলা সন্দৰ্ভত ৱাশ্বিংটনৰ মুখ্য বিষয়া হিচাপে দায়িত্ব পালন কৰি আছে। ইতিমধ্যে ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ ভাৰত ভ্ৰমণৰ কথাও ৰুবীঅ’ই নিজেই ঘোষণা কৰিছিল। পি টি আইৰ তথ্য অনুসৰি, ছেপ্টেম্বৰ মাহত ভেনিজুৱেলাই ভাৰতলৈ দৈনিক প্ৰায় ২,৫৭,০০০ বেৰেল খাৰুৱা তেল ৰপ্তানি কৰিছে। পশ্চিম এছিয়াৰ সংঘাত, হৰমুজ প্ৰণালীত সৃষ্টি হোৱা বাধা আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত গোলকীয় শক্তি বজাৰত সৃষ্টি হোৱা সংকটৰ সময়ত ভেনিজুৱেলাৰ তেলে কিছু তাৎক্ষণিক সকাহ দিব পাৰে বুলি ৰুবীঅ’ই মত পোষণ কৰে।

 

দ্বিপাক্ষিক বাণিজ্য চুক্তি সন্দৰ্ভত ৰুবীঅ’ই কয় যে কেৱল কিছুমান কাৰিকৰী দিশহে চূড়ান্ত হ’বলৈ বাকী আছে আৰু অহা কেইমাহমানৰ সলনি কেইসপ্তাহমানৰ ভিতৰতে ই সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ২০২৫ চনত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক (ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ২৫ শতাংশ জৰিমনা ধৰি) আৰোপ কৰিছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ আলোচনা স্থবিৰ হোৱা বুলি মন্তব্য কৰিছিল যদিও বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে চুক্তিৰ প্ৰথমটো অংশ চূড়ান্ত পৰ্যায়ত থকাৰ ইংগিত দিছে।

 

ইফালে, বাণিজ্য আৰু শক্তিৰ উপৰি চলিত বৰ্ষৰ শেষৰ ফালে মেনিলাত আছিয়ান সন্মিলনৰ সমান্তৰালকৈ ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত ‘কোৱাড’ৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব বুলিও ৰুবীঅ’ই নিশ্চিত কৰে। আনহাতে, মুম্বাইত মার্কিন কনছুলেটৰ এক অনুষ্ঠানত বৈদেশিক মন্ত্ৰী জয়শংকৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি দোহাৰি কয় যে ভাৰতে নিজৰ সহযোগী দেশসমূহৰ পৰাও সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ আশা কৰে। ইৰাণ যুদ্ধত মধ্যস্থতাকাৰী হিচাপে পাকিস্তানক ট্ৰাম্প প্ৰশাসনে কূটনৈতিক গুৰুত্ব দিয়াৰ সময়তে জয়শংকৰে এই মন্তব্য কৰে। অৱশ্যে ৰুবীঅ’ই পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্কক সমৰ্থন জনাই কয় যে পাৰমাণৱিক অস্ত্ৰধাৰী দেশ হিচাপে আৰু ভৌগোলিক অৱস্থানৰ বাবে পাকিস্তানৰ সৈতে সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়, যাৰ জৰিয়তে ভাৰত চিন্তিত হৈ থকা বিষয়সমূহ নিৰুৎসাহিত কৰাত ৱাশ্বিংটনে সহায় কৰিব পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd