• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট! ছ’চিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ?

প্ৰত্যেক বছৰে ২০ জুনতেই কিয় ফেচবুকত ভাইৰেল হয় এই বিশেষ গৃহৰ ফটো?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 21, 2022 8:28 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি অৰ্থাৎ ৰাভা দিৱসৰ পূৰ্বে খুবেই চৰ্চিত হোৱা এটা প্ৰসংগ। ক্ষোভ উজাৰিয়েই হওঁক বা চৰকাৰক সমালোচনা কৰিয়েই হওঁক সকলোৰে এটাই কথা কলাগুৰুৰ তেজপুৰৰ বাসগৃহটো চৰকাৰে এতিয়ালৈকে সংৰক্ষণ কৰা নাই কিয়?

আনকি বিষ্ণুৰাভা কমিউনিষ্ট হোৱাৰ বাবেই চৰকাৰে তেজপুৰৰ ঘৰটো সংৰক্ষণ কৰা নাই নেকি বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

আন একাংশই সামাজিক মাধ্যমত উৱলি যোৱা তথা জৰাজীৰ্ণ বাসগৃহৰ ফটো সম্বলিত বিভিন্ন কথাৰে ক্ষোভ উজৰাও দেখিবলৈ পোৱা গৈছে।

Apply Now

 

কিন্তু ফেচবুকৰ ৱালে ৱালে বিয়পি পৰা গৃহটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হয় নে? প্ৰকৃততে ঘৰটো বিষ্ণুৰাভাৰ বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে নেকি?

এই সন্দৰ্ভত বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ এক ফেচবুক পোষ্টৰ পৰা পোহৰলৈ আহিছে যে বিষ্ণুৰাভাৰ বাসগৃহৰ দুৰৱস্থা বুলি প্ৰচাৰ চলাই থকা গৃহটো বিষ্ণুৰাভাৰ ককায়েকৰহে।

বিষ্ণুৰাভাৰ ককায়েক প্ৰয়াত গোলাপ ৰাভাৰহে সেই উৱলি যোৱা বাসগৃহতো। ফেচবুকত এক প্ৰতিক্ৰিয়াত এই কথা স্পষ্ট কৰিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই।

ফেচবুকত অন্য এক কমেন্ট লিখি “প্ৰত্যেক ২০ জুনত এনেকৈ স্পষ্টীকৰণ দিয়া হয় আৰু পিছৰ ২০জুনত একেটা কথাক লৈয়ে বিতৰ্ক হয়। আচৰিত। ৰাইজৰ শ্ৰদ্ধা আবেগক লৈ এনে খেল খেলাৰ বাবে তেওঁলোকক কি কম? ঘৰটো কাৰ পৰিয়ালৰ মানুহতকৈ তেওঁলোকেহে বেছি জনা হ’ল, সেইটোহে আচৰিত। সেই কথাষাৰ ১৯৭০চনৰ পৰাই কৈ থকা হৈছে। তাৰপিছতো এচামে নুশুনিলে আমাৰ কৰণীয় একো নাই। এই বিষয়ে মন্তব্য দিয়াৰ প্ৰয়োজন নাই বুলি ভাবো। “

ইপিনে, হেমৰাজ ৰাভাৰ পৰাই জানিব পৰা মতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা থাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহটোত। আৰু বিষ্ণুৰাভাৰ কোঠাতেই ৰাভাদেৱে ব্যৱহাৰ কৰা সকলো সামগ্ৰীসমূহ ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

“বিধায়কেচোন তেখেতৰ ঘৰটো ধুনীয়াকৈ মেৰামতি কৰি ৰাখিছে। সেই ঘৰটোলৈ যোৱা মানুহক সুধিলেই ওলাই পৰিব। এচাম আছে ৰাস্তাৰ পৰা সিটো ঘৰৰ ফটো তুলি পৰিয়ালৰ লোকক নুসুধি এইবোৰ কৰি থাকে। পৰিয়ালে খাব নোপোৱা হ’লে ৰাইজক খুজিব নহয়। থাকিব নোপোৱা হ’লে ৰাইজক জনাবই নহয় জানো?” ফেচবুক পোষ্টত হেমৰাজ ৰাভাই কমেন্ট কৰি এইদৰে কয়।

অৱশ্যে, বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ অন্য এক কথাত ক্ষোভ নথকা নহয়। কলাগুৰুৰ স্মৃতিত পূৰ্বে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে তেজপুৰৰ মাজমজিয়াত দিয়া দুই বিঘা মাটিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ হোৱাটো বিচাৰে পুত্ৰ হেমৰাজ ৰাভাই।

“তেনেক্ষেত্ৰত অসমৰ মন্ত্ৰী হিচাবে কলাগুৰুৰ পত্নী মোহিনী ৰাভাৰ অনুৰোধ ৰক্ষা কৰি তেজপুৰ চহৰৰ মাজ মজিয়াত তেজপুৰীয়া ৰাইজে দেখুৱাই দিয়া মাটি ডৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ সংস্কৃতি গৱেষণা কেন্দ্ৰৰ বাবে নামজাৰি কৰি দিয়াত বিশেষ উদ্যোগ লৈ দেখুৱাব বুলি আশা কৰিলোঁ। আৰু লগতে ঢাকাৰ বিষ্ণু ৰাভাই জন্ম গ্ৰহণ কৰা সেনাৰ ছাউনিটি বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত নামাকৰণ কৰাত বিশেষ উদ্যোগ লৈ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি আপোনালোকৰ লগতে আপোনালোকৰ সমৰ্থকসকলৰ থকা শ্ৰদ্ধাৰ উচিত চানেকি দাঙি ধৰিব বুলি আশা কৰিলোঁ।“ ফেচবুক পোষ্টৰ এটা অংশত হেমৰাজ ৰাভাই লিখি এইদৰে কয়।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd