• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অমৰনাথত ভয়াৱহ ডাৱৰ বিস্ফোৰণে প্ৰাণ ল’লে ১৫ জনৰ, ৪০ জনৰো অধিক লোক নিখোজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2022 6:24 am
Amarnath cloudburst
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ থকা জম্মু-কাশ্মীৰত আজি সংঘটিত হৈছে এক ভয়াৱহ ডাৱৰ বিস্ফোৰণ। উপত্যকাটোৰ অমৰনাথস্থিত পবিত্ৰ গুহা মন্দিৰৰ ওচৰত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

এই ভয়াৱহ দুৰ্যোগৰ ফলত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জনৰো অধিক লোক নিখোজ হৈ আছে বুলি জানিব পৰা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

ঘটনাৰ পাছতে আৰক্ষী আৰু অন্যান্য অসামৰিক প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ লগতে আন কেইবাটাও সংস্থাই এই উদ্ধাৰ অভিযানত যোগদান কৰিছে।

কিন্তু বেয়া বতৰ আৰু দুৰ্গম ভূখণ্ডৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হয় অভিযানকাৰী দলটো।

ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে জানিব পৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

ঘটনাসন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰি নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এক টুইট যোগে তেওঁ কয় যে উপ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে কথা পাতি তেওঁ পৰিস্থিতিৰ বুজ লৈছে। দুৰ্যোগত প্ৰভাৱিত লোকসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

Anguished by the cloud burst near Shree Amarnath cave. Condolences to the bereaved families. Spoke to @manojsinha_ Ji and took stock of the situation. Rescue and relief operations are underway. All possible assistance is being provided to the affected.

— Narendra Modi (@narendramodi) July 8, 2022

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনক ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

 

बाबा अमरनाथ जी की गुफा के पास बादल फटने से आयी फ्लैश फ्लड के संबंध में मैंने LG श्री @manojsinha_ जी से बात कर स्थिति की जानकारी ली है। NDRF, CRPF, BSF और स्थानीय प्रशासन बचाव कार्य में लगे हैं। लोगों की जान बचाना हमारी प्राथमिकता है। सभी श्रद्धालुओं की कुशलता की कामना करता हूँ।

— Amit Shah (@AmitShah) July 8, 2022

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, চমুকৈ আইটিবিপিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে বৰষুণৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে।

বিপদৰ সম্ভাৱনীয়তালৈ লক্ষ্য কৰি অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ সদৰি কৰে। অৱশ্যে যদি বতৰ স্বাভাৱিক হৈ পৰে, তেতিয়া শনিবাৰে যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা আইটিবিপি- ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সেনাৰ হেলিকপ্টাৰ সমূহ ব্যৱহাৰ কৰা হৈছে আৰু ইতিমধ্যে উদ্ধাৰ কৰা সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে বেয়া বতৰৰ বাবে অমৰনাথ যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। ক’ভিদৰ বাবে বিগত ২ বছৰৰ বিৰতিৰ পিছত যোৱা ৩০ জুনৰ পৰা অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd