• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 9, 2022 7:06 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি আমি যেন এক বিতৰ্কৰ ধুমুহাৰ মাজত বাস কৰোঁ।এই বিতৰ্কৰ ধুমুহাবোৰ কেনেকৈ সৃষ্টি হয়? কোনোবাই সৃষ্টি কৰে নে নিজে নিজে এইবোৰৰ সৃষ্টি হয়? আকৌ সময়ত কেনেকৈ এই বিতৰ্কবোৰ শাম কাটে? বিতৰ্কবোৰৰ কিবা উচিত সমাধান ওলায় নে? নে এটা সময়ত একোটাহঁত বিতৰ্কই মানুহক আমুৱায় আৰু তেওঁলোকে নতুন এটা বিতৰ্ক বিচাৰে? নে মানুহৰ মন এটা বিতৰ্কৰ পৰা আনফালে ঢাল খুৱাবলৈ নতুন এটা বিতৰ্ক সৃষ্টি কৰা হয়? কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে কেতিয়াবা স্বাভাৱিকতে একোটা বিতৰ্কৰ সৃষ্টি হয় নেকি? এই বিতৰ্ক বেছিদিন বৰ্তি থাকিলে কাৰোবাৰ বিপদ হ’ব পাৰে বুলি নতুন এক বিতৰ্কৰ সৃষ্টি কৰা হয় নেকি? এই বিতৰ্ক সৃষ্টিত ৰাজনীতিকৰ বা তেওঁলোকৰ বহতীয়া সংবাদপত্ৰ বা প্ৰচাৰ মাধ্যমৰ কিবা ভূমিকা আছে নেকি? এই যে মই ইমানবোৰ প্ৰশ্ন তুলিছোঁ -এই প্ৰশ্নবোৰতে কিবা উত্তৰ নিহিত আছে নেকি? এই আটাইবোৰ দৰকাৰী কথা।

আজি কিছুদিন আগতে, বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ দুৰ্নীতিৰ অভিযোগ আনিছিল। তেওঁলোকে এই অভিযোগবোৰৰ তদন্ত দাবী কৰিছিল৷ আনকি কোনোবা এটা দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুলিচ থানাত এজাহাৰ পৰ্যন্ত দিছিল৷ আজিকালি অৱশ্যে এনেকৈ এজাহাৰ দিয়াটো এটা দস্তুৰ হৈ পৰিছে৷ কাৰোবাৰ চিন্তা-চৰ্চা, মতাদৰ্শ মই ভাল নাপাওঁ৷ তেওঁ ক’ৰবাত কিবা এটা কৈছে, লগে লগে মই তেওঁৰ বিৰুদ্ধে পুলিচক এজাহাৰ এখন দি দিওঁ৷ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এতিয়া কিমানে এজাহাৰ দিছে! মই যদি চৰকাৰী পক্ষৰ মানুহ হওঁ, মোৰ এজাহাৰ মতে পুলিচে ব্যৱস্থা লৈ হাজাৰ কিলোমিটাৰ দূৰৰপৰা মানুহ এজনক ধৰি আনি তেওঁক পুলিচৰ জিম্মাত ৰাখিবও পাৰে৷ জিগনেছ মেৱানীৰ ক্ষেত্ৰত সেইটোৱেই হোৱা নাছিল জানো? কিন্তু মই যদি চৰকাৰৰ অপছন্দৰ মানুহ হওঁ, মোৰ এজাহাৰ পুলিচে নল’বও পাৰে৷ বা ল’লেও, সেইখন পেলাই থ’ব পাৰে৷

Apply Now

এইটো কেতিয়াও হ’ব নালাগে৷ এনে হোৱাটো অনুচিত।পুলিচৰ কোনো দলীয় আনুগত্য থাকিব নালাগে৷ আইনৰ শাসন,ভাৰতৰ সংবিধানৰ প্ৰতিহে পুলিচৰ আনুগত্য থাকিব লাগে৷ সেইটোৱেই পুলিচৰ আদৰ্শ,মতাদৰ্শ হোৱা উচিত।কোনোবাই কাৰোবাৰ বিৰুদ্ধে এজাহাৰ এখন দিলেই তেওঁলোকে অভিযুক্তজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব লাগিব বুলি কোনো কথা নাই৷ কোনখন এজাহাৰক পুলিচে গুৰুত্ব দিব, কোনখনক গুৰুত্ব নিদিব, সেই বিষয়ে স্পষ্ট আইনী নিৰ্দেশনা আছে৷ কোনো পক্ষপাতিত্ব নকৰাকৈ সেই নিৰ্দেশনা পালন কৰি পুলিচে নিজৰ কৰণীয় কৰিব লাগে। পৰিতাপৰ কথা যে আজিকালি পুলিচে সেইটো নকৰে।

কিয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগবোৰ উত্থাপন হৈছে? এই অভিযোগবোৰৰ কোনো বাস্তৱ ভিত্তি আছেনে নাই? কোনো কোনোৱে কয় এতিয়া হেনো চৰকাৰৰ প্ৰয়োজনীয় সকলো বস্তু মুখ্যমন্ত্ৰীৰ হাত থকা প্ৰতিষ্ঠানৰ পৰা আহে৷ চৰকাৰী ঠিকা-ঠুকলিও কেৱল মুখ্যমন্ত্ৰীৰ ওচৰৰ মানুহে পায়।এইবোৰ কথা কিমান সঁচা, কিমান মিছা আমি নাজানো। কিন্তু,এতিয়া এইবোৰ কথা চৰ্চা হৈ আছে। আজি কিছুদিন আগলৈ এইবোৰ কথা লৈ ৰাজপথ উত্তাল হৈ আছিল।চাৰিওফালে ধৰ্ণা, বিক্ষোভ হৈছিল। এতিয়া নতুন বিতৰ্কৰ ধুমুহাই এইবোৰ তল পেলাইছে।

মন্ত্ৰী,বিধায়ক,সাংসদ বা চৰকাৰী পদবীত থকা যি কোনো লোক কোনো লাভজনক কামত জড়িত হ’ব নোৱাৰে।এই সম্পৰ্কে আইন আছে। কিন্তু বাস্তৱত আমি কি দেখিছোঁ? মন্ত্ৰী, এম এল এ, আমোলাৰ লাভজনক কামৰ লগত সম্পৰ্ক আছে নে নাই? এইটো সকলোৱে জনা কথা যে নামত নহয়, বেনামত, পৰোক্ষ নহয়, অপৰোক্ষভাৱে এতিয়া বেছিভাগ মন্ত্ৰী,সাংসদ, বিধায়ক কিবা নহয় কিবা ব্যৱসায়িক লেনদেনৰ লগত জড়িত! নিজৰ নামত থাকিলেহে জগৰ লগাৰ কথা। কিন্তু নিজৰ স্বত্ব যদি আনৰ নামত থাকে আইনে কি কৰিব পাৰে! এতিয়া আমি দেখিছোঁ ৰাজনীতিক আৰু লাভজনক ব্যৱসায়ৰ মাজৰ সম্পৰ্কটো যেন চক্ৰাকাৰ; ঠিক কণী আৰু কুকুৰাৰ পোৱালীৰ সাঁথৰটোৰ দৰে। লাভজনক ব্যৱসায়ত জড়িত লোক সকলহে যেন এতিয়া ৰাজনীতিৰ কাৰণে আটাইতকৈ উপযুক্ত ব্যক্তি। আকৌ ৰাজনীতিকৰ সমৰ্থন নহ’লে ব্যৱসায় নচলে।

তেনে এটা পটভূমিতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ নিকট আত্মীয়ৰ বিৰুদ্ধে এই অভিযোগবোৰ উঠিছে।মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে এই অভিযোগবোৰ অস্বীকাৰ কৰিছে। আনকি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এনে অভিযোগ অনা কাৰো কাৰোৰ বিৰুদ্ধে তেওঁ মান হানিৰ গোচৰো তৰিছে। সেই বিষয়ে আমাৰ একো ক’বলগীয়া নাই। কিন্তু আমাৰ মূল প্ৰশ্নটো হ’ল প্ৰত্যক্ষ বা পৰোক্ষভাৱে আজিৰ সৰহ সংখ্যক ৰাজনীতিকৰ লগত লাভজনক ব্যৱসায়ৰ সম্পৰ্ক আছে নে নাই? নিৰ্বাচনত মনোনয়ন দাখিল কৰাৰ সময়ত আমি সদায় কিয় তেওঁলোকৰ সম্পত্তি জ্যামিত্তিক হাৰত বৃদ্ধি পোৱাৰ তথ্য দেখাপাওঁ?

 পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd