দুপৰটেঙা হৈছে এবিধ ঔষধি গুণেৰে ভৰপূৰ উদ্ভিদ। দুপৰটেঙাৰ যথেষ্ট স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতা আছে। দুপৰটেঙা Carssulaceae পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। দুপৰটেঙাক ইংৰাজীত- ‘Bryophyllum’ আৰু হিন্দীত ‘Patharchanttam’ বুলি কোৱা হয়। দুপৰটেঙাৰ বৈজ্ঞানিক নাম হৈছে ‘Kalanchoe pinnata’।
দুপৰটেঙাৰ Anti-bacterial, Antiviral, Antimicrobial, Antifungal, Antihistamines আৰু Antiphylactic গুনাগুণ আছে। এই উদ্ভিদ ৰক্তচাপ, মূৰৰ বিষ, ফোঁহা আৰু ফুলা আদিৰ দৰে প্ৰায়ে বহুবোৰ ৰোগৰ বাবে ভাল। কাণ্ড আৰু পাতৰ পৰা তৈয়াৰ কৰা চাহ ঋতুস্ৰাৱ, হাপানিৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু চাইনাছৰ সমস্যাৰ লগতে শক্তিৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে।
মূত্ৰাশয় পৰিষ্কাৰ কৰিবলৈ আৰু অন্ত্ৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ পৰা পৰিত্ৰাণ পাবলৈও দুপৰ টেঙা খোৱা হয়।
দুপৰটেঙা হৈছে ওখ, থিয় আৰু প্ৰায় ১-২ মিটাৰ ওখ। দুপৰ টেঙা ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু উষ্ণ নাতিশীতোষ্ণ জলবায়ু এলেকাত ভালদৰে হয় আৰু সাধাৰণ মাটিতো ভালদৰে বৃদ্ধি হয়।
ইয়াৰ পাতবোৰ ৫-২৫ চেণ্টিমিটাৰ দীঘল আৰু ২-১২ চেণ্টিমিটাৰ বহল হয়। তলৰ অংশবোৰত সৰল পাত আৰু গাঁঠিৰ অংখবোৰত জটিল পাত থাকে, বিপৰীত আৰ্হিত ৬-৭ খিলা পাত থাকে।
এই পাতবোৰ ডিম্বাকৃতি আৰু ওপৰৰ ফালে বৃত্তাকাৰ হয়। ফুলবোৰ ইয়াৰ কাণ্ডবোৰৰ শীৰ্ষত শাখাযুক্ত গোটত ফুলে। ফুলবোৰৰ ৰং সেউজীয়া–হালধীয়া পৰা গুলপীয়া–ৰঙা।
পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে দুপৰ টেঙা(Kalanchoe pinnata) ক পাতে গজা(Bryophyllum) বুলিও কোৱা হয়। এই গছৰ পাত এখিলা পাত মাটিত পেলাই থলেই গছ গজি উঠে।
অতি সহজে গজা এইবিধ বনৌষধি সকলোৰে ঘৰত থকা উচিত। এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে দুপৰ টেঙা বোলা হয়।
পাতেগজা বা দুপৰ টেঙাৰ বহুতো ঔষধি গুণ আছে জানেনে? জানো আহক এনে কিছু ঔষধি গুণৰ বিষয়ে—
১.সপ্তাহত তিনিদিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয়। ইয়াক ৰান্ধি খোৱাৰ পৰিৱৰ্তে চাটনি কৰিও খাব পাৰিলে বিভিন্ন ৰোগ উপশম হয়। তদুপৰি প্ৰস্ৰাৱ বন্ধ হলে বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, হালধীয়া হলে দুপৰ টেঙাৰ পাত চাৰি-পাঁচটামান থেতেলিয়াই নাড়ীত লগাই থলে প্ৰস্ৰাৱ হয়।
২.বৃক্কৰ অসুখৰ বাবে ককালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। বৃক্কত পাথৰ হলে এই পাতৰ ৰস খালে পাথৰ ভাঙি প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ হয়। জণ্ডিচ ৰোগতো এই পাতৰ ৰস খালে বহুত উপকাৰ হয়।
৩.মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।
৪. কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে।
৫. পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ (strongury) ৰোগত দুপৰ টেঙা সুপথ্য।
৬.মুত্ৰাঘাত (Retention of urine) ৰোগত দুপৰ টেঙৰ পাত ৫/৬ খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়৷