• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Sri Lanka Crisis: ২০ জুলাইত শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন; অস্থিৰতাৰ মাজতেই আৰম্ভ তৎপৰতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2022 10:06 am
196
VIEWS
Share on FacebookShare on Twitter

Sri Lanka to elect a new President অৰ্থনৈতিক সংকটত শ্ৰীলংকাৰ পৰিস্থিতি জুৰুলা হৈ পৰিছে। গণ বিক্ষোভৰ ফলত অগ্নিগৰ্ভ হৈ পৰিছে দেশখন। লণ্ডভণ্ড  কৰা হৈছে ৰাষ্ট্ৰপতিৰ বাসগৃহ। গোটেই ভৱনটো এতিয়াও প্ৰতিবাদকাৰীসকলৰ নিয়ন্ত্ৰণত আছে।

ইপিনে শ্ৰীলংকাৰ সংসদে ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। সোমবাৰে অধ্যক্ষ মহিন্দা ইয়াপা আবেৱৰ্ডনাই এইকথা জনায়। আবেৱৰ্ডনাই এক বিবৃতিত কয় যে শুকুৰবাৰে সংসদ পুনৰ আহ্বান কৰা হ’ব আৰু পাঁচ দিন পিছত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিবলৈ ভোটদান অনুষ্ঠিত হ’ব।

বিবৃতিটোত লগতে কোৱা হৈছে, “আজি অনুষ্ঠিত দলৰ নেতাসকলৰ বৈঠকত সন্মত হৈছে যে সংবিধান অনুসৰি নতুন সৰ্বদলীয় চৰকাৰ নিশ্চিত কৰাৰ বাবে এইটো অপৰিহাৰ্য। শাসকীয় দলটোৱে কৈছে যে সৰ্বদলীয় চৰকাৰ গঠনৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেবিনেটে পদত্যাগ কৰিবলৈ সাজু।”

শ্ৰীলংকা বৰ্তমান অৰ্থনৈতিক অস্থিৰতাৰ কবলত পৰিছে আৰু এয়া সাত দশকৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা।

যোৱা সপ্তাহৰ শেষত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত আক্ৰমণ চলায় আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ ব্যক্তিগত বাসগৃহত জুই লগাই দিয়ে। তেওঁ পলাই যাবলৈ বাধ্য হয় আৰু পিছত তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে। দেওবাৰে দুয়োজন নেতাৰ পদত্যাগৰ পিছত বিৰোধী দলসমূহে সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লয়।

বাতৰি অনুসৰি, শ্ৰীলংকাৰ মুখ্য বিৰোধী দল চামাগী জনা বালৱেগয়াই (SJB) সোমবাৰে সৰ্বসন্মতিক্ৰমে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিপদৰ বাবে তেওঁলোকৰ নেতা সাজিথ প্ৰেমদাসাক মনোনীত কৰাৰ সিদ্ধান্ত লয়।

আনহাতে, চামাগীয়ে কয় যে দলৰ সম্পাদক ৰঞ্জিত মাদুমা বান্দাৰাই প্ৰস্তাৱটো দাখিল কৰাৰ পিছত আবেলি অনুষ্ঠিত সংসদীয় গোটত দলৰ অধ্যক্ষ ফিল্ড মাৰ্শ্বেল শৰথ ফনসেকাই ইয়াৰ সমৰ্থন কৰিছে।

সংসদত SJB-ৰ প্ৰায় ৫০ জন সাংসদ আছে আৰু সংসদীয় ভোটত জয়ী হ’বলৈ তেওঁলোকক ১১৩ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd