• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Presidential Election 2022: কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? শাসক-বিৰোধীৰ মাজত অব্যাহত তৎপৰতা; চর্চাত কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 7:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? ইতিমধ্যে বিৰোধী পক্ষই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১৮ জুলাইত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। শাসক-বিৰোধী কোনো পক্ষই বৰ্তমানলৈকে কাকো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। কিন্তু বিৰোধী পক্ষৰ পৰা কেইবাজনো বৰ্ষীয়ান ৰাজনীতিবিদৰ নাম চৰ্চালৈ আহিছে।

কিন্তু নিজৰ মাজতে অনেক বিভাজন থকা এই বিৰোধী দলসমূহে  দেশৰ শীৰ্ষ পদটোৰ নিৰ্বাচনৰ বাবে একত্ৰিত হ’ব পাৰিবনে? 

অহা ২৫ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব। সেয়ে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব কোবিন্দৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিজনৰ নিৰ্বাচনী প্ৰক্ৰিয়া তথা ভোটগ্ৰহণ। ই হ’ব দেশৰ ১৬তম ৰাষ্ট্ৰপতি নিৰ্বাচন।

Apply Now

লগতে পঢ়ক: Adani-Sri Lanka row: ”আদানীক দেশত সোমাবলৈ দিয়া নহ’ব”-ভাৰতীয় পুজিপতিৰ বিৰুদ্ধে হুংকাৰ শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলক ১৫ৰ পৰা ২৯ জুনলৈকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াকে লৈ দেশৰ ৰাজনৈতিক মহল বৰ্তমান উত্তাল হৈ আছে। আৰম্ভ হৈছে শাসক-বিৰোধীৰ মাজত ন ন সমীকৰণৰ।

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ভাৰতীয় ৰাজনীতিৰ পিতামহস্বৰূপ শাৰদ পাৱাৰৰ নাম। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এনচিপিৰ মুৰব্বীজনক সমৰ্থন কৰিছিল। কিন্তু সোমবাৰে পাৱাৰে ইয়াক অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতি পদৰ বিৰোধী প্ৰাৰ্থী হিচাপে তেওঁ অৱতীৰ্ণ নহয় বুলি স্পষ্ট কৰি দিয়ে।

এইখিনিতে বৰ্তমান তীব্ৰ চৰ্চালৈ আহিছিল মমতা বেনাৰ্জীৰ নাম। কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি হ’ব বিচৰা নাই, বৰঞ্চ বিৰোধীৰ মাজত মমতাক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত অতি তৎপৰ হোৱা দেখা গৈছে। মমতাই বিচাৰিছে যে পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী অন্তত: বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আহক৷ তদুপৰি ৰাষ্ট্ৰপতি প্ৰাৰ্থীজন হওক সাধাৰণতে চৰ্চাত নথকা এগৰাকী ব্যক্তি৷

শেহতীয়াকৈ নতুন দিল্লীত ১৭টা বিৰোধী দলৰ এখনি বৈঠক হৈ যায়। বৈঠকখনতে মমতা বেনাৰ্জীয়ে জম্মু কাশ্মীৰৰ জ্যেষ্ঠ নেতা ফাৰুক আব্দুল্লা আৰু মহাত্মা গান্ধীৰ নাতি তথা পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীৰ নাম প্ৰস্তাৱ কৰিছে৷

লগতে পঢ়ক: Air pollution in India: বায়ু প্ৰদূষণৰ ফলত ৫ বছৰকৈ আয়ুস কমিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ!

তাৎপৰ্যপূৰ্ণভাৱে বৈঠকখনত তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহৰ নেতাসকলো উপস্থিত আছিল৷ সাধাৰণতে এই কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ স’তে মমতাৰ সম্পৰ্ক তিক্ত হিচাপে লক্ষ্য কৰি অহা হৈছে। আনহাতে, বৈঠকখনত কংগ্ৰেছ উপস্থিত থকাৰ বাবেই তাত আম আদমী পাৰ্টি, তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ উপস্থিত নাথাকিল।

বিৰোধী দলৰ দৰেই শাসকীয় পক্ষৰ মাজতো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। খবৰ অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং হ’ব পাৰে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি৷ আনহাতে, সূত্ৰ অনুসৰি, ৰাজনাথ সিঙক ৰাষ্ট্ৰপতি পদত অধিষ্ঠত কৰিবলৈ মোদী চৰকাৰে বিৰোধীক সৈমান কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাজনো বিৰোধী নেতাৰ স’তে চৰকাৰে কথা পাতিছে।

উল্লেখ্য যে বৰ্তমানৰ শাসকীয় এনডিএ চৰকাৰৰ ৪৪০ জন সাংসদ আছে। আনহাতে, বিৰোধী সাংসদ আছে ২১৬ জন। এই বিৰোধী দলসমূহৰ নিজৰ মাজতে অনেক বিভাজন আছে। বিৰোধী প্ৰক্ষেপিত ৰাষ্ট্ৰপতিজন বিজয়ী হ’বলৈ সকলো বিৰোধী দল একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন।

লগতে পঢ়ক:Supreme Court raps UP govt. ঘৰ ভাঙি প্ৰতিশোধ ল’ব নোৱাৰিব! যোগী চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

কিন্তু আম আদমী পাৰ্টি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ অথবা বাওঁপন্থী দলসমূহ- এই সকলো বিৰোধী শক্তি এই সময়ছোৱাত একলগ হ’ব পাৰিবনে? নে পুনৰ শাসকীয় পক্ষৰ সমৰ্থনপুষ্ট ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব? ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুবছৰ থকাৰ পূৰ্বে ই লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd